"টেলিপেথি"
ৰাতিপুৱাৰ পৰা লগৰ এজনী বান্ধৱী লৈ মনত পৰি আছে । কিমান দিন হল কথা পতা নাই । ফোন তো লৈ নাম্বাৰ তো ওলাইছোঁ মাত্ৰ ,চাওঁ বান্ধৱী জনীৰ ফোন "ঐ পুৱাৰ পৰা তোৰ কথা মনত পৰি আছে " ...আচৰিত মোৰো দেখুন ,দেখিচ মনৰ মিলন ,হিয়াৰ তাড়না । উম আপোনাৰ মোৰ ভাষাত এইয়া মনৰ মিলন । এইয়া "টেলিপেথি 'বুলি কোৱা হয় ।
কি এই টেলিপেথি ? মানুহৰ মনৰ মগজুৰ শক্তি বহুত । আমি হেনো ইয়াৰ আধাও ব্যৱহাৰ নকৰো , মানুহৰ মনৰ অইন এটা শক্তি হৈছে "টেলিপেথি" । ফোন ত কথা পতাৰ দৰে মনেৰে কথা পতা তো হল টেলেপেথি ।
আমি যদি কোনোবা প্রিয়জনক খুব মনত কৰো ,কিবা কথা কব খোজো । তেতিয়া তীব্ৰ ইচ্ছা শক্তি য়ে সেই মানুহজনৰ মনত হেনো এটা বাৰ্তা প্ৰেৰন কৰে । আমিও অনুভব কৰো যে তেওঁ আমাক মনত কৰিছে ,কিবা কব খুজিছে । মনৰ বাৰ্তা বুলি কলেও ভুল নহব । এইয়া সম্ভৱ হয় এই টেলিপেথি ৰ জৰিয়তে । সহজ সৰল ভাষাত মনৰ টান বুলি আমি কও ।
ছিক্স চেন্স ৰ দৰে ইয়াৰো কোনো বৈজ্ঞানিক বাখ্যা নাই । 1924 চনত গিলবাৰ্ত মূৰেই নামৰ বৈজ্ঞানীক এগৰাকী য়ে টেলিপেথি ৰ ওপৰত 136 তা এক্সপেৰিমেণ্ট কৰিছিল যত 36% সফল হৈছিল । তেওঁৰ মতে টেলিপেথি ব্যক্তি বিশেষে বেলেগ হয় ।যমজ সন্তানৰ মাজত টেলেপেথি অধিক থাকে অৰ্থাৎ তেওঁ লোকে এজনে আনজনৰ মন সোনকালেই পঢ়ি পেলাব পাৰে ।
টেলিপেথি ইমান বেছি শক্তিশালী হব পাৰে যে কেতিয়াবা যাদু ৰ দৰে আমি কোনোবা আপোনজনৰ মাত বা ছয়া ময়া ৰূপ ও দেখিব পাই যাব পাৰো ..আচৰিত ন মানুহৰ মনৰ শক্তিবোৰ ? গৱেষণা মতে যাক আমি খুব ভাল পাওঁ ,তেওঁৰ লগত সহজতে মনেৰে বাৰ্তা পঠিয়াব পাৰি ।
ধ্যান বা মেদিটেচন কৰিলে মন শান্ত হৈ থাকে বাবে তেওঁলোকৰ টেলিপেথি শক্তিও শক্তিশালী হয় ।
নিজৰ মাজতেই আমি কিমান কি ৰহস্য পালি ৰাখিছোঁ ,মানসিক শক্তি ৰাখিছোঁ হয়তো আমি নিজেই নাজানো ।