"ধাখমা"
আমাৰ শৰীৰ পঞ্চ ভূতৰ দ্বাৰা গঠিত জল, বায়ু ,মাটি ,পানী আৰু অগ্নি ।সেয়ে হে মৃত্যু ৰ পিছত শৰীৰতো সেই হিচাপেই বিলীন কৰি দিয়া হয় । সেয়েহে শৰীৰ হিন্দু ধৰ্ম মতে অগ্নি আৰু ইছলাম ধৰ্ম মতে মাটিৰ অধীন কৰি দিয়া হয় । কিন্ত আপুনি জানে নে ...পাৰ্ছী সকলৰ অন্তিম ক্ৰিয়াৰ কথা? জানক ..তেওঁ লোকৰ অদ্ভূত অন্তিম ক্ৰিয়া ৰ কথা ।
পাৰ্ছী সকলৰ মতে মাটি আৰু জুই খুব পবিত্ৰ আৰু মৃতদেহ অপবিত্ৰ । সেয়ে হে সেই দেহ না মাটি না অগ্নিক দিয়া যুক্তিকৰ । সেইহে মৃতদেহ সূৰ্যৰ তাপ আৰু চৰাইৰ পেটৰ ক্ষুধা নিবাৰণ কৰি বিলীন হব লাগে । আচৰিত হৈছে নে?
হয় এইয়া পাৰ্ছী সকলৰ 3000 বছৰ পুৰণা পৰম্পৰা । এইটো পৰম্পৰাক কোৱা হয় " Dokhmenishini " তেওঁ লোকে মৃতদেহ লৈ যায় ধাখমা( Dhakhma ) লৈ ,ইয়াক "Tower of Silence" বুলিও কোৱা হয় । তাত মৃতদেহ তো পেলাই থৈ অহা হয় । মুম্বাইৰ মালাবাৰ হিলচত অৱস্থিত এনে এক বৃহৎ "ধাখমা"
এই ধাখমা ত থাকে অগণন শগুন চৰাই । যিয়ে মৃতদেহ তো খায় আৰু অৱশিষ্ট খিনি পঁচি নোহোৱা হয় । অৰ্থাৎ বায়ুত বিলীন হয় । আচৰিত পৰম্পৰা নহয় নে?
কিন্ত সময়ৰ লগে লগে পাৰ্ছী সকলে নিজৰ এই পৰম্পৰা সলনি কৰিব আগবাঢ়িছে,বহুতে সলনি কৰিও আছে । কাৰণ হল শগুন ৰ সংখ্যা আগৰ নিচিনা নাই । আগতে মৃতদেহ ১৫ মিনিট ৰ ভিতৰত শগুনে খাই পেলাইছিল কিন্ত এতিয়া সেই শ পঁচি বহু দিনলৈ পৰি থাকে একমাত্ৰ শগুন ৰ সংখ্যা কম হোৱা বাবে । ১৯৯৬ চনত এগৰাকী মহিলাই ফটো তুলি আনি প্ৰচাৰ কৰিছিল যে আমাৰ প্রিয় মানুহ বোৰৰ দেহ ৰ অৱস্থা চাওঁক। যদিও সেইয়া বিতৰ্কিত আছিল ,সেই ফটো সমূহ দেখি সম্পূৰ্ন পাৰ্ছী সমাজ কপি গৈছিল ,কোনোবা তো আধা খোৱা,কোনোবা তো আধা পঁচা কোনোবা তো বেলুনৰ দৰে ফুলি উঠা ভয়ংকৰ । বহু আলোচনা বিলোচনা প্ৰতিবাদ হৈছিল । তাৰ পিছত বহু পাৰ্ছী লোকে শ পোতাৰ সিদ্ধান্ত লৈছিল ।
পাৰ্ছী সকলৰ সৰহ ভাগ মুম্বাই নিবাসী । ভাৰতীয় বায়ু পানী এতিয়া এওঁলোকৰ আপোন ।