Friday, June 14, 2019

KM-13 : "সতী দাহ প্ৰথা"

"সতী দাহ প্ৰথা"


সতী দাহ প্ৰথা ,কৰ পৰা আৰম্ভ হল ,কিহৰ পৰা আৰম্ভ হল কোনো সঠিক বাখ্যা নাই । আনকি হিন্দু ধৰ্ম ৰ কোনো বেদ বা ধৰ্ম পুথিত  কোৱা হোৱা নাই যে স্বামী ৰ মৃত্যুত চিতাৰ লগত স্ত্ৰীক জীৱন্তে জ্বলাই দিব লাগে । তেন্তে ইমান জঘন্য প্ৰথা ভাৰতীয় সমাজত আহিল কৰ পৰা ।
"সতী "শব্দ তোৰ অৰ্থ কি ? সতীৰ অৰ্থ হল এনেকুৱা এগৰাকী স্ত্ৰী যিয়ে নিজৰ স্বামীক বাদ দি অইন পুৰুষৰ কথা নাভাবে, পতিব্ৰতা । কিন্ত সময়ত এই শব্দ তো আত্মজাহ দিয়া নাৰীৰ লগত জড়িত কৰা হল ।
পুৰাণত "সতী "শব্দৰ উল্লেখ স্বামী শিৱক পিতৃ দক্ষ ৰ দ্বাৰা কৰা অপমান সহিব নোৱাৰি যজ্ঞ ৰ অগ্নিকুণ্ডত জাপ দিয়া "মা সতী" ৰ লগত কৰা হৈছে ।
মহাভাৰত ৰ যুগত পাণ্ডু ৰ দুই গৰাকী পত্নী কুন্তী আৰু মাদ্রি আছিল । ঋষি এজনে অভিশাপ দিছিল যে যদি তেওঁ কোনো স্ত্ৰীৰ লগত সম্বন্ধ ৰাখে তেন্তে মৃত্যু হব । সেই অভিশাপৰ বাবে মাদ্রি ৰ লগত সম্পৰ্ক ৰখাৰ বাবে পাণ্ডু ৰ মৃত্যু হৈছিল । মাদ্রি য়ে সেই ভুল ৰ বাবে আত্মগ্লানিত ভুগি পাণ্ডুৰ চিতাত আত্মদাহ দিছিল , তেওঁক সতী হোৱা বুলি মহাভাৰতত উল্লেখ আছে ।
দুয়োটা উল্লেখিত ঘটনাত পত্নী গৰাকী য়ে নিজ ইচ্ছাত সতী হৈছিল । কোনো সামাজিক নিয়ম নাছিল । হিন্দু ধৰ্মত আৰু তিনি গৰাকী সতীৰ কথা উল্লেখ আছে সতী সীতা, সতী অহল্যা,সতী অনুসয়া । কিন্ত স্বামী ৰ চিতাৰ লগত নিজক শেষ কৰি দিয়াৰ কথা তো উল্লেখ নাই
তেন্তে এই কু প্ৰথা ভাৰতীয় সমাজত সোমাল কৰ পৰা ।
মোগলে আক্ৰমণ কৰাৰ সময়ত কোনোবা ৰজা পৰাজিত হলে মোগলৰ হাতত অপদস্থ হোৱাৰ আগতেৰাণী সকলে একেলগে আত্মদাহ দিছিল,যাক "জৌহৰ"নামেৰে জনা হৈছিল । ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ ৰাজপুত সকলৰ মাজত এইয়া অধিক প্ৰচলিত আছিল ।
সময়ত এইয়ে সতী প্ৰথা ৰ ৰূপ লৈ বুলি কোৱা হয় ।
পুৰুষ মহিলাৰ মাজত থকা বয়সৰ ব্যৱধান ৰ বাবেও নাৰী সকল  কম বয়সতে স্বামী হাৰা হৈছিল ,কিন্ত প্ৰথাৰ নামত তেওঁ লোকক জীৱন্তে জ্বলাই দিয়া হৈছিল । মৃত পুৰুষ জনৰ সম্পত্তিৰ লোভ তো পত্নী গৰাকীক এই প্ৰথাৰ নামত হত্যা কৰা হৈছিল।
সমাজত নাৰী সকলৰ মনটো এইয়া বহাই দিয়া হৈছিল যে তেওঁ লোকৰ জীৱন কেৱল স্বামীৰ জীৱিত অৱস্থা লৈ হে ,সেয়ে হে সতী হোৱাটো তেওঁলোকে একপ্ৰকাৰ পূণ্য ৰ কাম বুলি মানি চলিছিল ।
জীৱন্তে জ্বলাই দিয়া নাৰী গৰাকীৰ চিঞৰে কাৰো হৃদয় গলাব পৰা নাছিল এটা সামাজিক কু প্ৰথাৰ আগত । চিতাৰ পৰা যাতে নামি আহিব নোৱাৰে সেইবাবে হেনো মৃতদেহ ৰ লগত বাঁহ এডালত বান্ধি খৰি জাপি দিয়া হৈছিল। আনকি কোনোবাই ভয়ত অমান্তি হলে জোৰ জবৰদস্তি চিতাত জাপি দিয়া হৈছিল  ।
সময়ৰ লগে লগে এই কুপ্ৰথা ৰ বিৰুদ্ধে মাত মতা সাহসী ব্যক্তি ওলাল ।১৬ শতিকাত হুমায়ুন আৰু পিছত আকবৰে এই প্ৰথাৰ বিৰুদ্ধে  আপত্তি কৰাৰ কথাও উল্লেখ আছে । কোনো নাৰীৰ ইচ্ছাৰ বিৰুদ্ধে সতী নকৰিবলৈ হুকুম দিয়া হৈছিল যদিও ফলপ্ৰসু হোৱা নাছিল । ব্ৰিটিছ আহি এই  নিৰ্মম প্ৰথা ৰোধ কৰাৰ চেষ্টা কৰিছিল । ৰাজা ৰামমোহন ৰায় ৰ প্ৰচেষ্টাত ৪ ডিচেম্বৰ ১৮২৯ত ভাৰতত সতী দাহ প্ৰথাৰ ওপৰত বেন লগোৱা হয় । কিন্ত এইয়া সহজ নাছিল । এই সামাজিক কু প্ৰথা ইমান দ কৈ শিপাইছিল যে এইয়া আমাৰ পৰম্পৰা বুলি বহুতেই বিৰোধ কৰিছিল । স্বামীৰ লগত নিজৰ জীৱন দিব নাপালে আমাৰ জীৱন মিছা বুলি নাৰী সকলেই প্ৰতিবাদ কৰিছিল । হয়তো শিক্ষাৰ অভাৱ আৰু সামাজিক বা ধাৰ্মিক কিছুমান নীতি নিয়ম ৰ ভয়ে এই ধাৰণাৰ সৃষ্টি কৰিছিল ।কিন্ত সময়ত এইয়া নিৰ্মূল হল যদিও ২১শতিকাতো ১৯৪৩ ৰ পৰা ১৯৮৭লৈ ভাৰতৰ কিছুমান পিছ পৰা অঞ্চলত ৩০ তা সতী দাহ ৰ ঘটনা পোৱা গৈছিল ।চুবুৰীয়া দেশ নেপালত ১৯২০ চনত সতী দাহ প্ৰথাৰ ওপৰত বেন লগোৱা হৈছিল ।
এটা অনুমান মতে ১৮১৫ ৰ পৰা ১৮১৮ লৈ বেংগল ত 839 জনী মহিলা সতী দাহ প্ৰথাৰ ভুক্তভোগী হৈছিল। ভাবি চাব ভয়াবহতা ।
সামাজিক কু প্ৰথা বোৰৰ বলি সদায় নাৰী য়ে হয় আহিছে, আনকি এই প্ৰথা বোৰৰ সপক্ষে  নাৰীৰ সমৰ্থনো মন কৰিব লগীয়া ।

KM-06 : "মামী ..এক অদ্ভুত ৰহস্য "

"মামী ..এক অদ্ভুত ৰহস্য "


ফ্লিম কেইখন নিশ্চয় চাইছে "মামী" ৰ ওপৰত বনোৱা ।
কি এই মামী ? কেনেকৈ বনোৱা হৈছিল । ইজিপ্ততিয়ান  সকলৰ লোক বিশ্বাস মতে আত্মা তোৰ পুনৰ জন্ম হয় । দেহ এৰি ঘূৰি আহে । সেই হে তেওঁ লোকে ৰাজকীয় ঘৰৰ কোনোবাৰ মৃত্যু হলে ,বিশেষঃ কৈ" ফাৰাহ "মানে ৰজা ৰ হলে দেহ তো সংৰক্ষণ কৰি ৰাখিছিল। কেনেকৈ বনাইছিল এই  মামী ???


(১) মৃতদেহতো প্ৰথমে পবিত্ৰ পানীৰে ধুৱাই দিয়া হৈছিল ।

(২) দেহৰ বাওঁ কাষে পেটৰ ফালে কাটি লিভাৰ , কিডনী, নাৰী-ভুৰু বাহিৰ কৰা হৈছিল । এডাল বিশেষ হুক দি নাকেদি সুমাই মগজুতো ওলাই আনিছিল ।

(৩) অকল হাৰ্টতো  ৰখা হৈছিল । ইজিপ্ততিয়ান বিশ্বাস মতে  হৃদয়  সকলো অনুভূতি থাকে ,গতিকে  পুনৰ জন্মত এই খিনি স্মৃতি দৰকাৰী ।

(৪) ওলাই অনা অংগ সমূহ আৰু দেহতো এক বিশেষ নিমখ জাতীয় দ্ৰব্যত ৪০ দিনলৈ বান্ধি ৰখা হৈছিল।
(৫) অংগ সমূহ পাঁচ টা টেমাত ভৰাই থোৱা হৈছিল ।

৬).মৃতদেহটোক ধুই পৰিষ্কাৰ কৰি শুকুৱাই তেল সনা হৈছিল  ।

৭).ডাঠ কাৰ্পেট জাতীয় কাপোৰেৰে মৃতদেহটোক মেৰিয়াই দুই ফালে মম দি বন্ধ কৰি দিছিল  ।

৮).প্ৰায় ১৫-২০ দিন জোৰা এক কাৰ্যসূচীত মৃতদেহটোক প্রায় ২৫ তৰপে বেণ্ডেজ কৰা হয় ।
 ৯).বেণ্ডেজৰ ওপৰতেই এখন মূখা লগাই দিয়া হয় ।

১০).তাৰ পিছত গোটেই মৃতদেহটোক কাপোৰেৰে মেৰিয়াই দি সুন্দৰ কাৰিকৰী কৰা তথা আটকধুনীয়া কফিনত ভৰোৱা হৈছিল।

(১১) তাৰ পিছত  এটা ৰুমত তেওঁৰ ব্যৱহাৰ কৰা সকলো সামগ্ৰী ,সম্পত্তি লগত দি পিৰামিড সজা হৈছিল ।


পিৰামিড ৰ পৰা ৩৫০০০বছৰীয়া পুৰণা মামী ও উদ্ধাৰ হৈছে । এয়ে প্ৰমাণিত কৰে সেই সময়ৰ তেওঁ লোকৰ বুদ্ধি মত্তা, তেওঁলোকে ব্যৱহাৰ কৰা সেই  বিশেষঃ দ্ৰব্য ত কি কি আছিল আজিলৈ ভালকৈ উলিয়াব পৰা নাই ,৩৫০০০ বছৰলৈ মৃতদেহ ৰাখি থব পৰা আচৰিত । বিশেষঃ একো সা সৰঞ্জাম নোহোৱাৰ দিনত  বনোৱা সেই বিশাল পিৰামিড সমূহ আজিও ৰহস্য ।

পিছলৈ পিৰামিড সমূহ ত খনন কায্য আৰু গৱেষণাই বহুত তথ্য   উজাগৰ কৰিছিল। বহুত লুত পাতও হৈছিল সম্পত্তি সমূহৰ বাবে ।

তাৰে মাজত কিছু প্ৰবাদ ও নথকা নহয় । কোৱা যায় যে কিছুমান মামী ৰ লগত ফাৰাওৰ অভিশাপ আছে, আত্মা সোঁশৰীৰে দেহৰ লগত  বিৰাজ মান  ।   কিছুমান পিৰামিড গৱেষণা কৰিব যোৱা মানুহৰ লগত ঘটা কিছুমান অভাৱনীয় ঘটনা আনকি অদ্ভুত ধৰণে মৃত্যু ৰ মুখত পৰা কিছুমান আচৰিত ঘটনা ৰ কথা উল্লেখ পোৱা যায় ,যদিও বৈজ্ঞানিক প্ৰমাণ নাই । পিছত লিখিম কেতিয়াবা ।

দুনীয়া খন সচাই শেষ নোহোৱা কিছুমান ৰহস্য ৰে ভৰা ।

KM-07 : "বাৰ্মুদা ট্ৰেংগল"

"বাৰ্মুদা ট্ৰেংগল"

নামটো চাগে সকলোৱেই শুনা । কি এই বাৰ্মুদা ট্ৰেংগল । কি এই ৰহস্য?

বাৰ্মুদা ট্ৰেংগল বা ডেভিল ট্ৰেংগল । নৰ্থ আটলাণ্টিক মহাসাগৰৰ পশ্চিম দিশে থকা এটা ত্রিকোন আকাৰ ৰ দ্বীপ । মীয়ামী চহৰৰ কাষত যত আজিলৈ অসংখ্য মানুহ, উৰাজাহাজ, পানী জাহাজ ৰহস্যজনক ভাবে নিৰুদ্ধেশ হৈছে আৰু আজিলৈ কোনোৱে এই অংশ টোত ভালদৰে যাব পৰা নাই । সেই হে আজিও ই এক ডাঙৰ সাঁথৰ ।

ইও এছ নেভী  ৰ মতে এনে কোনো ঠাই নাই মেপত । কিন্ত এই বিশেষ সীমা ৰেখাৰ ভিতৰ সুমালেই কিয় নিৰুদ্ধেশ হয় তাৰো উত্তৰ নাই ।
 এই দ্বীপ তোৰ বিষয়ে পোহৰলৈ  ব্যক্তি জন আছিল ক্ৰিষ্টোফাৰ কলম্বোচ, তেওঁ লিখিছিল যে দ্বীপ তোৰ ওচৰ পোৱাৰ লগে লগে কম্পাছ কাম কৰা বন্ধ কৰি দিছিল আৰু আকাশত জুইৰ নিচিনা কিছুমান গোলাকৃতি ঘূৰি ফুৰিছিল ।
এই ঠাই খিনিৰ আশে পাশে কম্পাছ কাম কৰা বন্ধ কৰি ভুল দিশা দেখুৱা বাবে বহুত পানী জাহাজৰ সলীল সমাধি ঘটে তাত ।

১৯৪৫ চনত  ১৪ জন সৈনিক পাঁচ খন নেভী  ৰ প্লেন বিমিনী বোলা দ্বীপ এটা লৈ উৰা মাৰিছিল । তেওঁ লোকে  সেই সীমাৰ কাষদি যোৱাৰ পিছত একো  ৰেদিও চিগনেল নোপোৱা হল ,সেই কেইখন জাহাজ আজিলৈ পোৱা নগল । আনকি তিনি খন প্লেন তেওঁ লোকক বিচাৰিবলৈ পঠোৱা হৈছিল বাৰ্মুদা ৰ আশে পাশে ,সেই কেইখনো নোহোৱা হল ।
বহুত মানুহে যি ভাগ্যৰ বলত ওচৰ চাপি বাছি আহিছিল তেওঁলোকে বাৰ্মুদা ত এটা অদ্ভুত ধৰণৰ কুঁৱলী দেখিছিল । বহুতে সেইয়া টাইম ট্ৰেভেল টিউনেল বুলিও কব খোজে ,অৰ্থাৎ সময়ৰ যাত্ৰা কৰিব পাৰি ।পাইলত ব্ৰুচ গীৰন নামৰ ব্যক্তি জনে এই কুঁৱলী তোৰ ওচৰ পাওঁতে ২৮ মিনিট সময় নোহোৱা হৈ যোৱাৰ কথা কৈছিল ।
২০ শতিকাত  ৩০০মানুহেৰে ভৰা এখন জাহাজ বাৰ্মুদা ট্ৰেংগল ৰ ওচৰৰ ৰ পৰা নোহোৱা হয় । কত গল এই জাহাজ ,এই ৩০০ জীৱন্ত মানুহ । আচৰিত ভাৱে  আজিলৈ ইয়াত   নোহোৱা হোৱা জাহাজ বোৰৰ অৱশিষ্ট অংশও পোৱা নাই ।

এনেকুৱা বহুত কাহিনী আছে এই দ্বীপ তো লৈ ।

বহুতে কব খোজে বাৰ্মুদাত ইউ এছ চৰকাৰৰ গোপন কিবা গৱেষণা চলে যুদ্ধ বিষয় লয় । গতিকে কাকো  তালৈ যাব নিদিয়ে যদিও ইয়াৰ কোনো সত্যতা আজিলৈ পোৱা নাই ।
বহুতে কয় যে তাত এক ভয়ংকৰ ঘূৰ্ণি বতাহ চলে ,যত সকলো নোহোৱা হয় ।
বহুতে তাত ৰাক্ষসজাতীয়  আৰু আন বিলুপ্ত প্ৰাণী বোৰ থকা বুলিও কয় ।সেয়েহে ডেভিল ট্ৰেংগল বুলি কোৱা হয় ।

কিছুমানে আনকি ডাঠি কব খোজে যে বাৰ্মুদা ট্ৰেংগল ত অইন গ্ৰহ ৰ জীৱ আছে অৰ্থাৎ এলিয়েন । কাৰণ বহুতেই এই দ্বীপ ৰ আশে পাশে ইও এফ অ  (UFO)বা উৰন চাকী দেখা বুলি দাবী জনাইছিল ।

এতিয়ালৈ  সম্পূৰ্ন কৈ জানিব পৰা হোৱা নাই আচলতে কি এই বাৰ্মুদা ট্ৰেংগল ? কি ৰহস্য এই ঠাইৰ?

KM-08 : "য়েটি অৰ্থাৎ হিমমানব "

"য়েটি অৰ্থাৎ হিমমানব "

এই দুনীয়াৰ অন্য এক ৰহস্য । এটা         দেখাত চিম্পাজী দৰে  গোটেই গাত নোমেৰে ভৰি থকা এক বিশাল  অবয়ব ।
য়েটি ৰ কথা নেপাল ৰ বহুত পৌৰাণিক লোককথাত আছে । কোৱা যায় এই য়েটি বিশেষঃভাবে  নেপাল , ভূটান আৰু তিব্বতৰ হিমালয় পৰ্বতৰ বৰফ ৰ মাজত  দেখা যায় ।

 এই য়েটি কি? আচলতে আছে নে নাই ...কোনো  প্ৰমাণ নাই । মাত্ৰ কিছুমানে এই  দূৰৰ পৰা য়েটি দেখা বা ভৰিৰ চিন মাত্ৰ পাইছে । সেয়েহে এই য়েটি ৰ দুনীয়া আৰু অস্তিত্ব ৰহস্যজনক ।
১৯২৫ চনত ,এন এ টমবাজী নামৰ এগৰাকী ফটোগ্ৰাফাৰ । নিজৰ টিমৰ লগত  হিমালয়ৰ ১৫০০০ ফিট ওপৰত ফটো তুলি আছিল । হঠাৎ বৰফৰ মাজত এটা বিশাল অবয়ব দেখা পৰিল । মানুহ ৰ দৰে দেখাত গোটেই গাত দীঘল নোম ।  দৌৰি গল তেওঁ ।কিন্ত এক মিনিট ত সেই অবয়ব তো নোহোৱা হৈ গল ।কিন্ত সেই ঠাই খিনিত সাত ইঞ্চি দীঘল আৰু চাৰি ইঞ্চি বহল ভৰিৰ চাপ তেওঁ লোকে বিচাৰি পালে ।
১৯৫৩ চনত চাৰ এডমাণ্ড হিলেৰী আৰু টেনজিঙ নৰগে মাউণ্ট এভাৰেষ্ট ত য়েটি ৰ ভৰিৰ চাপ দেখা পায়  ।   টেনজিঙয়ে পিছলৈ তেওঁৰ এখন আত্মকথা ত য়েটি  থকাৰ কথা  ডাঠি লিখে ,ইয়াকো কয় যে তেওঁৰ দেউতাকে দুবাৰ কৈ য়েটি ওচৰৰ পৰা দেখিছে , য়েটি য়ে মানুহ দেখাৰ লগে লগে অদৃশ্য হয় পৰে,কত লুকাই যায় আজিলৈ ডাঙৰ সাঁথৰ ,আনকি আজিলৈ ইয়াৰ জীৱাষ্মও পোৱা নাই  ।এবাৰ এটা লাওখোলা পোৱা বুলি ওলাইছিল কিন্ত পিছত সেয়া ভুৱা বুলি প্ৰমাণিত হয়।

১৯৬৬চনত ভূটান চৰকাৰে" য়েটি" ৰ ওপৰত এটা  ষ্টাম্প ও বাহিৰ কৰিছিল। ১৯৭০ চনত  এগৰাকী ব্ৰিটিছ পৰ্বতাৰোহণকাৰী ডন হুইলাঞ্চ য়ে হিমালয়ৰ  অন্নপূৰ্ণা শৃংগ ত কেম্পৰ ওচৰত এটা এনে বিশাল অবয়ব প্ৰত্যক্ষ কৰে । তেওঁ তাত ডাঙৰ  অদ্ভুত মাত শুনি আচৰিত হয় । তেওঁৰ লগত থকা সহায়ক জনে কয় যে এইয়া "য়েটি " ৰ চিঞৰ । তেওঁ বিশ্বাস কৰা নাছিল । কিন্ত বৰফত দেখা বিশাল ভৰিৰ চাপ বোৰে তেওঁক বিশ্বাস কৰিব বাধ্য কৰে ।
 আন এগৰাকী পৰ্বতাৰোহণকাৰী য়ে এবাৰ তেওঁ লোকৰ টিম তোয়ে দুটা এনে বিশাল অবয়ব ৰ প্ৰাণীয়ে বৰফত খেলি থকা দেখা পায় । মানুহ দেখি অদ্ভুত চিঞৰ দি দুয়োটা য়েটি পৰ্বতৰ বৰফৰ মাজত নোহোৱা হয় ।
 হিমালয়ৰ বহুলোকে "য়েটি" ক এক আলৌকিক শক্তি,  হিমালয়ৰ ৰক্ষকৰূপে আৰাধনা কৰে ।
বহু লোকে অতীতৰ পৰা আজিলৈ হিমালয়ৰ উচ্চতাত  য়েটি বা হিমমানৱ বা বিগফুট দেখাৰ কথা কৈ আহিছে ,কিন্ত সঠিক প্ৰমাণৰ অভাৱত ই আজিও ৰহস্য ।  আনকি ফটো সমূহ তো স্পষ্ট ৰূপত ধৰা পৰা নাই য়েটি ।কিন্ত আচলতে কি এই য়েটি?

 কিবা এটা জন্তু নে মানবৰ আদিম ৰূপ নে দানব নে লোকবিশ্বাস অনুসৰি কোৱা এক অলৌকিক শক্তি ।

বিজ্ঞান যিমান আগবাঢ়িলেও দুনীয়াৰ বহুত ৰহস্য আজিও ৰহস্য য়ে

KM-09 : "এডল্ফ হিটলাৰ"

"এডল্ফ হিটলাৰ"

নিষ্ঠুৰ ব্যক্তিৰ নাম মনলৈ আহিল প্ৰথমতে এওঁৰ নামেই আহে । ১৯৩৩ চনত তেওঁ জাৰ্মানীত যেতিয়া শাসন লৈ আহে,  তেতিয়া দৃতীয় বিশ্বযুদ্ধৰ সময় । হিটলাৰ শাসন লৈ অহাৰ লগে লগে তাত থকা ইহুদি সকলৰ জীৱন দুৰ্বিহ হয় পৰে ,ইয়াৰ আঁৰত আছিল হিটলাৰ ৰ ইহুদি সকলৰ প্ৰতি থকা ঘৃণা । তেওঁ লোকে তাৰ পৰা পৰা আঁতৰাই পঠোৱাৰ আইন জাৰী কৰিলে ।
 ইউৰূপীয়ান জীউছ বা ইহুদি  সকলক আঁতৰাই পঠোৱাৰ নামত আৰম্ভ হল তেওঁ লোকৰ ওপৰত অমানৱীয় অত্যাচাৰ । শিশু ৰ পৰা বৃদ্ধ লৈ কোনো সাৰি যোৱা নাছিল ।  । নাৰী সকলৰ ওপৰত চলিছিল গণ ধৰ্ষণ , গণ ধৰ্ষণ ৰ পিছত নাৰীৰ দেহ ৰ  বক্ষ ওপৰত এৰি দিছিল ভোকাতুৰ কুকুৰ ,গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰি পেট কাটি শিশু উলিয়াই ফুটবল ৰ দৰে খেলিছিল , ইমান নিৰ্দয়ী আছিল এই হিটলাৰ বাহিনী । নাৎজী সকলে ছয় মিলিয়ন ইহুদিক হত্যা কৰিছিল ।
"গেছ চেম্বাৰ" এই ইহুদি সকলক হত্যা কৰাৰ বাবেই বনোৱা হৈছিল। কি এই গেছ চেম্বাৰ ...
 এটা সৰু ৰুমত হেঁচা থেপা কৈ লোকসকলক ভৰাই দিয়া হৈছিল । তাৰ পিছত তাত কাৰ্বন মন অক্সাইড জাতীয় বিষাক্ত  গেছ  কিছুমান ভৰাই দিয়া হৈছিল।  তাত থকা লোক সকলে উশাহ লব নোৱাৰি খুব কষ্টত মৃত্যুবৰণ কৰিছিল আৰু সেই মৃত্যু য়ে হিটলাৰৰ চকু জুৰ পেলাইছিল।
এজন মানুহৰ মনত থকা ঘৃণাই কিমান মানুহৰ জীৱন নিষ্ঠুৰ ভাবে কাঢ়ি নাছিল । তাৰেই উদাহৰণ এই গেছ চেম্বাৰ ৰ ভয়ংকৰ ইতিহাস ।ইহুদি হত্যাৰ এই ঘটনাক  ইতিহাসত হলোকস্ট নামে পৰিচিত।

KM-10 : "জিগোলো"

"জিগোলো"

কেইবছৰ মান আগৰ কথা চণ্ডীগড় ত আছিলোঁ ।  চিনাকি দাদা এজনক মাৰ্কেট ত লৰা এজনে গাত খুন্দিয়াই এখন কাৰ্ড দি গৈছিল আৰু কৈছিল "ইফ ইও আৰ ইন্টাৰেষ্টেড ,কল মী হেণ্ডচাম " শুনি মাথা ঘূৰি গৈছিল । প্ৰথম গম পাইছিলোঁ ইমান খোলা কৈও অফাৰ দিব পাৰে ,তাকো এজন পুৰুষে পুৰুষক । হয় ঠিকেই ধৰিছে সেইজন এগৰাকী পুৰুষ যৌন কৰ্মী আছিল ।

ভাবিলোঁ এই টপিকত লিখোঁ নে নিলিখো । "সোনাগাছি" ৰ ওপৰত লিখিছিলো  এদিন । মহিলা যৌন কৰ্মী ৰ ওপৰত । আপুনি জানে নে পুৰুষ যৌন কৰ্মী ও আছে?
 হয় ...এওঁ লোকক বোলা হয় " জিগোলো( Gigolo) বা kept man ও বোলা হয় । ৰক্ষিতা ৰ পুলিংগ । আচৰিত নহব ...এইয়া আজিকালি ৰ বুলি নহয় অতীত ৰ পৰা প্ৰচলিত । পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত  নাৰীৰ লগত যৌন সম্পৰ্ক  খুলা খুলি, ৰেড লাই ট এৰিয়া সমূহ তাৰেই প্ৰমাণ  ...কিন্ত এই পুৰুষ যৌন কৰ্মী ৰ ব্যৱসায় এতিয়াও পৰ্দাৰ আঁৰত ।
অতীতত ৰজা সকলে ৰক্ষিতা ৰখাৰ দৰে ,কিছু মান ৰাণী য়েও যৌন দাস ৰখাৰ কথা  ইতিহাসত উল্লেখ আছে ।
কি এই  জিগোলো সকল ...অকল যৌন সম্পৰ্ক নহয় ,  বহুতো সকলো থাকিও অকলশৰীয়া মহিলাক মানসিকভাবে ,শাৰীৰিক ভাবে সংগ দিয়াই নহয় তেওঁ লোকৰ দিনাৰৰ সংগী ,নাচৰ সংগী হৈ তেওঁলোকৰ জীৱন কিছু ৰঙীন কৰি তোলে , বিনিময়ত পাই কিছুমান দামী উপহাৰ বা ঘণ্টা হিচাপত টকা ।
 আজিৰ যুগৰ বিলাসীতা বোৰ পূৰণৰ বাবে বেছি ভাগ কলেজীয়া ছাত্ৰ বোৰে এই ব্যৱসায়ত লিপ্ত হয় হাত খৰছ উলিয়াৰ বাবে ।

 জিগোলো সকলৰ ক্লাব  কিছুমানো থাকে । ইন্টাৰনেট ৰ দিনত এওঁবোৰ বেছি সক্ৰিয় হৈ উঠিছে । খুলা খুলি কে বিজ্ঞাপন দি দিয়ে ।

জানি আচৰিত হব  বিশেষকৈ আদবয়সীয়া ধনী মহিলাৰ দ্বাৰা আয়োজিত কিছুমান গোপন পাৰ্টি ত এওঁলোকক চাপ্লাই দিয়া হয় ,মেল এছকৰ্ট কোৱা হয় । মেট্ৰ চিটি বোৰৰ লাইট ৰ জিকমিকিনিৰ মাজত পুৰুষৰ দেহ ৰো বেহা চলে । আজিকালি এইয়া সৰু সৰু চহৰ তো শিপাইছে । মাজতে হায়দৰাবাদ,দিল্লী ,চণ্ডীগড় ৰ পৰা পুলিছে এনে বহুত" মেল এছকৰ্ট " গ্ৰুপ ধৰিছিল । সকলো নাৰীয়ে কেৱল দৈহিক সুখৰ বাবেই এনে সংগী বিচাৰে নে ...হয়তো নহয় । শুনক এজন জিগোলোৰ মুখেদি...
 "Money was What made me say"yes" to my friends invitation to be a Gigloo"  মুম্বাইৰ ২৮ বছৰীয়া যৌন কৰ্মী আকাশ ৰ কথা । এক ৰাতিত ৬০০০ ৰ পৰা২৫০০০লৈ লোৱা আকাশ ৰ মতে মই বিবাহিতা ,অবিবাহিতা, হাউচ ওৱাইফ ,বিজনেছ বমেন সকলোৰে লগত সময় কটাইছোঁ ।কিন্ত অধিকাংশ নাৰী নিজৰ জীৱন তো লৈ কিবা এটা খুব দুখত ভোগা । বেছি ভাগৰ স্বামী থাকিও নথকাৰ দৰে..নিজৰ লাইফ  অইন নাৰীৰ লগত মত্ত । টকা দি নিজৰ দায়িত্ব পালন কৰে ....তেনে বোৰ গ্ৰাহক য়ে টকাৰ বিনিময়ত মূৰ পৰা অকল শাৰীৰিক নহয় মানসিক কিছু মৰম বিচাৰে যিখিনি মই টকাৰ বিনিময়ত দিওঁ ।
সকলোত কৈ ডাঙৰ কথা তেওঁ লোকে এই সম্পৰ্ক গোপনে ৰখা তো বিচাৰে ।
 আকাশ য়ে এগৰাকী মুম্বাইৰ খুব ধনী মহিলা ৰ কথা কয় যে ,যেতিয়াই মোক মাতে ,ওচৰত আহে মোক নিজৰ গিৰিয়েক ৰ নিচিনা মৰম আৰু কেয়াৰ কৰে ,নিজৰ ঘৰৰ কথা কয়,লৰা ছোৱালী ৰ কথা কয়, বজাৰ কৰা বস্তু বোৰ দেখায়। কান্দে তেওঁক সময় নিদি পৰকীয়া প্ৰেমত মত্ত হয় ফুৰা গিৰিয়েকৰ কথা কয় ।
মই সেই খিনি সময়ত তেওক মানসিক কেয়াৰ খিনি দিব চেষ্টা কৰো যিখিনি হয়তো তেওঁ বিচাৰি নাপায় মোৰ ওচৰত আহে ।

আমি উঠি বহি থকা সমাজৰ এইবোৰ কিছুমান অচিনাকি চেহেৰা । যিবোৰ অতি ভয়ংকৰ ।  পাৰ্থক্য এটাই যে পুৰুষ যৌনকর্মী সকল সম্পূৰ্ন নিজৰ ইচ্ছাত এই ব্যৱসায়ত নামে,এওঁ লোকক কোনো জোৰ জবৰদস্তি কৰা নহয়  না মহিলা যৌন কৰ্মী সকলৰ দৰে নাৰকীয় জীৱন হয় ।কেইবছৰ মান আগতে অক্ষয় কুমাৰ আৰু জন আব্ৰাহাম অভিনীত "দেশী বয়চ" বোলছবি খনত এই বিষয়ে জনোৱা হৈছে ।

KM-11 : "দেৱদাসী"

#দেৱদাসী


ভাৰতীয় সভ্যতা ৰ এক কলা অধ্যায় । ধৰ্ম ৰ নামত নাৰীৰ জীৱনৰ  লগত এক জঘন্য খেল এই দেৱদাসী প্ৰথা ।
মন্দিৰৰ দেৱতাক সন্তুষ্ট কৰাৰ বাবে এক বিশেষঃ শ্ৰেণী ৰ নৰ্তকী ছোৱালী ক নিযুক্ত কৰা হৈছিল । তেওঁ লোকক দেৱদাসী বোলা হৈছিল । তেওঁ লোকে কৰা নৃত্যক দেৱদাসী নৃত্য বোলা হৈছিল । ভাৰতীয় সমাজৰ অতি প্ৰাচীন প্ৰথা ।  কৌটিল্যৰ অৰ্থ শাস্ত্ৰ  তো ইয়াৰ উল্লেখ আছে । সোমনাথ মন্দিৰ ৰ দেৱদাসী নৃত্য বিখ্যাত আছিল ।
ভাৰতৰ বিভিন্ন ঠাইৰ দেৱদাসী প্ৰথা বিভিন্ন নামেৰে পৰিচিত । গুজৰাট তে চাৰি হাজাৰ মন্দিৰত  ২০০০০ দেৱদাসী আছিল বুলি কোৱা হয় ।দেৱদাসী প্ৰথাৰ নিষিদ্ধকৰণৰ ব্যৱস্থা স্বাধীনতাৰ বহু আগৰেই পৰা চলি আছিল ।
ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগৰ ২০১৩ ৰ তথ্য মতে ভাৰতত প্রায় ৪,৫০,০০০ দেৱদাসীৰ উমান পোৱা যায় ।

ৰঘুনাথ ৰাও ৰ অধীনত আৰু এখন আয়োগৰ তথ্য মতে প্ৰায় ৮০,০০০ দেৱদাসী কেৱল অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাতেই পোৱা যায় ।
কেনেকৈ আৰম্ভ হয় এই প্ৰাচীন দেৱদাসী প্ৰথা ।  দুখীয়া ঘৰৰ অভিভাৱকে কন্যা ৰজস্বলা হোৱাৰ আগতে কোনো বিশেষ মন্দিৰ এটালৈ লৈ আহিছিল । তাত কুমাৰী কন্যাক নিলাম কৰা হৈছিল আৰু মন্দিৰ ৰ নামত দান দিয়া হৈছিল, হাস্যকৰ ভাবে এয়া এক মহান কাম বুলি ধৰা হৈছিল  । মন্দিৰত থকা বিগ্ৰহ ৰ লগত বিয়া পাতি চিৰ জীৱন মন্দিৰ ভগৱানৰ সেৱাত জীৱন উচৰ্গা কৰা হৈছিল,যাক কৈছিল দেৱদাসী  । তাৰ পিছত সেই কন্যাৰ লগত মন্দিৰৰ প্ৰধান পুৰোহিতে  প্ৰথম যৌন সম্পৰ্ক কৰিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল মন্দিৰত থকা অন্য পুৰোহিত আৰু সমাজৰ উচ্চ ধনী বৰ্গৰ ৰক্ষিতা হোৱাৰ জীৱন ।মন্দিৰৰ বিগ্ৰহৰ ওচৰত উচৰ্গা কৰা তেওঁৰ দেহ উপভোগ হৈছিল এচাম ভণ্ড ধৰ্মৰ দালাল ৰ দ্বাৰা । চিৰজীৱন  দেৱদাসী সকলে জীৱন কটাইছিল মন্দিৰৰ কাম কাজত আৰু ইয়াত হোৱা অনুষ্ঠানত নৃত্য প্ৰদর্শন কৰি , এই নৃত্য সমূহৰ মাজত ভাৰত নাট্যম আৰু ওদিছি নৃত্য অন্যতম ,এওঁলোকক মন্দিৰৰ আৰু ধৰ্মৰ লগত জড়িত হোৱা বাবে সমাজত উচ্চ স্থান দিয়া হৈছিল । দেৱদাসী সকলৰ কন্যা সন্তাককো দেৱদাসী য়ে বনোৱা হৈছিল ।  ধৰ্মৰ লগত জড়িত  এই সামাজিক কুপ্ৰথাৰ উৎপত্তি ৰ লগত নানা কাহিনী জড়িত, ভাৰতত বিভিন্ন অঞ্চল ,বিশেষঃ ভাবে দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উৰিষ্যা, গুজৰাট ত এই প্ৰথা বহুল ভাৱে আছিল । বহু ঠাইত "যোগিনী" ও বোলা হয় এওঁলোকক । অসমতো এই প্ৰথা আছিল ।অসমৰ ডুবি ত থকা পৰিহৰেশ্বৰ দেৱালয় আৰু নেঘেৰিটিং শিৱদৌলতো দেৱদাসী প্ৰথা তথা নৃত্যৰ প্ৰচলন থকাৰ উমান পোৱা যায় ।


পিছত ভাৰতত এই প্ৰথা নিষিদ্ধ আইনীভাবে নিষিদ্ধ কৰা হয় । বোম্বে দেৱদাসী আইন১৯৩৪ , দেৱদাসী মাদ্ৰাজ আইন ১৯৪৭,কৰ্ণাটক দেৱদাসী আইন ১৯৮২,অন্ধপ্ৰদেশ দেৱদাসী আইন১৯৮৮ প্ৰমুখ ।

 ধৰ্মৰ দোহাই দি দেৱদাসী বা পবিত্ৰ গণিকা বা পবিত্ৰ গণিকা বৃত্তি ৰ নাম দিলেও ইয়াৰ আঁৰত আছিল দৰিদ্ৰতা , জাতিভেদ আৰু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ আঁৰত হোৱা নাৰীৰ শোষণ ৰ অন্য ৰূপ ।

KM-12 : "আম্ৰপালী"

আম্ৰপালী

নামটো নিশ্চয় শুনিছে , বৌদ্ধ ধৰ্মৰ লগত জড়িত । কোন  এই আম্ৰপালী ? জানো আহক ..

যীচু জন্মৰ ৫০০ /৬০০ বছৰ আগৰ ঘটনা ।  ভাৰত বৰ্ষৰ এতিয়াৰ বিহাৰ তেতিয়াৰ বৈশালী ৰাজ্য ,আমৰ বাগিচাত  শিশুৰ কান্দোন শুনি এহাল নিসন্তান দম্পত্তি আগবাঢ়ি গল দেখিলে আম গছ এজোপাৰ তলত পুতলাৰ নিচিনা এটি কন্যা শিশু । তেওঁলোকে তুলি আনিলে ,নাম থলে আম্ৰপালী ।

  সময়ৰ লগে লগে অতীৱ সুন্দৰী হৈ পৰিল  আম্ৰপালী । ইমান বেছি সুন্দৰী আছিল যে মাত্ৰ এবাৰ তেওঁক  দেখাৰ বাবে গোটেই নগৰৰ সকলো পুৰুষ ব্যাকুল আছিল । অসামন্য সুন্দৰী পুত্ৰীক লৈ মাক দেউতাক চিন্তাত পৰিল ।
তেওঁৰ ৰূপৰ কথা গোটেই নগৰত চৰ্চিত বিষয় হৈ পৰিল । শুনা পালে সেই দেশৰ ৰজা মনুদেৱ য়ে । ইমান সুন্দৰী স্ত্ৰী তেওঁ কেনেকৈ এৰি দিব । ৰজাই বিচাৰি গল আম্ৰপালীক । বিধিৰ বিপাক সেইদিনাই ৰাতি তেওঁৰ বিবাহৰ যোগাৰ চলিছিল বাল্যপ্ৰেমিক পুষ্পকুমাৰ ৰ লগত ।  প্ৰবাদ মতে ৰজাই হত্যা কৰে পুষ্প কুমাৰক আৰু আম্ৰপালীক ৰাজসভালৈ লৈ আহে । তাত  ৰাজসভাই নিৰ্ণয় লয় যে ইমান অতীৱ সুন্দৰী  নাৰী মাত্ৰ এগৰাকী পুৰুষৰ হব নোৱাৰে । তেওঁ লোকে আম্ৰপালীক "নগৰ বধু" ৰূপে ঘোষণা কৰে অৰ্থাৎ বহু পুৰুষৰ ভোগ্য নাৰী । নগৰ ৰ উচ্চ শ্ৰেণী ৰ পুৰুষ সকলে তেওঁৰ লগত ৫০ সোণৰ মোহৰৰ বিনিময়ত শয্যাসংগী হব পাৰিব । তেওঁ ৰাজসভাত নৃত্য গীত পৰিবেশন কৰিব ।
কথা মতেই এটা ডাঙৰ ৰাজমহল আৰু ৰাণী এগৰাকীক দিয়া সকলো সা সুবিধা দিয়া হল আৰু আম্ৰপালী হল নগৰ বধু বা জনপদকল্যাণী ।এটা অধিকাৰ দিয়া হল তেওঁ সংগী নিজেই লব পৰা অধিকাৰ । কাৰো জোৰ নচলিব নগৰ বধু ৰ ওপৰত ।
যুগে যুগে নাৰী শোষিত ..লাগিলে যি নামেৰেই নহওক কিয় ।
সেই সময়ত আম্ৰপালীৰ ৰূপৰ কথা শুনি বলিয়া হয়  বৈশালীৰ শত্ৰু দেশ মগধৰ ৰজা বিম্বীসাৰ । তেওঁ ছদ্মবেশ ধৰি তেওঁৰ মহল ত আহে । খুব ভাল গায়ক বিম্বীসাৰৰ প্ৰেমত পৰে আম্ৰপালী । সেই সময়ত মগধে বৈশালী ক আক্ৰমন কৰে ।  কিন্ত যেতিয়া আম্ৰপালী য়ে    সেই কথা গম পায় বিম্বীসাৰৰ পৰিচয় পাই  প্ৰেম প্ৰত্যাখ্যান কৰে আৰু বিবাহ কৰিব অমান্তি হয় । সেই সময়ত নিজৰ ৰাজ্যেৰ প্ৰেম বেছি গভীৰ হয় অম্ৰপালী ৰ বাবে । তেওঁ লোকৰ পুত্ৰ সন্তান  এটি জন্ম হয় ,তেওঁৰ নাম আছিল বিমল কুদ্দন । যিয়ে পিছলৈ এজন বিখ্যাত বৌদ্ধ ভিক্ষু হয় ।
এই  অতীৱ ৰূপৰ অধিকাৰী আম্ৰপালী এদিন এক বাৰিষাৰ দিনত মহল ৰ পৰা দেখে এক তৰুণ বৌদ্ধ ভিক্ষু ক । তেওঁ আকৃষ্ট হৈ পৰে তেওঁৰ প্ৰতি ।যত সংসাৰৰ ৰজা মহাৰাজাও মোৰ ৰূপৰ পৰা যৌৱন  মোহৰ পৰা সাৰি নগল তাতে এই ভিক্ষু কি ? তেওঁ আমন্ত্ৰণ কৰে নিজৰ মহল ত থাকিব ।সেই তৰুণ ভিক্ষু ই ভগবান বুদ্ধ ৰ পৰা অনুমতি লয় তাত থকাৰ ।  বাৰিষাৰ কাল  কটোৱাৰ পিছত সেই ভিক্ষু বুদ্ধ ৰ তাত উভতি যায় ,লগত যায় নগৰবধু আম্ৰপালী , কিন্ত সম্পূৰ্ণ বেলেগ ৰূপত । গৈয়ে তেওঁ বুদ্ধ ৰ ভৰিত পৰি কান্দে ...এই  পাপী জীৱনৰ পৰা মুক্তি বিচাৰে,স্বীকাৰ কাঢ়ে যে এই তৰুণ ভিক্ষুক সকলো প্ৰকাৰে মোহিত কৰিব চেষ্টা কৰিও বিফল হয় ৰূপৰ অহংকাৰ চূৰ্ণ হয়,বুজি উঠে ৰূপ কামনা বাসনা দুদিনীয়া ,জীৱন নহয়  ।

ভগৱান বুদ্ধ ই তেওঁক বৌদ্ধ ধৰ্মত  দিক্ষীত কৰে আৰু এটা সময়ৰ অনেক পুৰুষৰ সংগী অপৰূপা আম্ৰপালী গোটেই জীৱন নিষ্ঠা সহকাৰে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰু মানব সেৱাত অতিবাহিত কৰে ।

KM-14 : "কিছু অবাস্তব"

#কিছু অবাস্তব

বাছখন দেৰিকৈ পালে গাঁও । সীমান্ত নামিল বাছ খনৰ পৰা , শীতল বতাহ এক জাকে কঁপাই দিলে তাক , দুই বছৰৰ মূৰত মামাকৰ গাঁওলৈ আহিছে সি । বেগটো পিঠিত উঠাই ললে সি ...খালি ৰাস্তাটোত একো নেদেখিলে , লাহে লাহে আগবাঢ়িল ।
"ছেহ...কিহে পাইছিল মোক খবৰ নিদিয়াকৈ আহিব ,মৰ এতিয়া খোজ কাঢ়ি ।"
"ভাইটি , যাবা নেকি" ...ওচৰতে টেম্প এখন হঠাৎ ৰল। চক খাই গল সি ...ঠাই হব নে? হব হব ..উঠা , ঠাহ খাই আছে মানুহেৰে ।
কোনোমতে বহিল সি । কাৰো মুখত একো মাত নাই ,সকলো তল মূৰ কৰি আছে ...সব বোধহয় ভাগৰুৱা ।  কলৈ যাব ...আঁহতৰ তললৈ ,সীমান্তই কলে ।
খুব ঠাণ্ডা অনুভৱ কৰিলে সীমান্তই । হঠাৎ সমুখৰ পৰা এখন বাইক খুব তীব্ৰ গতিত আহিল ,জোৰে ব্ৰেক মাৰি  টেম্প খন ৰৈ গল " কি যে আৰু পাগল সব, খুন্দা লাগিলেই এতিয়াই ডাঙৰ এক্সিডেন্ট হল হেতেন" ...সব শেষ হৈ গল হেতেন , আমি বোৰ ,তুমি ...বাকী নাই অ ,সব শেষ হৈ গল "সীমান্তৰ ওচৰত থকা তিৰোতাগৰাকী য়ে কান্দি উঠিল ...লগতে বাকী মানুহ খিনি য়েও বিকট চিঞৰ দিলে । ঘূৰি চাই ...সীমান্তই মাত্ৰ দেখিলে গোটেই মানুহ খিনি ৰক্তাক্ত ,কাৰোবাৰ চকু কেইটা ওলাই আহিছে ,কাৰোবাৰ মূৰ ছিঙি গৈছে ..কটা হাত এখন উফৰি আহি তাৰ কোলাত পৰিল ...একো বুজি নাপালে সি ..ক্ৰমাৎ চকু দুটা মুদ খাই আহিল তাৰ ।
"অ বাবা, উঠ ..." মুখত পানী মাৰি থকা আইতাকৰ মাতত সি চকু মেলিলে । আশে পাশে ...অনেক চেহেৰা ।
কিয় খবৰ নিদিয়া কৈ আহিছিলি,মামাকে খং কৰিলে ।
" মামা, সেই এক্সিডেন্টটো"
"শুই থাক তই অ , কেই মাহ মান আগত সেইখিনি ঠাইত এক ভয়ংকৰ দুর্ঘটনা হৈছিল । হয়তো আত্মা খিনিয়ে মুক্তি পোৱা নাই ,প্রায় ৰাতি সেই ঘটনাতোৰ পুনৰাবৃত্তি হয় সেই একে খিনি ঠাইতে ,তই বেছি নাভাৱিবি "
সীমান্তৰ কাণত মাত্ৰ বাজি থাকিল সেই  তিৰোতা গৰাকীৰ থুকা থুকি মাত " সব শেষ হৈ গল অ"
★★
হস্পিটেলত আই চি ইউৰ বাহিৰত বহি বহি বিৰক্তি লাগিল অনুভৰ , দেউতাক এডমিত হৈ আছে তাৰ । চিগাৰেট এটা টানিব মন গল ...কত টানে ।
ওলাই আহিল হস্পিটেলৰ পৰা সি ...ৰাতিৰ আন্ধাৰ । পিছপিনৰ ৰাস্তাতো দি আগবাঢ়িল ,অলপ দূৰত মাৰ্চাৰী খন । সেইখিনি ঠাইত কোনো নাহে সহজতে ,তাতেই চিগাৰেট এটা উলিয়াই ললে সি ..." অ মা ,মা ,উহ উহ" কাৰোবাৰ উচুপি কন্দা শব্দ ।
কোন ..কোন নো? জোপোহাখিনিৰ আৰত কোনোবাই কান্দি আছে । আগবাঢ়ি গল সি ...গুলপীয়া চুৰিদাৰ পিন্ধা ছোৱালী এজনী ,উচুপি আছে ।
ভন্টি ..কি হল? কিয় কান্দিছা ? কোনোবা এডমিত আছে নেকি ?
মূৰতো তুলি চালে ..তাই । টনা টনা চকু এযোৰৰে, গালত কলা উজ্জ্বল তিল  এটাৰে মৰমলগা ছোৱালী এজনী ।
"দাদা, মোৰ কথা কোনেও নুশুনে, কোনো ডাক্তৰে"
কি কথা? কোৱাচোন ...মই হেল্প কৰিম তোমাক ।
চিলাই কেইটা ইমান ডাঙৰ ডাঙৰ কে মাৰিছে মূৰত ,মই চিঞৰি থাকিলো ,নামাৰিব ,মোৰ মায়ে দেখিলে দুখ পাব ,সিহঁতে শুনাই নাপালে "
কাৰ মূৰত ভন্টি ...?
"মোৰ মূৰত দাদা, পোষ্টমৰ্টেম কৰোতে,চাওক সেইপিনে ,কওক না, ভালকৈ দিব চিলাই কেইটা"
ঘূৰি চালে অনুভে ,ঠাণ্ডা পৰি গল সি ...দুটা ৱাৰ্ড বয় য়ে এটা ডেডবডী উলিয়াই আনিছে  ,সেই টনা টনা চকু দুটা শুই আছে সেই খনত,মূৰত পোষ্টমৰ্টেমৰ ডাঙৰ চিলাই ...
★★
নতুন ফ্লেটটোত আহি সীমাই বৰ ভাল পালে ..বিশেষঃ কৈ ডাঙৰ বাৰাণ্ডাখন । বৰষুণ তাই খুব ভাল পায় । বাৰাণ্ডাত বহি তাই খুব ভাল পায় ।
দিনটো থান থিত লগালে ঘৰটো ।ভাগৰ লাগিল তাইৰ, ৰাতি সোনকালে শুব আজি ,ৰাজক অফিচৰ পৰা আহোঁতে কিবা এটা পেকিং কৰি আনিব কলে ফোনত । ৰাজ লৈ অপেক্ষা কৰি কৰি তাই চফা খনতে বাগৰি কেতিয়া টোপনি আহিল কব নোৱাৰিলে ...
"আনটি " কাৰোবাৰ মাতত তাইৰ টোপনি ভাঙিল । চকু মেলি চাই সৰু মৰম লগা ছোৱালী এজনী দেখিলে ...কাৰ ছোৱালী? দৰ্জা খন মৰা নাছিল নেকি তাই ..ওচৰৰ ফ্লেটত বোধয় " কোন মা, তুমি"
" আনটি "প্লিজ মাক বচোৱা। হা..কি হল তোমাৰ মাৰ?
চোৱানা বাৰাণ্ডাৰ ৰেলিংত থিয় দিছে ,পৰি যাব মা ..দৌৰি গল সীমা বাৰাণ্ডালৈ ছোৱালী জনীৰ পিছে পিছে ...এগৰাকী মহিলা তাইৰ বাৰাণ্ডাত থিয় দিছে ,জপিঁয়াবলৈ ।চিঞৰি উঠিল তাই" কোন আপুনি ,ৰব" শেঁতা পৰা মুখ খনেৰে মহিলা গৰাকী য়ে তাই লৈ ঘূৰি চালে আৰু চিঞৰি জপিয়াই পৰিল ।
" মা মা" সৰু ছোৱালী জনী য়েও জপিয়াই দিলে মাকৰ পিছে পিছে...মা নজপিয়াবা প্লিজ ।
চকুৰ সমুখত ঘটি যোৱা ঘটনা তো দেখি সীমা সংজ্ঞাহীন হৈ পৰিল ।
" ঘৰ লোৱাৰ আগতে অলপ সুধ পোচ কৰি লব লাগে ,এইটো ঘৰত এহাল মাক জীয়েক এই বাৰাণ্ডা খনৰ পৰাই জপিয়াই মাৰিছিল,তেতিয়াৰ পৰাই ইয়াত কোনো থাকিব নোৱাৰে,ভাগ্য ভাল আপোনাৰ স্ত্ৰী বাচি গল"   ওচৰৰ ফ্লেট ৰ মহিলা গৰাকী য়ে ৰাজক কৈ থকা কথা খিনি শুনি সীমাৰ সেই শেঁতা পৰা মুখ খন মনত পৰিল " মা পৰি যাব আনটি"
*************