আন্ধাৰ গলিটোৰ সৰু লেতেৰা ৰুমতো,ৰঙা ডিম লাইট , ৱালত নায়িকাৰ অৰ্ধনগ্ন ফটো .. ৱালত গুটকা খাই পিকাই যোৱা দাগ ।বাহিৰত উচ্চস্বৰত হিন্দী গান ....
কানদুখন ঢাকি ধৰিলে কৈয়লী য়ে.....
"কান্দি লাভ নাই তই.....মতাই তোক বিক্ৰী কৰি গৈছে তো...তে বিক্ৰী হব সাজু হ....কান্দি থকা কৈয়লীক কৈ উঠিল তাই ।
"কিমান কঠোৰ হৈ কথা কেইষাৰ কলো তাইক" ...কৰবাত কাজলৰ নিজৰ মুখ খন ভাঁহি উঠিল তাইৰ মাজত....সদায় ভাহি আহে, যেতিয়াই তাইৰ দৰে কোনো কাজলক এই অন্ধকুপত লৈ অনা হয়.....তাইৰ মনত পৰে ,পিছে সেইয়া ক্ষণিকৰ বাবে হে...
পুনৰাই ঘূৰি যাব লগা হয় তাইৰ বৰ্তমানৰ জীৱনলৈ ...
মুখত উগ্ৰ প্ৰসাধন লগাই ,গাত উগ্ৰ গোন্ধ ঢালি ,পেডেড ব্ৰা পিন্ধি ...নাভি উলিয়াই পুৰুষক আকৰ্ষণ কৰি বিচনালৈ অনাৰ তাইৰ জীৱনলৈ । সেই বাবু বোৰ ...ৰাতিৰ অন্ধকাৰত লুকাই আহে..
"শুন, কি আছিল তোৰ নাম?? কৈয়লী না? শুই যা ভাত খাই ,বেছি কন্দা কটা নকৰিবি তোৰেই বিপদ"
গুচি যোৱা কাজলৰ পিনে চাই আকৌ ফেঁকুৰি উঠিল কৈয়লী ,উঠি আহি খিড়িকীৰে চালে বাহিৰৰ সেই দুনীয়াখন যত তাই আজি বিকা গৈছে, গ্ৰাহক পুৰুষৰ ভীৰ ,বজৰুৱা হাঁহিত গাত বাগৰি পৰা তিৰোতাবোৰ,ভয়ত আকৌ তাইৰ হাত ভৰি ঠাণ্ডা হৈ গল " মা, বাবা...মা ,বাবা মোক লৈ যা ,মোৰ ভুল হল "
দৌৰি গৈ বন্ধ দৰ্জা খনত ভুকুয়াব ধৰিলে , "খোলক ,খোলক ..মোক যাব দিয়ক ,ভৰিত ধৰিছোঁ মোক যাব দিয়ক"
"এইদা কি নতুন মাল আনছে ....?? "বাহিৰত কাৰোবাৰ মাত শুনিল তাই । হে..টাটকা একদম...অশ্লীল হাঁহি পুৰুষৰ ।
"কৈলাসৰ মাল না?" চাল্লা চুৱৰৰ বাচ্চা !!!! টাটকা মাল গুলা কেমন কৈৰা আনে ৰে??
কৈলাস....কৈলাস...কৈলাস ...তাৰ নাম লৈছে সিহঁতে । আকৌ চিঞৰিলে তাই...এৰি দিয়ক মোক ।
"ঐ হাৰামজাদী , চিঞৰা বন্ধ কৰিবি নে নাই???
"আজি চাল্লী ...প্ৰথমবাৰ বাবে তোক মাফ কৰি দিছোঁ,গ্ৰাহকক খামুচ'??? এইটোৰ যদি মাত বন্ধ নহয় ,গেৰা...এইক নি ৰাস্তাৰ ওপৰত খুন্দি দিবি তিনিটা মতা মিলি ,লাইনত আহি যাব " আম্মাৰ মাত ....আম্মা ,যাৰ ইচাৰাত ইয়াত সব কাম চলে ।
"ৰব চোন আম্মা, ভয়তো খাবই ,প্ৰথম আজি,এনে কষ্ট নিদিব চোন,সৰু ছোৱালী তাই ,অলপ সময় দিয়ক" কাজলৰ মাত ।
"বুজাই দে, টকা দি কিনিছোঁ তাইক, টকা ঘূৰাই পাব লাগিবতো ,এইটো কাম তইয়ে কৰ "
দৰ্জাখন খুলি কাজল সুমাই আহিল "তোক চিঞৰ বাখৰ কৰিব মানা কৰিছিলোঁ নে নাই "
কাজলৰ বুকুত সুমাই কান্দোনত ভাগি পৰিল কৈয়লী....মোৰ বহুত ভয় লাগিছে দিদি ..ভয় লাগিছে...মই ভৰিত ধৰিছোঁ তোমাৰ ,মোক যাব দিয়া"
সৰু বগা মৰমলগা পাহাৰী ছোৱালী জনী...কাজলে মূৰত হাত ফুৰালে তাইৰ ।
"সি মোক ...সি মোক বিয়া পাতিছে দি ,বিয়া পাতিছে, মই তাক ভালপাই পলাই আহিছিলোঁ ,সি মোৰ ভালপোৱাক বিক্ৰী কৰি দিলে... মোক বিক্ৰী কৰি দিলে ।"
বিশ্বাসকৰা #পুৰুষ বোৰ যেতিয়া #কাপুৰুষ হৈ যায় ,#পলায়নবাদী হৈ পৰে... মিছাৰ আশ্ৰয়ত সম্পৰ্কবোৰৰ #ভালপোৱা মলীন কৰি দিয়ে...আমি মিছা মিছি ভালপোৱাক বদনাম কৰিলে কি হব??
ভালপোৱা বেয়া নহয়...বেয়া মানুহ বোৰ হে...সলনি ভালপোৱা নহয়, মানুহবোৰৰ মুখা বোৰ হয় ....তই মুখা খন চিনি নাপালি তাৰ....
ইয়াত যে দেখিছ ...গোটেই বোৰ ,সকলো বিক্ৰী যোৱা নাৰী এখন মুখাৰ চিকাৰ..প্ৰতাৰনাৰ চিকাৰ , ভোকৰ চিকাৰ ....এক আশ্ৰয়ৰ চিকাৰ ।
"তই যিমান সোনকালে বুজি উঠিবি ...সিমান তোৰ বাবে মংগল কৈয়লী "।
পাহাৰৰ দাঁতিৰ নিজৰা খনলৈ মনত পৰিল কৈয়লীৰ...কেনে ধুনীয়া হয় তই...লগৰবোৰে কৈছিল ,তোক কোনোবা ৰাজকুমাৰে নিব ৰাণী কৰি ....
উম...ৰাজকুমাৰ ...তাইৰ ৰাজকুমাৰ ,চহৰত কাম কৰা কৈলাস , গাঁওত আহিছিল বিয়া এখনত ,তাইৰ হাতত ধৰি নাচিছিল পাহাৰী নাচ …তাল বোৰ সি মিলাব পৰা নাছিল । তাই খিল খিলাই হাঁহিছিল …..সি হাতত ধৰি কৈছিল ,কালি আহিবা নে নিজৰাটোৰ কাষত ,কিছু শিকিম তোমাৰ পৰা ।
লাজতে তাই দৌৰি পলাইছিল তাৰ পৰা ।
"পাগলীৰ দৰে অকলে কি হাঁহি আছ নো"তাইৰ সৰল মাক জনীৰ প্ৰশ্নত তাই আকৌ হাঁহিছিল । ইমান ধুনীয়া কৈলাস ...তাই কাকো নকয় তাৰ কথা,ভয় লাগে ,কোনোবাই যদি কাঢ়ি নিয়ে ...উফফফ ।
নিজৰাৰ পাৰত তাই...কৈলাস আৰু নতুন ভালপোৱা বোৰ । কৈলাসে তাইৰ কোলাত মূৰ থৈ সুধিছিল "মই গুচি গলে তোমাৰ মা বাবাই যদি তোমাৰ বিয়া অইনৰ লগত পাতি দিয়ে..."
তাই কান্দি দিছিল ...তাইৰ চকু পানী বোৰ হাতত লৈছিল সি । "এই যে আজি কান্দিলা আৰু যাতে দেখা নাপাওঁ পানী বোৰ"
উহ!!!!! ইমান মৰম...ইমান ভালপোৱা ।
তাইৰ গলত লকেট এটা পিন্ধাই দিছিল সি...মোৰ মৰম এইখিনি ,সদায় ৰাখিবা ।
গলত খেপিয়াই চালে কৈয়লী য়ে লকেট তো । আছে এতিয়াও...একে টানে খুলি দলিয়াই দিলে "খটলং"
শব্দ শুনি ঘূৰি চালে কাজলে ....গলত বহা গ্ৰাহক বাবুৰ দাঁতৰ কামোৰত বৰ'প্লাচ লগাই আছিল।
"সি দিয়া আছিল নেকি?? তাই সুধিলে "
.....সি দিয়া মিছা মৰম আছিল ,প্ৰতাৰনাৰ মৰম....মৰম বোৰ ইমান মিছলীয়া আছিল ,সকলোৱে কয় সকলো কথাৰ কৃত্ৰিমতা হেনো ধৰা পৰে ,তেন্তে এই ভালপোৱাৰ অভিনয়ৰ কিয় নপৰে ??কিয় ....কিয় ...
যদি প্ৰথম চাৱনিতে প্ৰতাৰণা ধৰা পৰিল হেঁতেন..চকু বোৰৰ বহুত পানী ৰেহাই হল হেতেন অ ..কৈয়লী
কান্দি উঠিল কৈয়লী, তাইৰ হাতখন হাতত লৈ সুধিছিল সি" যাবি নে মোৰ লগত ? মোৰ কাৰেংত, ৰাণী বনাম তোক"
"মা, বাবা ..?"
"তোৰ জাতিৰ নহয় মই, কোনোদিন মানি নলব ঘৰৰ পৰা, গাঁওৰ পৰা, এবাৰ বিয়া হলে মানি যাব "
সাৱটি ধৰিছিল তাইক কৈলাসে " তোক মই বহুত ভাল পাওঁ, বল মোৰ লগত ...আজি ৰাতি মই ৰৈ থাকিম , তই আহিবি নে?"
গুচি আহিছিল কৈয়লী ..মনে মনে ,শুই থকা মা বাবাক এৰি ,কৈলাসৰ প্ৰেমৰ তুলাচনী খন যেন বেছি ভাৰী হৈ পৰিছিল ।
ট্ৰেইনত তাইৰ চকু পানী মচি আহিছিল সি ....উফ ইমান মৰম কৰে তাইক "তোক মই কেতিয়াও কান্দিব নিদিওঁ"
কৈলাস ..তাইক লৈ গৈছিল হোটেল এখন লৈ । সন্ধিয়া তাইৰ বাবে এখন ৰঙীণ শাৰী আৰু এটা সেন্দুৰৰ টেমা । শিৰ ভৰাই দিছিল তাইৰ এমুঠি সেন্দুৰ দি ......তাই কুৰুকি সুমাই গৈছিল তাৰ বুকুৰ মাজত । সেই তিনিটা দিন...মাত্ৰ এক মায়াৰ মাজত আছিল কৈয়লী, ইমান ডাঙৰ চহৰখনত তাৰ হাতত ধৰি ঘূৰি আচৰিত হৈছিল তাই । ইমান মানুহ ...বাপৰে ,ঘৰ কেতিয়া যাম কৈলাস?
"কৈয়লী, মোৰ মা বাবাই মনা নাই আমাৰ বিয়াখন" কেইদিন মান মোৰ পেহীৰ ঘৰত ৰাখিম তোক ।
তাইক লৈ আহিছিল সি ...এটা অদ্ভুত ঠেক গলীৰ মাজত ।
শকত ৰঙা শাৰী পিন্ধা মহিলা গৰাকীৰ ওচৰত আনি কৈছিল ,এওঁ মোৰ পেহী .....সেৱা কৰ । তাই ভৰি চুইছিল " ঐ কে আছ এইখানে , ভিতৰে নে "
দুজনী ছোৱালী আহি তাইক ভিতৰলৈ নিছিল । তাই ভয়ে ভয়ে কৈলাসলৈ চাইছিল । চকুৰে ইংগিত দিছিল সি ভিতৰত যাব ।
লেতেৰা ৰুমটোত অকলে বহি বহি টোপনি আহিছিল তাইৰ । হঠাৎ চকু মুখত পুৰুষৰ পৰশ ...কৈলাস??
এই খুল জলডি কাপোৰ ...চিঞৰি উঠিছিল তাই । কোন এইজন?
কৈলাস .…..চিঞৰিছিল তাই । পুৰুষ জনে তাইক হেঁচি ধৰিছিল । নিজক বচাব তাই আচুৰি দিছিল । তাইৰ গালত চৰ এটা বহাই … অশ্নীল মাত সেই মানুহ জনে দৰ্জা খন লাথ মাৰি খুলি ওলাই গৈছিল ।
আম্মাই ...চিঞৰিছিল "বাবু ৰব ,বাবু ৰব"
"কি আনি থৈছ ? চালা ...সাৰা মুদ খাৰাব ...."
বৈয়নী কৰিব দিছিলো ....আজিয়েই অহা মাল বাবু ।
কথা বোৰ শুনি ..বুজিও নুবুজি তাইৰ মূৰতো ঘূৰাব লৈছিল ।
তাই কত???কোন এই আম্মা...কোন এই মানুহটো ? কৈলাস কত..
শকত কলা মানুহ এজনে লাথি এডাল লৈ তাইৰ ৰুমত সোমাল । চাল্লী ৰেনদী ...গ্ৰাহক হল বাবু ,তই বাবুক মাৰিছ??
তেতিয়াই তাইক আহি বচাইছিল ৰাণীয়ে ।
বুজি উঠিছিল এক চৰম সত্য "তাইক বিক্ৰী কৰি থৈ গল কৈলাস..এটা দালালে "
" ভাত খা, দেহত বল সাঁচ ,দিনত কেইটা মতা উঠাব লাগে ঠিক নাই" ভাতৰ থালী খন আগবঢ়াই কাজলে কৈ উঠিল ।
"ইয়াৰ পৰা মই যাম "
"যাবি?"
ঐ ৰাণী, এই পিনে আহ ...
ভৰি এখন লেচেৰাই ছোৱালী এজনী সুমাই আহিল ...চাওঁ দেখাচোন এইক ,যাব খোজে তাই ? তোক কি কৰিছিল যাব খুজোঁতে.."
কাপোৰ দাঙি দিলে তাই ....
আঃহ.....তাইৰ ভৰিত গৰম লোৰ কি ভয়াবহ দাগ । চকু মুদি দিলে তাই ।
"কৈয়লী,এইও পলাব খুজিছিল ,এইৰ মাকে বিক্ৰী কৰি দিছিল এইক, খুৱাব টকা নাছিল ,১২ বছৰত তাইক এজন ৪০ বছৰৰ বুঢ়াৰ লগত বিয়া দিছিল ,বুঢ়াই আনি ইয়াত বহাই গল তাইক, মাহে টকা নিব আহে তাইৰ দেহৰ"
মৰমলগা চকুযুৰিৰ সৈতে ....কাজলজনীয়ে কৈ উঠিল ...
"চকু পানীবোৰ শুকাই যাব তোৰ ইয়াত "পলাইছিলোঁ মই..ৰাতিৰ অন্ধকাৰত ,দৌৰি দৌৰি যেতিয়া দুজন পুলিচ লগ পাইছিলোঁ,উশাহ লৈছিলোঁ..কান্দি কৈছিলোঁ,মোক বচাওক,বচাওক..
লৈ গৈছিল মোক সিহঁতি ৰুম এটালৈ ,পানী খাব দিছিল,তাৰ পিছত উৰে নিশা মোৰ হাত ভৰি বান্ধি ধৰ্ষণ কৰিছিল । ৰাতিপুৱা আম্মাৰ মানুহ আহিছিল,সিহঁতক চালাম দিছিল ,মোৰ লেবেজান দেহাটোৰ ওপৰত দিনটো পুনৰ এগাল পুৰুষৰ অকথ্য অত্যাচাৰ চলিছিল ,বুজি উঠিছিলোঁ জীৱন্তে নৰকত ভৰি দিলো মই "
এইয়া এক এনে অসহায় দুনীয়া ..যত চাৰিওপিনে চাচোন এবাৰ... কিমান মানুহ ,সকলো ঘূৰি আছে...কিন্ত তোক সহায় কৰিব এখনো হাত নাই, আছে যদি মাত্ৰ তোৰ দেহৰ লগত খেলি যাবলৈ । এই অসহায় দুনীয়াৰ আমি অসহায় নাৰী "
কান্দি থাকিল কৈয়লী ...ভুল তাইৰ...তাইৰ ভুল ...এই অন্ধকাৰ ৰাজ্যেৰ পৰা তাই ওলাব পাৰিবনে কেতিয়াবা বুজি উঠিল তাই...হয়তো নোৱাৰে ।
"ওলাই কৰিবি কি?? কোনে নিব তোক? ইয়াত থকা গম পালে তোৰ মা বাবা গাওঁৰ মানুহ কোনেও নিনিয়ে তোক ..এন জি অ আহিব ,তোক কনডম দিব,বুজাব এইডচ কি ,চাকৰি নিদিয়ে ,বিয়া নকৰে কোনেও । চিঞৰি থাক মোক বচোৱা বুলি...অকথ্য যৌন অত্যাচাৰ চলিব মুখ বন্ধ কৰিবলৈ । নেতা, পুলিচ,সমাজ সেৱী সকলো আমাৰ বিচনাৰ প্ৰেমত । কোনেও নবচাই এই নৰকৰ পৰা...মৃত্যুও সহজ নহয় ইয়াত..নহলে কোন নাৰীয়ে বিচাৰে এনে নৰকৰ জীৱন ??
কাজলৰ কথা খিনি শুনি থাকিল তাই ।
"ঐ কৈয়লী" কৈলাসৰ মাতত ঘূৰি চালে তাই,এইজন পুৰুষে তাইৰ জীৱন শেষ কৰি তাইৰ সম্মুখত থিয় দিছে আজি
" শুন ,তই ইয়াত থাকিব লাগিব, ইহঁতে যি কয় তাকে কৰিব লাগিব..নহলে তোক বচাব কোনো নাহে, ।
"আৰু শুন ,তই কন্দা কটা কৰি লাভ নাই, এইয়া মোৰ ব্যৱসায়, মই ছোৱালী আনো, বেচো..পেট পোহো ,এই মোৰ কাম"
শুনি গল কৈয়েলী য়ে তাৰ মুখৰ পিনে চাই থাকিল ....ঐ চাল্লা কুকুৰ .....কাজলে খেদি আহিল..তই গলি নে ইয়াৰ পৰা..সৰু ছোৱালীজনীৰ জীৱন শেষ কৰি...এতিয়া কি বুজাব আহিছ..
"বুজাব অহা নাই ,চিঞৰিব মানা কৰ এইক, শুব ক চুপ চাপ ,নহলে আম্মাই তাইৰ দাম কমাই দিব মোক"
কৈয়লী উঠি আহিল "তোক মই ক্ষমা কৰি দিছো যা"
"কাৰণ তোক বিশ্বাস কৰাটো তোৰ নহয় মোৰ সিদ্ধান্ত আছিল । গতিকে তোক দোষ দি কি হব মোৰ জীৱনৰ দুৰ্গতিৰ বাবে ।নিয়তিৰ ওপৰত এৰি দিছোঁ তোক । প্ৰাৰ্থনা কৰিবি যাতে মোৰ লগত আৰু দেখা নহয় তোৰ । কাৰণ মোৰ বহু প্ৰশ্নৰ উত্তৰ দিব পৰাৰ যোগ্যতা তোৰ নাই....ঘিন নকৰো তোক কাৰণ তই যে ইয়াৰো যোগ্য নহয় "
প্ৰচণ্ড জোৰে থু মাৰি দিলে তাৰ মুখত তাই "
থু খিনি মচি মচি দৌৰি ওলাই গল কৈলাস...
চাই থাকিল কাজল আৰু ৰাণী য়ে.... অইন এক নাৰীৰ মন,দেহ ,অন্তৰ...আজিৰ পৰা বিক্ৰীৰ বাবে সাজু হল ....বিক্ৰী দেহৰ,ধৰ্ষণ দেহৰ নহয়.... হয় নাৰীৰ অন্তৰাত্মাৰ ...এই #অন্ধকূপত ।
(কিছু সত্য ঘটনাৰ আলমত)