Friday, June 14, 2019

KM-13 : "সতী দাহ প্ৰথা"

"সতী দাহ প্ৰথা"


সতী দাহ প্ৰথা ,কৰ পৰা আৰম্ভ হল ,কিহৰ পৰা আৰম্ভ হল কোনো সঠিক বাখ্যা নাই । আনকি হিন্দু ধৰ্ম ৰ কোনো বেদ বা ধৰ্ম পুথিত  কোৱা হোৱা নাই যে স্বামী ৰ মৃত্যুত চিতাৰ লগত স্ত্ৰীক জীৱন্তে জ্বলাই দিব লাগে । তেন্তে ইমান জঘন্য প্ৰথা ভাৰতীয় সমাজত আহিল কৰ পৰা ।
"সতী "শব্দ তোৰ অৰ্থ কি ? সতীৰ অৰ্থ হল এনেকুৱা এগৰাকী স্ত্ৰী যিয়ে নিজৰ স্বামীক বাদ দি অইন পুৰুষৰ কথা নাভাবে, পতিব্ৰতা । কিন্ত সময়ত এই শব্দ তো আত্মজাহ দিয়া নাৰীৰ লগত জড়িত কৰা হল ।
পুৰাণত "সতী "শব্দৰ উল্লেখ স্বামী শিৱক পিতৃ দক্ষ ৰ দ্বাৰা কৰা অপমান সহিব নোৱাৰি যজ্ঞ ৰ অগ্নিকুণ্ডত জাপ দিয়া "মা সতী" ৰ লগত কৰা হৈছে ।
মহাভাৰত ৰ যুগত পাণ্ডু ৰ দুই গৰাকী পত্নী কুন্তী আৰু মাদ্রি আছিল । ঋষি এজনে অভিশাপ দিছিল যে যদি তেওঁ কোনো স্ত্ৰীৰ লগত সম্বন্ধ ৰাখে তেন্তে মৃত্যু হব । সেই অভিশাপৰ বাবে মাদ্রি ৰ লগত সম্পৰ্ক ৰখাৰ বাবে পাণ্ডু ৰ মৃত্যু হৈছিল । মাদ্রি য়ে সেই ভুল ৰ বাবে আত্মগ্লানিত ভুগি পাণ্ডুৰ চিতাত আত্মদাহ দিছিল , তেওঁক সতী হোৱা বুলি মহাভাৰতত উল্লেখ আছে ।
দুয়োটা উল্লেখিত ঘটনাত পত্নী গৰাকী য়ে নিজ ইচ্ছাত সতী হৈছিল । কোনো সামাজিক নিয়ম নাছিল । হিন্দু ধৰ্মত আৰু তিনি গৰাকী সতীৰ কথা উল্লেখ আছে সতী সীতা, সতী অহল্যা,সতী অনুসয়া । কিন্ত স্বামী ৰ চিতাৰ লগত নিজক শেষ কৰি দিয়াৰ কথা তো উল্লেখ নাই
তেন্তে এই কু প্ৰথা ভাৰতীয় সমাজত সোমাল কৰ পৰা ।
মোগলে আক্ৰমণ কৰাৰ সময়ত কোনোবা ৰজা পৰাজিত হলে মোগলৰ হাতত অপদস্থ হোৱাৰ আগতেৰাণী সকলে একেলগে আত্মদাহ দিছিল,যাক "জৌহৰ"নামেৰে জনা হৈছিল । ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ ৰাজপুত সকলৰ মাজত এইয়া অধিক প্ৰচলিত আছিল ।
সময়ত এইয়ে সতী প্ৰথা ৰ ৰূপ লৈ বুলি কোৱা হয় ।
পুৰুষ মহিলাৰ মাজত থকা বয়সৰ ব্যৱধান ৰ বাবেও নাৰী সকল  কম বয়সতে স্বামী হাৰা হৈছিল ,কিন্ত প্ৰথাৰ নামত তেওঁ লোকক জীৱন্তে জ্বলাই দিয়া হৈছিল । মৃত পুৰুষ জনৰ সম্পত্তিৰ লোভ তো পত্নী গৰাকীক এই প্ৰথাৰ নামত হত্যা কৰা হৈছিল।
সমাজত নাৰী সকলৰ মনটো এইয়া বহাই দিয়া হৈছিল যে তেওঁ লোকৰ জীৱন কেৱল স্বামীৰ জীৱিত অৱস্থা লৈ হে ,সেয়ে হে সতী হোৱাটো তেওঁলোকে একপ্ৰকাৰ পূণ্য ৰ কাম বুলি মানি চলিছিল ।
জীৱন্তে জ্বলাই দিয়া নাৰী গৰাকীৰ চিঞৰে কাৰো হৃদয় গলাব পৰা নাছিল এটা সামাজিক কু প্ৰথাৰ আগত । চিতাৰ পৰা যাতে নামি আহিব নোৱাৰে সেইবাবে হেনো মৃতদেহ ৰ লগত বাঁহ এডালত বান্ধি খৰি জাপি দিয়া হৈছিল। আনকি কোনোবাই ভয়ত অমান্তি হলে জোৰ জবৰদস্তি চিতাত জাপি দিয়া হৈছিল  ।
সময়ৰ লগে লগে এই কুপ্ৰথা ৰ বিৰুদ্ধে মাত মতা সাহসী ব্যক্তি ওলাল ।১৬ শতিকাত হুমায়ুন আৰু পিছত আকবৰে এই প্ৰথাৰ বিৰুদ্ধে  আপত্তি কৰাৰ কথাও উল্লেখ আছে । কোনো নাৰীৰ ইচ্ছাৰ বিৰুদ্ধে সতী নকৰিবলৈ হুকুম দিয়া হৈছিল যদিও ফলপ্ৰসু হোৱা নাছিল । ব্ৰিটিছ আহি এই  নিৰ্মম প্ৰথা ৰোধ কৰাৰ চেষ্টা কৰিছিল । ৰাজা ৰামমোহন ৰায় ৰ প্ৰচেষ্টাত ৪ ডিচেম্বৰ ১৮২৯ত ভাৰতত সতী দাহ প্ৰথাৰ ওপৰত বেন লগোৱা হয় । কিন্ত এইয়া সহজ নাছিল । এই সামাজিক কু প্ৰথা ইমান দ কৈ শিপাইছিল যে এইয়া আমাৰ পৰম্পৰা বুলি বহুতেই বিৰোধ কৰিছিল । স্বামীৰ লগত নিজৰ জীৱন দিব নাপালে আমাৰ জীৱন মিছা বুলি নাৰী সকলেই প্ৰতিবাদ কৰিছিল । হয়তো শিক্ষাৰ অভাৱ আৰু সামাজিক বা ধাৰ্মিক কিছুমান নীতি নিয়ম ৰ ভয়ে এই ধাৰণাৰ সৃষ্টি কৰিছিল ।কিন্ত সময়ত এইয়া নিৰ্মূল হল যদিও ২১শতিকাতো ১৯৪৩ ৰ পৰা ১৯৮৭লৈ ভাৰতৰ কিছুমান পিছ পৰা অঞ্চলত ৩০ তা সতী দাহ ৰ ঘটনা পোৱা গৈছিল ।চুবুৰীয়া দেশ নেপালত ১৯২০ চনত সতী দাহ প্ৰথাৰ ওপৰত বেন লগোৱা হৈছিল ।
এটা অনুমান মতে ১৮১৫ ৰ পৰা ১৮১৮ লৈ বেংগল ত 839 জনী মহিলা সতী দাহ প্ৰথাৰ ভুক্তভোগী হৈছিল। ভাবি চাব ভয়াবহতা ।
সামাজিক কু প্ৰথা বোৰৰ বলি সদায় নাৰী য়ে হয় আহিছে, আনকি এই প্ৰথা বোৰৰ সপক্ষে  নাৰীৰ সমৰ্থনো মন কৰিব লগীয়া ।

No comments:

Post a Comment