"অঘৰী বাবা"
অঘৰী বাবা বা অঘোৰ ..মূৰত জঁটা,গাত নাম মাত্ৰ বস্ত্ৰ বা সম্পূৰ্ণ উলংগ, গাত শ্মশান ৰ ছাই , ভাং টানি ফুৰা এই সাধু সকল । সদায় ৰহস্যৰে আবৃত । এই ৰহস্যময় দুনীয়াৰ অন্য এক আচৰিত ৰহস্য ।
মা কামাখ্যা ৰ অম্বুবাসী মেলাত দেখা গৈছিল যোৱাবাৰ নেকি । এই বাৰ আহিল নে নাজানো । যিমান দূৰ মনত পৰে ফেচবুক ত তেওঁ লোকৰ ৰূপ লৈ নানা ঠাট্টা মস্কৰা ৰ আপডেট ও দিয়া হৈছিল । আচলতে দেখাত ভয়ংকৰ, সভ্য সমাজৰ পৰা দূৰত এই "অঘোৰ " সকল কি?
এও লোক হল এই সংসাৰৰ সৃষ্টি ৰ পৰাই থকা সংসাৰ ৰ মায়া মোহ ত্যাগ কৰি এক মায়াবী দুনীয়াত বিলীন হৈ থকা" সাধু "( Ascetic Shaiva Sadhus)
এওঁ লোকে ভগৱান শিৱ আৰু মহা কালী ৰ আৰাধনা কৰে । মৃত্যু ৰ দেৱী ৰূপ ৰ সাধক এওঁ লোক ।
এওঁ লোকৰ সাধনা ,এওঁ লোকৰ জীৱন শৈলী আমাৰ কল্পনাতীত ।
অঘোৰ হোৱা সকলৰ সংসাৰ ৰ মায়া মোহ নাথাকে, নাথাকে খং ৰাগ । নিজৰ মাজত এওঁ লোক বিলীন হৈ থাকে ,সমাজ এওঁ লোকৰ বাবে নহয় ।
সেই হে তেওঁলোকে জীৱন কটাই হিমালয় ৰ বৰফ ৰ গুহাত , পৰ্বতত , গুজৰাটৰ মৰুভূমি ত ,বেংগল ৰ ঘন জংগল আদি দুৰ্গম ঠাইত ।এনে ঠাইত যত আমি জীয়াই থকাৰ কল্পনাও কৰিব নোৱাৰো ।
এওঁ লোকৰ সাধনা খুব ভয়ংকৰ । খাদ্য হয় মানুহৰ ৰ আধা জলা শৰীৰ । মল মূত্ৰ আদি । পৰিত্যক্ত মৃতদেহ ও এওঁ লোকৰ খাদ্য হয় পৰে সময়ত । মানুহৰ লাও খোলাত লৈ হে খাদ্য খায় । সাধনাৰ নামত এই বোৰৰ উপৰিও এনে কিছুমান এওঁ লোকে কাৰ্য কৰে যে আমি শুনিবও টান পাম ।
প্ৰবাদ মতে প্ৰকৃত অঘোৰ সকলে জন্ম মৃত্যু ৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখিব পাৰে । মানুহৰ মুখ চাই মৃত্যুৰ সময় ৰ পৰা আৰম্ভ কৰি সকলো কব পৰে । বহু শক্তিৰ অধিকাৰী । এওঁ লোক দুখ শোক কষ্টৰ পৰা বহু দূৰত । আনকি দৈহিক কষ্ট পাব নোৱাৰা কৈ নিজৰ পঞ্চ ইন্দ্ৰীয় ৰ শক্তিও নিজৰ আয়ত্তত আনি লয় । ইয়ালৈকেও কোৱা হয় যে হিমালয়ৰ পৰ্বতত এনে কিছুমান অঘোৰ আছে যাৰ বয়স কিমান কোনেও নাজানে । 200 বছৰ লৈ জীয়াই থকা অঘোৰ ও আছে । কিন্ত এওঁ লোকৰ মায়াবী জগতত কি হয় ,হব পাৰে সেইয়া সা��
No comments:
Post a Comment