ভালপোৱাৰ এজাক বৰষুণ (৫)
সন্ধিয়া নামি আহিলে...পাহাৰীয়া ঠাইৰ মাদকতা অনন্য হৈ ধৰা দিয়ে । দিনৰ কিৰণ...ৰাতিৰ আন্ধাৰ ...সকলো সময়তে নতুনকৈ নিজক সজায় ।
"মেম , মাল ৰোডৰ পিনে ওলাই যাব নেকি এতিয়া ? "
: যাম, তাতেই কিবা এটা খাই ল'ম ,ইয়াত ৰান্ধিব মানা কৰি দিয়া"
:ঠিক আছে মেম...
....জবাৰ সৈতে মাল ৰোডলৈ আহিল দীয়া । টুৰিষ্টৰ বেছি ভাগ হনীমুন কপোল ...নিজৰ মাজতেই ব্যস্ত, জীৱনৰ আটাইতকৈ মধুৰতম সময়চোৱা । মৰম লাগি গ'ল..দীয়াৰ ।
"এ জিন্দগী গলে লগা লে..এ জিন্দগী গলে লগা লে...কি সুমধুৰ কণ্ঠ । তাইৰ খুব প্রিয় গীত এইটো...কোনে জানো ইমান প্ৰাণ ঢালি গাইছে গীটাৰ বজাই..!
গান এটা প্রিয় হৈ কেতিয়া উঠে বাৰু?
যেতিয়া সেই গানটোৰ কথা খিনিয়ে কৰবাত নহয় কৰবাত নিজকে চুই যায় ....বিচাৰি পোৱা যায় নিজকে সেই শব্দ বোৰৰ মাজত ।
অলপ দূৰত বন ফায়াৰৰ চাৰিও পিনে মানুহৰ জুম । মাজত গীটাৰ বজাই গান গাই আছে কোনোবাই ।
মন্ত্ৰমুগ্ধ ভাবে...আগবাঢ়ি গল দীয়া । কি কণ্ঠ ...উফ...
"হম নে ভী তেৰে হৰ এক গম ক,গলে ছে লগায়া হেই না"
চাবলৈ চেষ্টা কৰিলে দীয়াই..ভীৰ ফালি যাব পৰা নাই ।
অলপ আগুৱাই গ'ল তাই...একান্ত মনে গীটাৰ বজাই গান গাইছে যুৱক এজনে ।
চিনাকি যেন লাগিছে যুৱকজন।।অঃহ ৰাতিপুৱা তাইক চিঞৰিব শিকাই যোৱা যুৱকজন ।
কি সুন্দৰ গান গায় ...!
গানটো শেষ কৰাৰ লগে লগে হাত চাপৰি বজালে সকলোৱে ।
গীটাৰ খন ল'ৰা এটাৰ হাতত দি যুৱক জন হাঁহি হাঁহি উঠি আহিল ।
হাত চাপৰি বজাই থকা দীয়াক দেখি চকু দুটা ডাঙৰ কৰি দিলে" হেল্ল মেম ,মোৰ গান শুনি ভাল পাইছে???"
" পাহাৰৰ বুকুত চিঞৰা লৰাজনে ইমান ধুনীয়া গান গাব পাৰে..ভবা নাছিলো "
জোৰকৈ হাঁহি দিলে যুৱকজনে ।
"ঠেংক ইউ মেম , বাথৰুম চিংগাৰ পিছে মই"মূৰত হুদীতো লগাই কৈ উঠিল ।
"চিমলাত আহি ৰাতি খন মাল ৰোডত অসমীয়া ল'ৰা এটাৰ গান ,তাকো ইমান ধুনীয়া গান শুনিব পাম ভবা নাছিলো"
"বিদেশত আপোন মানুহ নে কি কয়?? বাই দ্য ৱে মই "শ্লোক " মানে মোৰ নাম "শ্লোক"
..ধুনীয়া নাম...মোৰ নাম দীয়া ।
ভাল লাগিল আপোনাক লগ পাই শ্লোক ।
: ভাল লাগিল যেতিয়া এক কাপ কফি খোৱা যাওক নে কি? এই ঠাণ্ডাত মানাতো নকৰে বোধহয়"
কি আচৰিত ল'ৰা ...চিনাকি হৈয়ে কফি ।
:আচলতে ৰাতি কফি খোৱাৰ মোৰ অভ্যাস নাই , গতিকে বেয়া নাপাব ।
:অঃহ ড্ৰিংক লয় নেকি ৰাতি?
: ৱাট?????? কি কথা সোধে এইবোৰ ।
:মই ড্ৰিংক নকৰো ।
..ড্ৰিংক মানে গাখীৰ ,জুইছ ..মই অন্য মিন কৰা নাছিলোঁ ।
বাৰু...পুৰা মাকৈ নাখাও বুলিতো নক'ব.!
দীয়াৰ লগত থকা জবা হাঁহি উঠিল ।
হাতত তিনিটা পুৰা মাকৈ লৈ শ্লোক হাজিৰ হ'ল , "লওক মেম ।"
"মেম নহয়, দীয়া বাইদেউ বুলিব পৰা,তোমাতকৈ অলপ ডাঙৰ হ'ম চাগে
"বাইদেউ...বাইদেউ????তাতকৈ পেহীদেউ বুলিম ..ভাল হ'ব?"
পাগল নেকি লৰাতো? কি বকে...দীয়াই ভাবিলে ।
ভাবিছে চাগে ন..পাগল নেকি লৰাতো?কি বকে ।
..হা..মুখ খন মেল খাই গল তাইৰ...নহয় মানে ..
"হাঃ হাঃ.." - আকৌ সেই হাঁহি ..
"অকে..বাই দীয়া মেম,গুডনাইট । নাইছ তু মিট ইউ.."
:গুডনাইট ..বাই ।
হুদী তো মূৰত উঠাই গুচি যোৱা শ্লোকক চালে তাই । ৰাস্তাত লাহে লাহে জমিব ধৰা বৰফবোৰ লঠিয়াই বল বনাই বনাই গৈ আছে ।
...এ জিন্দেগী গলে লগা লে...গানটি আকৌ এবাৰ শুনিবলৈ মন গ'ল তাইৰ ।
:লৰাটোৰ কথা বোৰ ইমান ভাল লগা..মোৰ মনত পৰি পৰি হাঁহি উঠি আছে ,জবাই হাঁহি হাঁহি কৈ উঠিল ।
বহুত দিনৰ মূৰত তাই জবাক ইমান প্ৰাণখুলি হঁহা দেখিলে । ভাল লাগিল তাইৰ , যদিও তাই সহায়িকা , দীয়াৰ প্ৰতিটো কথাৰ খেয়াল ৰাখে । দেৱৰ পছন্দৰ খাদ্য ৰান্ধি ,সোনকালে আহা না বুলি ফোন কৰি অপেক্ষাত ডিনাৰ টেবুলতে শুই যোৱা দীয়াৰ ওচৰত ৰৈ থকা জনীয়ে হ'ল এই জবা ।
কৰবাত যেন বুজি পাই তাইৰ মাজৰ শূন্যতা খিনি । মন বেয়া হলেই তাইৰ ৰুমত আনি থৈ দিয়ে তাই ভালপোৱা ফুল বোৰ । এক্সিডেন্ট এটাত নিজৰ স্বামী আৰু সন্তান হেৰুৱাই অকলশৰীয়া হোৱা জবাক দেৱে লৈ আহিছিল এন জি অ এটাৰ পৰা ..তেতিয়াৰ পৰাই দীয়াৰ লগত ছাঁৰ দৰে থাকে তাই ।প্ৰতিজন মানুহৰ জীৱনত এক কাহিনী থাকে , কিছুমান সকলোৱে দেখে, কিছুমান ৰৈ যায় মাত্ৰ নিজৰ মাজত ..! প্ৰকাশ কৰিব নোৱাৰা কিছুমান অনুভৱৰ সৈতে । মুখা পিন্ধি অভিনয় যেন সকলোয়েই কৰে...জীৱন জীয়াই থকাৰ ।
কথাবোৰ পাগুলি থাকিয়েই তাই পুনৰ গুণগুণাই...
ऐ ज़िन्दगी गले लगा ले ऐ ज़िन्दगी गले लगा ले हमने भी तेरे हर इक ग़म को गले से लगाया है, है न....
...................
মেম,কফি "
- জবাৰ পৰা কফি কাপ লৈ কটেজৰ বাৰাণ্ডাত বহিল দীয়া ।
"ৰাতি চাগে বহুত বেছি স্ন ফল হ'ল ...মুঠেই গম নাপালো "- কোৰে ৰে ৰাস্তাৰ পৰা বৰফৰ দম গুচাই থকা মানুহ কেইটাক চাই দীয়াই ক'লে।
" জবা, মোৰ ভাল টোপনি আহিল ৰাতি, বহুত দিনৰ মূৰত ছাউণ্ড শ্লিপ।"
"মেম,আপুনি এইদৰে মাজে মাজে ইয়াত আহি থাকিব, চেঞ্জ এটা পাব "
"মইও তাকে ভাবিছোঁ জবা, অকলে থাকি ইমান ভাল লাগিব ইয়াত বুলি ভবাও নাছিলোঁ"
"আপোনাৰ জন্মদিনৰ দিনা চাৰ আহিব, বহুত ভাল লাগিব ইয়াত মেম"
:তোমাৰ চাৰৰ আগতে মোৰ জন্মদিনটো মনত থাকক,এইবাৰ কোনোমতে মাহটো মনত আছে, নহ'লে সদায় Belated happy Birthday wish কৰোঁতেই যায় ।
:কিন্ত চাৰে..আপোনাক বহুত ভাল পায় মেম ।
:অঁ ..তোমাৰ চাৰৰ প্ৰথম প্ৰেম মই আছিলো,কিন্ত পাৰমানেন্ট প্ৰেম তেওঁৰ ব্যস্ত জীৱনটোহে হ'ল । আছোঁ বাৰু তেওঁৰ মনত মই এতিয়াও,কিন্ত পিছে দামী ফুলদানী এটা হৈ হে..বুজিছা ।
- দেৱলৈ ফোন লগাই হাঁহি হাঁহি কৈ উঠিল তাই..
:কি যে কথা কয় মেম ..
"গুডমৰ্নিং দীয়া, কেনে গৈছে দিনবোৰ ..এনজয় কৰি আছা নে? শ্বপিংৰ বাবে মাষ্টাৰ কাৰ্ড যিমান মন যায় সিমান ইউজ কৰি লবা দেই...অ আৰু শুনা, সেই কণ্ট্ৰেক্টটো মই পালোঁ দেই । খুব ভাল এটা ইনকাম হ'ব ..লাইফ টাইমৰ বাবে ।"
: দেৱ ...আগতে সোধা চোন, দীয়া তাত তোমাৰ ঠাণ্ডা বেছি লাগিল নেকি? অকলে ব'ৰ হৈছা নেকি??
"দীয়া ...তুমি সৰু ছোৱালী নেকি? কথাবোৰো যে তোমাৰ কেতিয়াবা নুবুজা সাঁথৰ হৈ উঠে । বাই দ্য ৱে মই যাবলৈ ট্ৰাই কৰিম সময় পালে ।"
:অ কে দেৱ, খেয়াল ৰাখিবা নিজৰ।
"অ কে মেডাম... বাই । কিবা প্ৰব্লেম হ'লে মেছেজ দি থবা ,লাভ ইউ ।"
- বহুত কষ্ট কৰিলেও আজিকালি কিয় জানো তাই "লাভ ইউ টু দেৱ" বুলি ক'ব নোৱাৰে । কৰবাত গাঁঠি লাগি ৰৈ যায় শব্দবোৰ ।
মোবাইলৰ ৱালপেপাৰ খনত তাইৰ আৰু দেৱৰ এখন ধুনীয়া ফটো, বিয়াৰ পিছতেই তাইক সাৱটি ধৰি উঠা এই ফটো খন তাই খুব ভাল পায়, ফটো খনত থকা দেৱৰ মৰমৰ স্পৰ্শ খিনি আকৌ অনুভৱ কৰে ।
আজি তাইৰ কথাবোৰ নুবুজা সাঁথৰ তাৰ বাবে ।
জীৱনৰ কিছুমান সাঁথৰ বুজা আৰু বুজোৱা বাদ দিলোঁ দেৱ, তোমাৰ যে এতিয়া পঢ়িবলৈও সময় নাই ,অভিমান বোৰ নিজে নিজেই কমি আহিছে অভিমান কৰি কৰি ভাগৰি শুকাই যোৱা হৃদয়ৰ সোঁতত ।
ভালপাওঁ বুলি ক'লেই জানো কাৰোবাক ভালপোৱা হয়। ভালপোৱা মানুহজনৰ সৰু সৰু ভাল লগা কথাবোৰৰো যেতিয়া খেয়াল ৰখা নহয় ...সেয়া বাৰু কেনে ভালপোৱা । ৰঙ সকলোৰে সলনি হয়...ভালপোৱাৰো , ঠিক ৰঙীন ৰামধেনু খনক ঢাকি পেলোৱা ডাৱৰ খিনিৰ দৰে ।
আজি ক'তো ওলাই যাবলৈ মন নগ'ল তাইৰ ।
কিছুমান কথা পাহৰাৰ চেষ্টাই আকৌ বেছি আমনি হে দিয়ে । কাণত হেডফোন লৈ তাইৰ পছন্দৰ গান কেইটা লগাই শ্বল খন মেৰিয়াই ল'লে । অকণমান নিজৰ সৈতে বাৰাণ্ডাৰ চিৰিত বহি পৰিল তাই...।
কি করে বলব তোমায়
আসলে মন কি যে চায়
কেনও সে পালিয়ে বেড়ায়
তোমার থেকেই
কি করে বলব তোমায়
কেনও এ মন হাত বাড়ায়
আবারো হাড়িয়ে সে যায়
তোমার থেকেই..... ! - বাজি উঠিল মৃদু স্বৰত..
No comments:
Post a Comment