ভালপোৱাৰ এজাক বৰষুণ (৩)
চিমলাৰ হালধীয়া,ৰঙা ফুল, পাইন গছৰ মাজত সৰু ধুনীয়া কটেজটো ...গাড়ীৰ পৰা নামিয়েই মন ভাল লাগি যায় দীয়াৰ ।
সন্ধিয়াৰ সময় ...পাহাৰৰ নিজান নিস্তব্ধ পৰিবেশ । লাইটবোৰ তিমতিমাই আছে । কটেজৰ বাৰাণ্ডাত বহি কফি একাপ হাতত ল'লে ।
..মোবাইলটোলৈ চালে এতিয়া লৈকে দেৱৰ ফোন অহা নাই ।
তাই পালেহি নে নাই সুধিবলৈ। বোধহয় সদায়ৰ দৰে কিবা বৰ্ড মিটিংত ব্যস্ত , ফ্রী হ'লে ফোন কৰি ওলোটা তাইক খং কৰিব যে তাত গৈ জনোৱা নাই কিয় বুলি।
খবৰ দিয়া আৰু খবৰ লোৱা ..পাৰ্থক্য বেছি নাই শব্দ দুটাৰ । পাৰ্থক্য আছে যদি মাত্ৰ অনুভৱৰ , তুমি ভালে কুশলে গৈ পালানে দীয়া ,বুলি যদি এটা মেছেজ পালে হেতেন ,হয়তো মনৰ ভাগৰ খিনিও নোহোৱা হ'ল হেতেন ।
মানুহ নিঃসংগতাৰ অভ্যস্ত নহয়। হয়তো অভ্যস্ত হব লগীয়া হৈ পৰে আপোনজনৰ ব্যস্ততাৰ অজুহাতত ।
..ৱাটছ আপ খুলি "দেৱ ,মই পালোঁহি " বুলি এটা মেছেজ কৰে তাই।
"মইও যে আৰু..দেৱে ঠিকেই কয়, দীয়া তোমাৰ অভিযোগ বোৰ শেষ নহয় নেকি ? - স্বগতোক্তি কৰে দীয়াই।
:দেৱ ,অভিযোগ নহয় ..অভিমান অ ,কেতিয়া বুজিবা ?
দীয়া বেছি অভিমানী হৈ পৰিছে নেকি..আমনি পাই চাগে দেৱে..সেইবাবেই চাগে কটেজ কিনি গিফ্ট কৰি কেইদিনমানৰ বাবে দূৰলৈ পঠিয়ালে।
হাঁহি উঠিল তাইৰ নিজৰ ওপৰতে ।
এইকেইদিন কোনো মন বেয়া লগা কথা কোনোপধ্যেই নাভাবে তাই,কাৰো প্ৰতি অভিযোগ নৰখাকৈ মাত্ৰ নিজক এৰি দিব এই পাহাৰৰ বুকুত । অকলশৰীয়া সময়েও জীৱনত মাজে সময়ে মাদকতা আনে ।
"মেম,ঠাণ্ডা পৰিছে..শ্বল খন লওক ,ভিতৰলৈ আহক " - জবাই মাতিলে তাইক , জবা দীয়াৰ বাবে পৰিচাৰিকাৰ লগতে খুব ভাল বান্ধৱীৰ দৰে।
'"তুমি ৰেষ্ট লোৱা জবা, মই আছোঁ ।"
শ্বল খন মেৰিয়াই ল'লে তাই... কটেজটোৰ লগত চেল্ফি এখন ল'লে আৰু পোষ্ট কৰিলে ফেচবুকত,ৱাটছ এপৰ ফ্ৰেন্দচ গ্ৰুপত " Feeling awesome in Shimla "
ইল্যুজনৰ পৃথিৱীখনত তাই নো কিয় নিজৰ মনৰ কষ্ট খিনি ,শূন্যতা খিনি দেখুৱাব! কি হ'ব ! ..মাজে সময়ে ভুৱা প্ৰলেপৰ মাজত উটি ভাঁহি থাকিও দেখোন নিজক আত্মসন্তুষ্টি দিব পাৰি , ভাবি থাকক সকলোৱে । তাই সুখী ।
পাহাৰৰ চিৰিয়েদি তললৈ নামি আহিল তাই ।
পাহাৰৰ মাজে মাজে বৈ অহা এটা সৰু নিজৰা । ধুনীয়া বনৰীয়া ফুলবোৰ ..এটা ধুনীয়া সুগন্ধি তাইৰ নাকত লাগিলহি আহি। বেঞ্চ এখনত বহি পৰিল তাই ...।
বহুত দিনৰ মূৰত ..
গান এটা গুণগুণাবলৈ মন গ'ল তাইৰ..কিমান দিন হ'ল গান গোৱা নাই ।...তাইৰ প্রিয় গানটো..
"জিন্দেগী কেইছি য়ে পহেলী হায়!! কভি তহ হছায়ে ,কভি য়ে ৰুলায়ে ..."
তাৰ পিছত কি আছিল জানো...!পাহৰিলে তাই,ছেহ...কি যে আৰু ।
"কভি দে'খ মন নেহী জাগে"
"পিছে পিছে চপনৌ কে ভাগে '
"এক দিন চপনৌ কা ৰাহী ...."
তাইৰ সুৰত সুৰ মিলাই কোনোবাই গাই উঠিল গীত টি ,খুব ধুনীয়া কৈ ।
ঘূৰি চালে তাই .. অলপ দূৰৰ বেঞ্চ খন বহি থকা ল'ৰা এজন ,"ইউ চিং চ ৱেল মেম " - আন্ধাৰত চেহেৰাতো ধৰিব নোৱাৰিলে তাই ।
উঠি গুচি গ'ল ..আগন্তুক।
তাইৰ কাণত বাজি ৰ'ল " ইউ চিং চ ৱেল মেম"
এজাক হিমশীতল বতাহে তাইক কঁপাই তুলিলে । স্ন ফ'ল হ'ব বোধহয় ! তাই শ্বল খন মেৰিয়াই উঠি আহিল । বতাহৰ সৈতে উৰি অহা কপাহৰ দৰে বৰফৰ টুকুৰাবোৰ ..চকু দুটা বন্ধ কৰি ৰৈ গ'ল তাই..চুই চালে বৰফৰ টুকুৰা বোৰে ....তাইৰ চকু,গাল মুখ...!
ज़िन्दगी कैसी है पहेली हाय
कभी तो हँसाए, कभी ये रुलाये
कभी देखो मन नहीं जागे
पीछे-पीछे सपनों के भागे
एक दिन सपनों का राही
चला जाये सपनों से आगे कहाँ
ज़िन्दगी कैसी है पहेली...
No comments:
Post a Comment