ভালপোৱাৰ এজাক বৰষুণ(১)
এজাক বৰষুণ আহক
হেঁপাহ পলুৱাই তিতিম
হৃদয়ৰ সুগন্ধি লৈ
ঠিক মাটিত পৰা বৰষুণৰ প্ৰথম টোপালৰ দৰে ...
তোমাৰ বুকুৰ মাজত মই..
আঁকোৱালি ল'বা তুমি
কাণত ফুচফুচাই যেন কৈ উঠিবা ..
"সদায় তিতিম তোমাৰ সতে ভালপোৱাৰ এই বৰষুণ জাকৰ মাজত"...
: দেৱ, এই দেৱ উঠানা । চোৱা না...ইমান ধুনীয়া বৰষুণ জাক ।
:শুব দিয়া দীয়া, প্লিজ ।
আঁতৰি গৈ বাৰাণ্ডাৰ চকী খনত বহি পৰিল তাই । সময়বোৰ সলনি হয়,লগতে যেন মনবোৰো ।
হাত খন মেলি টোপাল বোৰ আজলী পাতি ল'লে ।
" শুই থকা দেৱলৈ চালে এবাৰ...এই জনেই সেই দেৱ নে?
:বৰষুণ দিছে..চোৱা দীয়া । তুমি ভালপোৱা বৰষুণ এজাক ।
বাইকত বহাই লৈ গৈছিল সেউজীয়া বননি খনৰ মাজত ,তাই দুহাত মেলি ৰৈছিল চকু মুদি...বৰষুণৰ পানীৰ টোপাল বোৰ তাইৰ মুখত পৰিছিল ।
তাইৰ মুখখন দুহাতত লৈ সেই বৰষুণ জাকত সেউজীয়া হৈ পৰিছিল সিহঁতৰ প্ৰেম ....
প্ৰেম ভালপোৱা..
প্ৰেমৰ কবিতা ভালপোৱা,তাইৰ চুলিতাৰিত মুখ গুজি ভালপোৱা সেই দেৱৰ হাতত ধৰি ঘৰ এৰি ওলাই আহিছিল ...তাইৰ প্ৰেমৰ ঘৰখন সজোৱাৰ বাবে ।
তাইৰ ঘৰখন..সকলো নাৰীৰ দৰে তাইও সপোন দেখিছিল ,বিশ্বাস,মৰমৰ ঘৰ খন ।
প্ৰথম দৰমহাটো আনি তাইৰ হাতত গুজি দি কৈছিল দেৱে " হ'বনে? পাৰিবানে এইখিনিৰে ঘৰ চলাবলৈ ?"
"মোৰ সপোন এখন সুখৰ ঘৰৰ দেৱ..তুমি ,তোমাৰ বুকুৰ উম খিনিলৈয়ে। এয়া বহুত মোৰ বাবে।"
বিশাল অট্টালিকাৰ সপোন তাইৰ মুঠেও নাছিল । টকাৰ ঝংকাৰ তাই বহুত শুনিছে,সেই ঝংকাৰত শেষ হৈ যোৱা দেখিছিল তাইৰ মাক দেউতাকৰ সংসাৰ । তাই কি বিচাৰে..তাইক সোধাৰ সময় নাছিল আধুনিকা মাকৰ ...টকা ঘটাত মত্ত দেউতাকৰ ।
দেৱৰ বুকুত কৰবাত বিচাৰি পাইছিল মৰমৰ উম খিনি...এবাৰো ঘূৰি নোচোৱাকৈ,একো আক্ষেপ নৰখাকৈ তাই গুচি আহিছিল দেৱৰ হাতত ধৰি ।
তাইৰ খবৰ ৰখাৰো কোনো দৰকাৰ অনুভব কৰা নাছিল তাইৰ মাক দেউতাকে,হয়তো তাইৰ প্ৰতিবাদৰ ভাষাই আমনি দিছিল তেওলোকক ।তাইৰ ভায়েক দুজনে তাইক মৃত বুলি ধৰি লৈছিল । সৰুৰে পৰা ভীৰৰ মাজত অকলশৰীয়া হৈ থকা দীয়াৰ গাত লগা নাছিল কোনো কথাতে।
দেৱক বান্ধৱী এগৰাকীৰ ঘৰত লগ পাইছিল তাই ।
:দীয়া..
তোমাৰ নাম?
: ভুল নাম থলে..সুলোচনা হব লাগিছিল তোমাৰ নাম ।
লাজ লাগিছিল দীয়াৰ
:তোমাৰ যে চকুযুৰি ,কবিতা লিখিব পাৰি ।
দেৱে লিখিছিল কবিতা...তাইৰ চকুযুৰিক লৈ।
সুখবোৰ যেন তাইৰ হাতত নধৰা হৈছিল তাইৰ । দেৱৰ নামত সেন্দুৰ খিনি ..গা ধুই উঠি সদায় লগায় ,বিয়াৰ পিছৰ দিনৰ পৰা আজিলৈকে।
: মোৰ বাবে খুব লাকী তুমি দীয়া ।
নতুনকৈ পোৱা প্ৰজেক্টটো লৈ খুব সুখী আছিল দেৱ ।
দিনবোৰ লাকী হৈ গৈছিল দেৱৰ বাবে । সৰু দুটা ৰুমৰ ভাড়া ঘৰটোৰ পৰা প্ৰকাণ্ড চৌহদৰ বাংলাটো লৈকে তাই গৈছিল দেৱৰ হাতত ধৰি ।
কিন্ত সৰু ঘৰটোতে যেন ৰৈ গৈছিল তাইৰ সপোন বোৰ ।
: দেৱ ..বলানা ফুৰি আহোঁ । সেই যে সেউজীয়া বননি খন ,কিমান দিন হ'ল আমি যে যোৱা নাই ।
: ড্ৰাইভাৰ লৈ যোৱানা প্লিজ । দেৱ ব্যস্ত হৈ পৰিছিল লেপটপত ।
:দেৱ ..দেৱ ..এই চোৱানা ,নতুন কুৰ্তী তো পিন্ধি তাই দেখাইছিল তাক ..আগৰ দৰে পিচপিনৰ লেছ পাত গাঁঠি দিব বুলি কিবা এক ক্ষীণ আশা কৰি । ডন্ট বি চাইল্ডিচ্ দীয়া। আমিতো এতিয়া সেই প্ৰেমিক প্ৰেমিকাহাল নহয় ।
: তেন্তে আমি কি হয় দেৱ? মুঠেই সময় নোহোৱা হ'ল মোৰ বাবে তোমাৰ ।
: হুৱাট ননচেন্স ? সময় , কি মই মোৰ বাবে দি আছোঁ? তোমাৰ ,আমাৰ ফিউচাৰৰ বাবে । এই টকা কাৰ বাবে?
তাইৰ কবিতা লিখিব পৰা চকু যুৰিলৈ নিগৰি অহা চকু পানী খিনিলৈও চাবলৈ যেন এতিয়া সময় নোহোৱা হ'ল দেৱৰ ।
আকৌ তাইৰ কানত বাজি উঠে..সেই একে টকাৰ ঝংকাৰ ,যিটো ঝংকাৰৰ পৰা পৰিত্ৰাণ পাবলৈ তাই গুচি আহিছিল দেৱৰ সৈতে । সেউজীয়া প্ৰেমৰ সলনি তাইৰ কোলা এতিয়া সি ভৰাই দিয়ে দামী উপহাৰৰে ,দায়িত্ব যেন তাতেই শেষ দেৱৰ ।
দীঘল কৈ হুমুনিয়াহ এটা কাঢ়ি ৰিয়াই বাৰাণ্ডাত বগাই যোৱা মানি প্লেণ্ট জোপালৈ চালে ...মনবোৰো এনেকুৱাই চাগে । কিবা নহয় কিবা এটা সমল বিচাৰে ..কাৰোবাৰ মৰমৰ,নিৰাপত্তাৰ ,খামুচি ধৰা মাটি খিনিও যে বালিৰ দৰে হাতৰ ফাঁকেৰে ওলাই গৈ দিব পাৰে এক ভয়ংকৰ শূন্যতা ,তাই আজি অনুভৱ কৰিছে ।
बता किस कोने में, सुखाऊँ तेरी यादें,
बरसात बाहर भी है, और भीतर भी है....
No comments:
Post a Comment