আম্ৰপালী
নামটো নিশ্চয় শুনিছে , বৌদ্ধ ধৰ্মৰ লগত জড়িত । কোন এই আম্ৰপালী ? জানো আহক ..
যীচু জন্মৰ ৫০০ /৬০০ বছৰ আগৰ ঘটনা । ভাৰত বৰ্ষৰ এতিয়াৰ বিহাৰ তেতিয়াৰ বৈশালী ৰাজ্য ,আমৰ বাগিচাত শিশুৰ কান্দোন শুনি এহাল নিসন্তান দম্পত্তি আগবাঢ়ি গল দেখিলে আম গছ এজোপাৰ তলত পুতলাৰ নিচিনা এটি কন্যা শিশু । তেওঁলোকে তুলি আনিলে ,নাম থলে আম্ৰপালী ।
সময়ৰ লগে লগে অতীৱ সুন্দৰী হৈ পৰিল আম্ৰপালী । ইমান বেছি সুন্দৰী আছিল যে মাত্ৰ এবাৰ তেওঁক দেখাৰ বাবে গোটেই নগৰৰ সকলো পুৰুষ ব্যাকুল আছিল । অসামন্য সুন্দৰী পুত্ৰীক লৈ মাক দেউতাক চিন্তাত পৰিল ।
তেওঁৰ ৰূপৰ কথা গোটেই নগৰত চৰ্চিত বিষয় হৈ পৰিল । শুনা পালে সেই দেশৰ ৰজা মনুদেৱ য়ে । ইমান সুন্দৰী স্ত্ৰী তেওঁ কেনেকৈ এৰি দিব । ৰজাই বিচাৰি গল আম্ৰপালীক । বিধিৰ বিপাক সেইদিনাই ৰাতি তেওঁৰ বিবাহৰ যোগাৰ চলিছিল বাল্যপ্ৰেমিক পুষ্পকুমাৰ ৰ লগত । প্ৰবাদ মতে ৰজাই হত্যা কৰে পুষ্প কুমাৰক আৰু আম্ৰপালীক ৰাজসভালৈ লৈ আহে । তাত ৰাজসভাই নিৰ্ণয় লয় যে ইমান অতীৱ সুন্দৰী নাৰী মাত্ৰ এগৰাকী পুৰুষৰ হব নোৱাৰে । তেওঁ লোকে আম্ৰপালীক "নগৰ বধু" ৰূপে ঘোষণা কৰে অৰ্থাৎ বহু পুৰুষৰ ভোগ্য নাৰী । নগৰ ৰ উচ্চ শ্ৰেণী ৰ পুৰুষ সকলে তেওঁৰ লগত ৫০ সোণৰ মোহৰৰ বিনিময়ত শয্যাসংগী হব পাৰিব । তেওঁ ৰাজসভাত নৃত্য গীত পৰিবেশন কৰিব ।
কথা মতেই এটা ডাঙৰ ৰাজমহল আৰু ৰাণী এগৰাকীক দিয়া সকলো সা সুবিধা দিয়া হল আৰু আম্ৰপালী হল নগৰ বধু বা জনপদকল্যাণী ।এটা অধিকাৰ দিয়া হল তেওঁ সংগী নিজেই লব পৰা অধিকাৰ । কাৰো জোৰ নচলিব নগৰ বধু ৰ ওপৰত ।
যুগে যুগে নাৰী শোষিত ..লাগিলে যি নামেৰেই নহওক কিয় ।
সেই সময়ত আম্ৰপালীৰ ৰূপৰ কথা শুনি বলিয়া হয় বৈশালীৰ শত্ৰু দেশ মগধৰ ৰজা বিম্বীসাৰ । তেওঁ ছদ্মবেশ ধৰি তেওঁৰ মহল ত আহে । খুব ভাল গায়ক বিম্বীসাৰৰ প্ৰেমত পৰে আম্ৰপালী । সেই সময়ত মগধে বৈশালী ক আক্ৰমন কৰে । কিন্ত যেতিয়া আম্ৰপালী য়ে সেই কথা গম পায় বিম্বীসাৰৰ পৰিচয় পাই প্ৰেম প্ৰত্যাখ্যান কৰে আৰু বিবাহ কৰিব অমান্তি হয় । সেই সময়ত নিজৰ ৰাজ্যেৰ প্ৰেম বেছি গভীৰ হয় অম্ৰপালী ৰ বাবে । তেওঁ লোকৰ পুত্ৰ সন্তান এটি জন্ম হয় ,তেওঁৰ নাম আছিল বিমল কুদ্দন । যিয়ে পিছলৈ এজন বিখ্যাত বৌদ্ধ ভিক্ষু হয় ।
এই অতীৱ ৰূপৰ অধিকাৰী আম্ৰপালী এদিন এক বাৰিষাৰ দিনত মহল ৰ পৰা দেখে এক তৰুণ বৌদ্ধ ভিক্ষু ক । তেওঁ আকৃষ্ট হৈ পৰে তেওঁৰ প্ৰতি ।যত সংসাৰৰ ৰজা মহাৰাজাও মোৰ ৰূপৰ পৰা যৌৱন মোহৰ পৰা সাৰি নগল তাতে এই ভিক্ষু কি ? তেওঁ আমন্ত্ৰণ কৰে নিজৰ মহল ত থাকিব ।সেই তৰুণ ভিক্ষু ই ভগবান বুদ্ধ ৰ পৰা অনুমতি লয় তাত থকাৰ । বাৰিষাৰ কাল কটোৱাৰ পিছত সেই ভিক্ষু বুদ্ধ ৰ তাত উভতি যায় ,লগত যায় নগৰবধু আম্ৰপালী , কিন্ত সম্পূৰ্ণ বেলেগ ৰূপত । গৈয়ে তেওঁ বুদ্ধ ৰ ভৰিত পৰি কান্দে ...এই পাপী জীৱনৰ পৰা মুক্তি বিচাৰে,স্বীকাৰ কাঢ়ে যে এই তৰুণ ভিক্ষুক সকলো প্ৰকাৰে মোহিত কৰিব চেষ্টা কৰিও বিফল হয় ৰূপৰ অহংকাৰ চূৰ্ণ হয়,বুজি উঠে ৰূপ কামনা বাসনা দুদিনীয়া ,জীৱন নহয় ।
ভগৱান বুদ্ধ ই তেওঁক বৌদ্ধ ধৰ্মত দিক্ষীত কৰে আৰু এটা সময়ৰ অনেক পুৰুষৰ সংগী অপৰূপা আম্ৰপালী গোটেই জীৱন নিষ্ঠা সহকাৰে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰু মানব সেৱাত অতিবাহিত কৰে ।

No comments:
Post a Comment