ভালপোৱাৰ এজাক বৰষুণ (৪)
ৰাতিপুৱা তাই সাৰ পায়েই বিচনাৰ পৰাই দেখিলে খিড়িকীৰ কাঁচৰ বাহিৰত বগা চাদৰৰে ঢকা পাহাৰ খন। গছ বোৰত লাগি থকা বৰফ,পুৱাৰ কিৰণত জিলিকি উঠিছে বৰফবোৰ ..আস ! ইমান সুন্দৰ এই দৃশ্য ।
ফোনটো বাজি উঠিল ...দেৱৰ ফটো খন ভাঁহি আছে স্ক্ৰীণত ।
"হেল্ল, দেৱ"
:দীয়া..উঠিলা?
: উম ..
:কটেজটো কেনে লাগিছে কোৱা ?
:ইটছ বিউটিফুল দেৱ, তুমি কেতিয়া আহিবা?
: মোৰ যোৱাটো ঠিক হোৱা নাই বাৰু । ইউ এনজয়, অ'কে বাই ।
:দেৱ..শুনাচোন ..ৰাতি বৰফ পৰি বগা চাদৰ এখনে ঢাকি দিছে চিমলাক..ইমান ধুনীয়া...!
টিত ..টিত ,কাটি দিলে ফোনতো দেৱে। তাই কথা কোৱাতে থাকি গ'ল ।
আহত হৈ তাই উঠি আহি খিড়িকী খন খুলি দিলে ।
এটা সময়ত তাই কথা নোকোৱাকৈ অলপ সময় থাকিলেই তাইক চুমাৰে উপচাই দিয়া দেৱ.."তোমাৰ মাত নুশুনিলে মোৰ দিনেই আৰম্ভ নহয় দীয়া"
আৰু আজিকালি !!!!
হাতৰ মুঠিত কিছু সময় ধৰি ৰাখিব পৰা হ'লে...!পাখি লগা সময়বোৰেৰে
হাতৰ মুঠি পোহৰ কৰি ৰাখিব পাৰি জানো ....!
নোৱাৰি ...।
কেনেকৈ ৰাখিব পাৰি ? সেই বোৰো পোহৰ হে....আহে কিছু সময় উজ্জ্বল কৰে আৰু গুচি যায় অন্ধকাৰ বিয়পাই...!
সেই স্মৃতি বোৰ,সেই সময় বোৰ .. কিছুমান পাহৰিব খুজি পাহৰিব নোৱাৰি ...কি অদ্ভুত ,
হাজাৰ চেষ্টা কৰা...নোৱাৰি ,বিশেষঃ কৈ অন্ধকাৰ বোৰ ।
আৰু পোহৰ বোৰ....মনলৈ আনিবলৈকে বহু সময় লাগে ।
......
:কাহা যানা হেই মেম? - দীয়া বাস্তৱলৈ ঘূৰি আহে।
:কহি ভি , বচ চ'লো, ।
:কুফৰী চলিয়ে মেম.. .আপক' সুকুন মিলেগা ।
দীয়াৰ গাড়ীখন আগ বাঢ়ে।
.......
কুফৰীৰ ধুনীয়া ফুলনিখনত বহিলে তাই, শান্ত পৰিবেশ , চৰাইৰ মাত ,মৃদু হিমশীতল বতাহ ...প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ বাবে ইয়াতকৈ বেছি কি লাগে ।
"হেয়...ৱহ হ..."
কাৰোবাৰ চিঞৰত শান্ত পৰিবেশ খিনি কঁপি উঠিল । দূৰৰ পাহাৰত প্ৰতিধ্বনি হৈ ভাহি উঠিল
এই যে মানুহবোৰ ..কিয় আহে ফুৰিবলৈ ,খং উঠিল দীয়াৰ ।
ঘূৰি চালে...ওখ পাখ যুৱক এজন । মূৰত হুদী থকা কলা জেকেট এটা পিন্ধা ।
পুনৰ চিঞৰিলে ..আগৰ দৰেই ।
ওচৰৰ গছ ডালৰ পৰা অলপ বৰফ খহি পৰিল দীয়াৰ ওপৰত । চৰাই কেইটামান উৰি গল ।
: এক্সকিউজ মি?
: মি?
: য়েছ, য়েছ ইউ , উইল ইউ প্লিজ ষ্টপ চাউটিং?
:I am not shouting...I am just playing with the hills...
:in this way you are disturbing nature ..
:ok ok mam...
শান্তি নাই মানে ক'তো ..মুখত ভোৰভোৰালে তাই ।
"শান্তি আছে মেম ,শান্তি আছে,আপুনি বিচাৰিব জনা নাই "
: আপুনি অসমীয়া? I am so sorry
:য়া মেম মই অসমীয়া.. its ok
হাঁহি হাঁহি হুড তো গুচাই দিলে ল'ৰা জনে । ফ্ৰেন্স কাট দাড়িৰে সোনালী ৰঙৰ চছমাৰ সৈতে সুদৰ্শন যুৱক জন ,মুখত এক বেপেৰুৱা ভাৱ ।
:কি সুখ পাইনো ,এনেকৈ চিঞৰি ?
:এনেকৈ চুপ চাপ বহি কি পায় নো? ফোনৰ Silent mode ত থকাৰ দৰে ।
:এদিন বহি চাওঁক ,শুনি চাওঁক বৰফ পৰাৰ শব্দ, চৰাইৰ মাত ,অনুভৱ কৰি চাওক বতাহ জাক ,কথা পাতি চাওঁক নিজৰ লগত ।
অলপ খং উঠিল তাইৰ....
: মেম , তাতকৈ চিঞৰি চাওক, নিজৰ মনৰ মাজত গোজৰি গুমৰি থকা শব্দ খিনি পাহাৰৰ বুকুত দিয়ক চোন । প্ৰতিধ্বনিৰ মাজত বিচাৰি পাই যাব নিজক ।
:গুণগুনাই গোৱাত কৈ চিঞৰি গাই চাব চোন
"
"জিন্দেগী কেইছি য়ে পহেলী হায়!! কভি তহ হছায়ে ,কভি য়ে ৰুলায়ে ..."
:অঃহ, সেইদিনা গান গোৱাজন আপুনি হে?
: অঁ তো ...কিন্ত মেম, আজিও কম You sing very well !!
গুচি গল যুৱকজন ...
কি আচৰিত ল'ৰা...
কি কৈছিল সি...
শান্তি আছে মেম ,শান্তি আছে,আপুনি বিচাৰিব জনা নাই "
ভিতৰি ভিতৰি খং উঠিল তাইৰ, ভালকৈ উত্তৰ দিব নোৱাৰাৰ খং এটা উজাই আহিল । "পিছত কেতিয়াবা লগ পালে কিবা কৈ হলেও ভালকৈ শুনাম "
শুভ্ৰ পাহাৰ কেইখনলৈ চালে তাই, যুৱক জনে কোৱাৰ দৰে সঁচাকৈ পাহাৰ কেইখনে ল'ব নে তাইৰ মাজৰ শব্দ খিনি...!
হাত দুখন মুখৰ ওচৰত নি কব নোৱাৰাকৈ চিঞৰি দিলে তাই" দীয়া......"
চাৰিওপিনৰ পৰা ভাহি আহিল.....দীয়া ,দীয়া,দীয়া....যেন গোটেই চিমলাৰ পাহাৰ বোৰে একেলগে তাইক মাতিছে...
ধেৎ ..মইও যে পাগল হৈছোঁ ..নিজৰ ওপৰতে প্ৰচণ্ড হাঁহি উঠিল তাইৰ ।
देखो जिंदगी
मुस्कराना गैरो से, अपने लिए तो दिल खोल हँसकर देखो
सोच की हो गहराई ऐसी जनाब, खुद से नजर मिला कर देखो
उलझन में फंसे हो, बस फिर...मस्ती की उड़ान भरकर देखो
बदल न जाये गम खुशियों में... मन की कभी सुनकर देखो ...
No comments:
Post a Comment