Saturday, September 1, 2018

KM-04 : "খাজুৰাহো"

"খাজুৰাহো"


খাজুৰাহো ...নাম নিশ্চয় শুনিছে । হয় গোটেই বিশ্বত চৰ্চাৰ বিষয় এই খাজুৰাহো মন্দিৰ সমূহ । কাৰণ এই মন্দিৰ সমূহৰ বেৰত অংকিত আছে যৌন ভাস্কৰ্য । সেই বাবে ইয়াক "টেম্পল অফ লাভ" বুলিও কোৱা হয় ।

ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যেৰ ছত্ৰপুৰ জিলাৰ খাজুৰাহো চহৰত প্ৰাচীন হিন্দু আৰু জৈন মন্দিৰৰ সমষ্টিক্ষেত্ৰ ।অধিকাংশ খাজুৰাহো মন্দিৰ সমূহ ছন্দেলা ৰাজপুত শাসন কালত নিৰ্মান কৰা  হৈছিল । বুৰঞ্জী মতে ১২ শতিকাত ৮৫ তা মন্দিৰ আছিল । কিন্ত এতিয়া অকল ২৫ তা মন্দিৰ হে আছে । কোৱা হয় মোগলৰ শাসন চোৱাত বহু মন্দিৰ ভাঙি দিয়া হৈছিল । ১৮৩৮ চনত এগৰাকী ব্ৰিটিছ আৰ্মী ইঞ্জিনীয়াৰে এই মন্দিৰ সমূহ আবিষ্কাৰ কৰি বিশ্বৰ সমুখলৈ আনে ।

খাজুৰাহো মন্দিৰক ভাৰতৰ অন্যতম সুন্দৰ মন্দিৰ হিচাপে বিবেচনা কৰা হয় ।  শিপ্লকলা, কাৰুকাৰ্যৰ ফালৰ পৰা চাব গলেও অপূৰ্ব । প্ৰতিখন বেৰত দেৱতাৰ প্ৰেমৰ প্ৰতিকৃতি অংকন কৰা আছে ।

কোনো লিখিত ইতিহাস নাই বাবে এই মন্দিৰ বনোৱাৰ প্ৰকৃত ইতিহাস আৰু উদ্দেশ্য জনা ভালকৈ জনা নাযায় । এই লৈ নানা কাহিনী শুনা যায় ।কোৱা হয় এই মন্দিৰ সমূহত যোগ গুৰু আছিল আৰু সাধাৰন মানুহে যোগ শিক্ষা লৈছিল ।

এইও কোৱা হয় যৌন জ্ঞান দিবৰ বাবে "কামসূত্ৰৰ" বিষয়বোৰ ইয়াত প্রতীকি আকাৰত দেখুৱা হৈছিল ।
খাজুৰাহো ৰ লগত জড়িত থকা এটা  বিখ্যাত কাহিনী হল.....
বাৰানসী ৰ এক ব্ৰাহ্মন ৰ খুব সুন্দৰী পুত্ৰী আছিল । নাম আছিল  হেম্বতী । তেওঁ খুব কম বয়সতে বিধবা হয় । এদিন ৰাতি পুখুৰীত গা ধুব যাওঁতে চন্দ্ৰ দেৱতা তেওঁক দেখি প্ৰেমত পৰে আৰু মানুহৰ ৰূপ লৈ লগ ধৰে । দুয়ো দুয়োৰে প্ৰেমত পৰি মিলিত হয় । কিন্ত যেতিয়া চন্দ্ৰ ভগৱানৰ মোহ ভংগ হয় তেওঁ অনুতাপ কৰে, কিন্ত যোৱাৰ আগতে হেম্বতীক বৰ দিয়ে যে তেওঁৰ গৰ্ভ ৰ পৰা এক শক্তিশালী ৰজাৰ জন্ম হব । হেম্বতী গৃহ ত্যাগ কৰি খাজুৰাহো লৈ গুচি আহে । তেওঁৰ সন্তান চন্দ্ৰবৰ্মন খাজুৰাহো ৰ শাসক হয় আৰু মাকৰ ইচ্ছা ত এই ৮৫ তা মন্দিৰ নিৰ্মান কৰি এক বিশাল যজ্ঞ পাতে যাতে মাকে অজানিতে কৰা সেই ভুল ৰ পাপ মোচন হয় ।

সেইহে কোৱা হয় হেম্বতী আৰু চন্দ্ৰদেৱতাৰ যৌন মিলনক স্বৰ্গীয় বিবেচনা কৰি এই মন্দিৰৰ নিৰ্মান কৰা হৈছিল ।

সেই অতীততে সমাজত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা অনুভব কৰা হৈছিল । যিটো আজিৰ আধুনিক সমাজত এতিয়াও বিতৰ্ক ৰ বিষয় ।

No comments:

Post a Comment