#কিছু অবাস্তব
বাছখন দেৰিকৈ পালে গাঁও । সীমান্ত নামিল বাছ খনৰ পৰা , শীতল বতাহ এক জাকে কঁপাই দিলে তাক , দুই বছৰৰ মূৰত মামাকৰ গাঁওলৈ আহিছে সি । বেগটো পিঠিত উঠাই ললে সি ...খালি ৰাস্তাটোত একো নেদেখিলে , লাহে লাহে আগবাঢ়িল ।
"ছেহ...কিহে পাইছিল মোক খবৰ নিদিয়াকৈ আহিব ,মৰ এতিয়া খোজ কাঢ়ি ।"
"ভাইটি , যাবা নেকি" ...ওচৰতে টেম্প এখন হঠাৎ ৰল। চক খাই গল সি ...ঠাই হব নে? হব হব ..উঠা , ঠাহ খাই আছে মানুহেৰে ।
কোনোমতে বহিল সি । কাৰো মুখত একো মাত নাই ,সকলো তল মূৰ কৰি আছে ...সব বোধহয় ভাগৰুৱা । কলৈ যাব ...আঁহতৰ তললৈ ,সীমান্তই কলে ।
কোনোমতে বহিল সি । কাৰো মুখত একো মাত নাই ,সকলো তল মূৰ কৰি আছে ...সব বোধহয় ভাগৰুৱা । কলৈ যাব ...আঁহতৰ তললৈ ,সীমান্তই কলে ।
খুব ঠাণ্ডা অনুভৱ কৰিলে সীমান্তই । হঠাৎ সমুখৰ পৰা এখন বাইক খুব তীব্ৰ গতিত আহিল ,জোৰে ব্ৰেক মাৰি টেম্প খন ৰৈ গল " কি যে আৰু পাগল সব, খুন্দা লাগিলেই এতিয়াই ডাঙৰ এক্সিডেন্ট হল হেতেন" ...সব শেষ হৈ গল হেতেন , আমি বোৰ ,তুমি ...বাকী নাই অ ,সব শেষ হৈ গল "সীমান্তৰ ওচৰত থকা তিৰোতাগৰাকী য়ে কান্দি উঠিল ...লগতে বাকী মানুহ খিনি য়েও বিকট চিঞৰ দিলে । ঘূৰি চাই ...সীমান্তই মাত্ৰ দেখিলে গোটেই মানুহ খিনি ৰক্তাক্ত ,কাৰোবাৰ চকু কেইটা ওলাই আহিছে ,কাৰোবাৰ মূৰ ছিঙি গৈছে ..কটা হাত এখন উফৰি আহি তাৰ কোলাত পৰিল ...একো বুজি নাপালে সি ..ক্ৰমাৎ চকু দুটা মুদ খাই আহিল তাৰ ।
"অ বাবা, উঠ ..." মুখত পানী মাৰি থকা আইতাকৰ মাতত সি চকু মেলিলে । আশে পাশে ...অনেক চেহেৰা ।
কিয় খবৰ নিদিয়া কৈ আহিছিলি,মামাকে খং কৰিলে ।
" মামা, সেই এক্সিডেন্টটো"
"শুই থাক তই অ , কেই মাহ মান আগত সেইখিনি ঠাইত এক ভয়ংকৰ দুর্ঘটনা হৈছিল । হয়তো আত্মা খিনিয়ে মুক্তি পোৱা নাই ,প্রায় ৰাতি সেই ঘটনাতোৰ পুনৰাবৃত্তি হয় সেই একে খিনি ঠাইতে ,তই বেছি নাভাৱিবি "

সীমান্তৰ কাণত মাত্ৰ বাজি থাকিল সেই তিৰোতা গৰাকীৰ থুকা থুকি মাত " সব শেষ হৈ গল অ"
★★
হস্পিটেলত আই চি ইউৰ বাহিৰত বহি বহি বিৰক্তি লাগিল অনুভৰ , দেউতাক এডমিত হৈ আছে তাৰ । চিগাৰেট এটা টানিব মন গল ...কত টানে ।
ওলাই আহিল হস্পিটেলৰ পৰা সি ...ৰাতিৰ আন্ধাৰ । পিছপিনৰ ৰাস্তাতো দি আগবাঢ়িল ,অলপ দূৰত মাৰ্চাৰী খন । সেইখিনি ঠাইত কোনো নাহে সহজতে ,তাতেই চিগাৰেট এটা উলিয়াই ললে সি ..." অ মা ,মা ,উহ উহ" কাৰোবাৰ উচুপি কন্দা শব্দ ।
কোন ..কোন নো? জোপোহাখিনিৰ আৰত কোনোবাই কান্দি আছে । আগবাঢ়ি গল সি ...গুলপীয়া চুৰিদাৰ পিন্ধা ছোৱালী এজনী ,উচুপি আছে ।
কোন ..কোন নো? জোপোহাখিনিৰ আৰত কোনোবাই কান্দি আছে । আগবাঢ়ি গল সি ...গুলপীয়া চুৰিদাৰ পিন্ধা ছোৱালী এজনী ,উচুপি আছে ।
ভন্টি ..কি হল? কিয় কান্দিছা ? কোনোবা এডমিত আছে নেকি ?
মূৰতো তুলি চালে ..তাই । টনা টনা চকু এযোৰৰে, গালত কলা উজ্জ্বল তিল এটাৰে মৰমলগা ছোৱালী এজনী ।
"দাদা, মোৰ কথা কোনেও নুশুনে, কোনো ডাক্তৰে"
কি কথা? কোৱাচোন ...মই হেল্প কৰিম তোমাক ।
চিলাই কেইটা ইমান ডাঙৰ ডাঙৰ কে মাৰিছে মূৰত ,মই চিঞৰি থাকিলো ,নামাৰিব ,মোৰ মায়ে দেখিলে দুখ পাব ,সিহঁতে শুনাই নাপালে "
কাৰ মূৰত ভন্টি ...?
"মোৰ মূৰত দাদা, পোষ্টমৰ্টেম কৰোতে,চাওক সেইপিনে ,কওক না, ভালকৈ দিব চিলাই কেইটা"
ঘূৰি চালে অনুভে ,ঠাণ্ডা পৰি গল সি ...দুটা ৱাৰ্ড বয় য়ে এটা ডেডবডী উলিয়াই আনিছে ,সেই টনা টনা চকু দুটা শুই আছে সেই খনত,মূৰত পোষ্টমৰ্টেমৰ ডাঙৰ চিলাই ...

নতুন ফ্লেটটোত আহি সীমাই বৰ ভাল পালে ..বিশেষঃ কৈ ডাঙৰ বাৰাণ্ডাখন । বৰষুণ তাই খুব ভাল পায় । বাৰাণ্ডাত বহি তাই খুব ভাল পায় ।
দিনটো থান থিত লগালে ঘৰটো ।ভাগৰ লাগিল তাইৰ, ৰাতি সোনকালে শুব আজি ,ৰাজক অফিচৰ পৰা আহোঁতে কিবা এটা পেকিং কৰি আনিব কলে ফোনত । ৰাজ লৈ অপেক্ষা কৰি কৰি তাই চফা খনতে বাগৰি কেতিয়া টোপনি আহিল কব নোৱাৰিলে ...
"আনটি " কাৰোবাৰ মাতত তাইৰ টোপনি ভাঙিল । চকু মেলি চাই সৰু মৰম লগা ছোৱালী এজনী দেখিলে ...কাৰ ছোৱালী? দৰ্জা খন মৰা নাছিল নেকি তাই ..ওচৰৰ ফ্লেটত বোধয় " কোন মা, তুমি"
" আনটি "প্লিজ মাক বচোৱা। হা..কি হল তোমাৰ মাৰ?
চোৱানা বাৰাণ্ডাৰ ৰেলিংত থিয় দিছে ,পৰি যাব মা ..দৌৰি গল সীমা বাৰাণ্ডালৈ ছোৱালী জনীৰ পিছে পিছে ...এগৰাকী মহিলা তাইৰ বাৰাণ্ডাত থিয় দিছে ,জপিঁয়াবলৈ ।চিঞৰি উঠিল তাই" কোন আপুনি ,ৰব" শেঁতা পৰা মুখ খনেৰে মহিলা গৰাকী য়ে তাই লৈ ঘূৰি চালে আৰু চিঞৰি জপিয়াই পৰিল ।

" মা মা" সৰু ছোৱালী জনী য়েও জপিয়াই দিলে মাকৰ পিছে পিছে...মা নজপিয়াবা প্লিজ ।
চকুৰ সমুখত ঘটি যোৱা ঘটনা তো দেখি সীমা সংজ্ঞাহীন হৈ পৰিল ।
চকুৰ সমুখত ঘটি যোৱা ঘটনা তো দেখি সীমা সংজ্ঞাহীন হৈ পৰিল ।
" ঘৰ লোৱাৰ আগতে অলপ সুধ পোচ কৰি লব লাগে ,এইটো ঘৰত এহাল মাক জীয়েক এই বাৰাণ্ডা খনৰ পৰাই জপিয়াই মাৰিছিল,তেতিয়াৰ পৰাই ইয়াত কোনো থাকিব নোৱাৰে,ভাগ্য ভাল আপোনাৰ স্ত্ৰী বাচি গল" ওচৰৰ ফ্লেট ৰ মহিলা গৰাকী য়ে ৰাজক কৈ থকা কথা খিনি শুনি সীমাৰ সেই শেঁতা পৰা মুখ খন মনত পৰিল " মা পৰি যাব আনটি"
*************
*************
No comments:
Post a Comment