#দেৱদাসী
ভাৰতীয় সভ্যতা ৰ এক কলা অধ্যায় । ধৰ্ম ৰ নামত নাৰীৰ জীৱনৰ লগত এক জঘন্য খেল এই দেৱদাসী প্ৰথা ।
মন্দিৰৰ দেৱতাক সন্তুষ্ট কৰাৰ বাবে এক বিশেষঃ শ্ৰেণী ৰ নৰ্তকী ছোৱালী ক নিযুক্ত কৰা হৈছিল । তেওঁ লোকক দেৱদাসী বোলা হৈছিল । তেওঁ লোকে কৰা নৃত্যক দেৱদাসী নৃত্য বোলা হৈছিল । ভাৰতীয় সমাজৰ অতি প্ৰাচীন প্ৰথা । কৌটিল্যৰ অৰ্থ শাস্ত্ৰ তো ইয়াৰ উল্লেখ আছে । সোমনাথ মন্দিৰ ৰ দেৱদাসী নৃত্য বিখ্যাত আছিল ।
ভাৰতৰ বিভিন্ন ঠাইৰ দেৱদাসী প্ৰথা বিভিন্ন নামেৰে পৰিচিত । গুজৰাট তে চাৰি হাজাৰ মন্দিৰত ২০০০০ দেৱদাসী আছিল বুলি কোৱা হয় ।দেৱদাসী প্ৰথাৰ নিষিদ্ধকৰণৰ ব্যৱস্থা স্বাধীনতাৰ বহু আগৰেই পৰা চলি আছিল ।
ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগৰ ২০১৩ ৰ তথ্য মতে ভাৰতত প্রায় ৪,৫০,০০০ দেৱদাসীৰ উমান পোৱা যায় ।
ৰঘুনাথ ৰাও ৰ অধীনত আৰু এখন আয়োগৰ তথ্য মতে প্ৰায় ৮০,০০০ দেৱদাসী কেৱল অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাতেই পোৱা যায় ।
কেনেকৈ আৰম্ভ হয় এই প্ৰাচীন দেৱদাসী প্ৰথা । দুখীয়া ঘৰৰ অভিভাৱকে কন্যা ৰজস্বলা হোৱাৰ আগতে কোনো বিশেষ মন্দিৰ এটালৈ লৈ আহিছিল । তাত কুমাৰী কন্যাক নিলাম কৰা হৈছিল আৰু মন্দিৰ ৰ নামত দান দিয়া হৈছিল, হাস্যকৰ ভাবে এয়া এক মহান কাম বুলি ধৰা হৈছিল । মন্দিৰত থকা বিগ্ৰহ ৰ লগত বিয়া পাতি চিৰ জীৱন মন্দিৰ ভগৱানৰ সেৱাত জীৱন উচৰ্গা কৰা হৈছিল,যাক কৈছিল দেৱদাসী । তাৰ পিছত সেই কন্যাৰ লগত মন্দিৰৰ প্ৰধান পুৰোহিতে প্ৰথম যৌন সম্পৰ্ক কৰিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল মন্দিৰত থকা অন্য পুৰোহিত আৰু সমাজৰ উচ্চ ধনী বৰ্গৰ ৰক্ষিতা হোৱাৰ জীৱন ।মন্দিৰৰ বিগ্ৰহৰ ওচৰত উচৰ্গা কৰা তেওঁৰ দেহ উপভোগ হৈছিল এচাম ভণ্ড ধৰ্মৰ দালাল ৰ দ্বাৰা । চিৰজীৱন দেৱদাসী সকলে জীৱন কটাইছিল মন্দিৰৰ কাম কাজত আৰু ইয়াত হোৱা অনুষ্ঠানত নৃত্য প্ৰদর্শন কৰি , এই নৃত্য সমূহৰ মাজত ভাৰত নাট্যম আৰু ওদিছি নৃত্য অন্যতম ,এওঁলোকক মন্দিৰৰ আৰু ধৰ্মৰ লগত জড়িত হোৱা বাবে সমাজত উচ্চ স্থান দিয়া হৈছিল । দেৱদাসী সকলৰ কন্যা সন্তাককো দেৱদাসী য়ে বনোৱা হৈছিল । ধৰ্মৰ লগত জড়িত এই সামাজিক কুপ্ৰথাৰ উৎপত্তি ৰ লগত নানা কাহিনী জড়িত, ভাৰতত বিভিন্ন অঞ্চল ,বিশেষঃ ভাবে দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উৰিষ্যা, গুজৰাট ত এই প্ৰথা বহুল ভাৱে আছিল । বহু ঠাইত "যোগিনী" ও বোলা হয় এওঁলোকক । অসমতো এই প্ৰথা আছিল ।অসমৰ ডুবি ত থকা পৰিহৰেশ্বৰ দেৱালয় আৰু নেঘেৰিটিং শিৱদৌলতো দেৱদাসী প্ৰথা তথা নৃত্যৰ প্ৰচলন থকাৰ উমান পোৱা যায় ।
পিছত ভাৰতত এই প্ৰথা নিষিদ্ধ আইনীভাবে নিষিদ্ধ কৰা হয় । বোম্বে দেৱদাসী আইন১৯৩৪ , দেৱদাসী মাদ্ৰাজ আইন ১৯৪৭,কৰ্ণাটক দেৱদাসী আইন ১৯৮২,অন্ধপ্ৰদেশ দেৱদাসী আইন১৯৮৮ প্ৰমুখ ।
ধৰ্মৰ দোহাই দি দেৱদাসী বা পবিত্ৰ গণিকা বা পবিত্ৰ গণিকা বৃত্তি ৰ নাম দিলেও ইয়াৰ আঁৰত আছিল দৰিদ্ৰতা , জাতিভেদ আৰু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ আঁৰত হোৱা নাৰীৰ শোষণ ৰ অন্য ৰূপ ।

No comments:
Post a Comment