"বাৰ্মুদা ট্ৰেংগল"
নামটো চাগে সকলোৱেই শুনা । কি এই বাৰ্মুদা ট্ৰেংগল । কি এই ৰহস্য?
বাৰ্মুদা ট্ৰেংগল বা ডেভিল ট্ৰেংগল । নৰ্থ আটলাণ্টিক মহাসাগৰৰ পশ্চিম দিশে থকা এটা ত্রিকোন আকাৰ ৰ দ্বীপ । মীয়ামী চহৰৰ কাষত যত আজিলৈ অসংখ্য মানুহ, উৰাজাহাজ, পানী জাহাজ ৰহস্যজনক ভাবে নিৰুদ্ধেশ হৈছে আৰু আজিলৈ কোনোৱে এই অংশ টোত ভালদৰে যাব পৰা নাই । সেই হে আজিও ই এক ডাঙৰ সাঁথৰ ।
ইও এছ নেভী ৰ মতে এনে কোনো ঠাই নাই মেপত । কিন্ত এই বিশেষ সীমা ৰেখাৰ ভিতৰ সুমালেই কিয় নিৰুদ্ধেশ হয় তাৰো উত্তৰ নাই ।
এই দ্বীপ তোৰ বিষয়ে পোহৰলৈ ব্যক্তি জন আছিল ক্ৰিষ্টোফাৰ কলম্বোচ, তেওঁ লিখিছিল যে দ্বীপ তোৰ ওচৰ পোৱাৰ লগে লগে কম্পাছ কাম কৰা বন্ধ কৰি দিছিল আৰু আকাশত জুইৰ নিচিনা কিছুমান গোলাকৃতি ঘূৰি ফুৰিছিল ।
এই ঠাই খিনিৰ আশে পাশে কম্পাছ কাম কৰা বন্ধ কৰি ভুল দিশা দেখুৱা বাবে বহুত পানী জাহাজৰ সলীল সমাধি ঘটে তাত ।
১৯৪৫ চনত ১৪ জন সৈনিক পাঁচ খন নেভী ৰ প্লেন বিমিনী বোলা দ্বীপ এটা লৈ উৰা মাৰিছিল । তেওঁ লোকে সেই সীমাৰ কাষদি যোৱাৰ পিছত একো ৰেদিও চিগনেল নোপোৱা হল ,সেই কেইখন জাহাজ আজিলৈ পোৱা নগল । আনকি তিনি খন প্লেন তেওঁ লোকক বিচাৰিবলৈ পঠোৱা হৈছিল বাৰ্মুদা ৰ আশে পাশে ,সেই কেইখনো নোহোৱা হল ।
বহুত মানুহে যি ভাগ্যৰ বলত ওচৰ চাপি বাছি আহিছিল তেওঁলোকে বাৰ্মুদা ত এটা অদ্ভুত ধৰণৰ কুঁৱলী দেখিছিল । বহুতে সেইয়া টাইম ট্ৰেভেল টিউনেল বুলিও কব খোজে ,অৰ্থাৎ সময়ৰ যাত্ৰা কৰিব পাৰি ।পাইলত ব্ৰুচ গীৰন নামৰ ব্যক্তি জনে এই কুঁৱলী তোৰ ওচৰ পাওঁতে ২৮ মিনিট সময় নোহোৱা হৈ যোৱাৰ কথা কৈছিল ।
২০ শতিকাত ৩০০মানুহেৰে ভৰা এখন জাহাজ বাৰ্মুদা ট্ৰেংগল ৰ ওচৰৰ ৰ পৰা নোহোৱা হয় । কত গল এই জাহাজ ,এই ৩০০ জীৱন্ত মানুহ । আচৰিত ভাৱে আজিলৈ ইয়াত নোহোৱা হোৱা জাহাজ বোৰৰ অৱশিষ্ট অংশও পোৱা নাই ।
এনেকুৱা বহুত কাহিনী আছে এই দ্বীপ তো লৈ ।
বহুতে কব খোজে বাৰ্মুদাত ইউ এছ চৰকাৰৰ গোপন কিবা গৱেষণা চলে যুদ্ধ বিষয় লয় । গতিকে কাকো তালৈ যাব নিদিয়ে যদিও ইয়াৰ কোনো সত্যতা আজিলৈ পোৱা নাই ।
বহুতে কয় যে তাত এক ভয়ংকৰ ঘূৰ্ণি বতাহ চলে ,যত সকলো নোহোৱা হয় ।
বহুতে তাত ৰাক্ষসজাতীয় আৰু আন বিলুপ্ত প্ৰাণী বোৰ থকা বুলিও কয় ।সেয়েহে ডেভিল ট্ৰেংগল বুলি কোৱা হয় ।
কিছুমানে আনকি ডাঠি কব খোজে যে বাৰ্মুদা ট্ৰেংগল ত অইন গ্ৰহ ৰ জীৱ আছে অৰ্থাৎ এলিয়েন । কাৰণ বহুতেই এই দ্বীপ ৰ আশে পাশে ইও এফ অ (UFO)বা উৰন চাকী দেখা বুলি দাবী জনাইছিল ।
এতিয়ালৈ সম্পূৰ্ন কৈ জানিব পৰা হোৱা নাই আচলতে কি এই বাৰ্মুদা ট্ৰেংগল ? কি ৰহস্য এই ঠাইৰ?
No comments:
Post a Comment