Saturday, October 12, 2019

ভালপোৱাৰ এজাক বৰষুণ (৭)


ভালপোৱাৰ এজাক বৰষুণ (৭)

সাৰ পাই বিছনাতে পৰি ৰ'ল দীয়া, ঘড়ীটোলৈ চালে...ন  বাজিছে ।
"যাব নে নাযাব ? যাম বুলিও কৈ আহিল...এতিয়া নগলেও বেয়া দেখি ।ক'লৈ বা নিয়ে  যায় সি" - চিন্তিত হ'ল তাই।
"একো নাই...চাওঁচোন অপৰিচিত কাৰোবাৰ লগতে কিছু সময় অতিবাহিত কৰি ". .. - তাই ভাবে।
       নিজৰ ভাল লগা নলগা প্ৰায় পাহৰি যোৱা সময়তে কোনোবাই যেতিয়া কৈ উঠে" আপুনি ভালপোৱা, আপুনি ভালপায়" জাতীয় কথা...মন্ত্ৰমুগ্ধ ভাবে সেই ভাললগা খিনিৰ প্ৰতি মানুহ আকৰ্ষিত হৈ পৰে । অবুজ সাঁথৰ ....।
মালৰোডলৈ নামি আহিল দীয়া....আধা ঘন্টা দেৰি হ'ল তাইৰ ।
এতিয়া হে ভাবিলে ,যাম বুলি তো কৈ দিলে কিন্ত শ্লোক থাকিব ক'ত?ক'ত লগ পাব একো দেখোন নুসুধিলে । ছেহ...কি কৰে এতিয়া ।
"গুড মৰ্নিং দীয়া মেম"
পিছফালৰ পৰা শ্লোকৰ মাত .." ভাবিছে চাগে ক'ত লগ পাম এই পাগলটোক " ।
"নহয় মানে...মই...
আচৰিত ভাৱে মাইণ্ড ৰিড কৰা তুমি শ্লোক ..
আৰে ..মেম , মাইণ্ড ৰিড নহয় Only Guess .
"তহ..হম চ'লে
"যাম ক'ত?"
"গ্ৰীণ ভেলী"
"চিমলাৰ গ্ৰীণ ভেলী...কুফৰী যাওঁতে ৰাস্তাত দেখিছে চাগে আপুনি মেম" - কা'ৰ খন ড্ৰাইভ কৰি শ্লোকে কৈ উঠিল ।
"উম উম"
:বহুত ধুনীয়া ঠাই কিছুমান আছে সৰু সৰু । টুৰিষ্ট যোৱা নাই বাবে এতিয়াও ধুনীয়া হৈয়ে আছে ।
ধুনীয়াবোৰ তেতিয়া হে ধুনীয়া হৈ থাকে যেতিয়ালৈকে কৃত্ৰিমতাৰ প্ৰলেপ নপৰে ...
সেউজীয়া পাহাৰেৰে ঢকা গ্ৰীণ ভেলী ... বাঢ়ি অহা প্ৰদূষণৰ বাবে আগৰ দৰে সতেজ নহয় ।সৰু পাহাৰীয়া ৰাস্তা  এটাৰে  অকাই পকাই গাড়ী খন চলাই নিলে ।
দীয়াৰ অলপ মূৰটো ঘূৰাবলৈ ধৰিলে , গাড়ীত উঠাৰ আগতে টেবলেট এটা খাই লয়,আজি পাহৰিল। তাতে পাহাৰীয়া ৰাস্তা । বমি বমি ভাৱ আহিল তাইৰ ।
কি কৰে এতিয়া...কেনেকৈ কয় ,লাজো লাগিল দীয়াৰ ।
শ্লোকে গাড়ী খন হঠাৎ ৰখাই দিলে , অলপ ইয়াত নামো আহক মেম..খুব ধুনীয়া ভিউ ।
উফ...ৰক্ষা পৰিল দীয়া ..
 গাড়ীৰ পৰা নামি দীঘল কৈ উশাহটো ল'লে ।
শ্লোকয়ে পানীৰ বটল এটা আগবঢ়াই দিলে ।
"এতিয়া ভাল লাগিছেনে , বহুতৰ পাহাৰীয়া ৰাস্তাত বমি লাগে ,its nothing new ..."
"তুমি মোৰ গা বেয়া হোৱা বুলি গম পাইছিলা"

"মেম , সৰু ছোৱালী এজনীৰ দৰে প্ৰতিটো বস্তু  ইমান আগ্ৰহেৰে চাই যোৱা আপুনি যেতিয়া চকু দুটা মুদি গাড়ীৰ ছিটত হেলান দিলে তেতিয়াই গম পাই গ'লো ,Its a guess as always"
- দীয়াই মাত্ৰ তাৰ মুখলৈ চাই থাকিল ।
এই "Guess"বোৰক আচলতে কি?জীৱনত যেতিয়া আপোনাৰ বিষয়ে এই Guess বোৰ কৰা মানুহ বোৰ কমি যায় ,নিজৰ মাজতেই অকলশৰীয়া হৈ পৰা যায় ।

"আহক,কিবা এটা খাই লওঁ, কিবা মানে ইয়াত মেগী পাব মাত্ৰ"
"মেগী ভাল পোৱা?"

"মই একো বেয়া নাপাওঁ,বেয়া পোৱা ভালপোৱা মোৰ সময়ে ডিচাইড কৰে,মই নহয় ।"
"মানে?"
"মানে মই মেগী ভাল নাপাম যদি আপুনি ৰাতি ডিনাৰত ল'ব কয়, কিন্ত এতিয়া এই সময়ত এই ঠাণ্ডাত যদি মোৰ প্ৰিয় খাদ্য কি বুলি সোধে, মই কম "মেগী" কাৰণ  ইয়াত বেলেগ অপচনো নাই ।"

"অকে অকে..খাওঁ বলক"

...
"শ্লোক,চিমলাত তুমি থাকা নে, ফুৰিবলৈ আহিছা"
- গাড়ী চলাই থকাৰ পৰাই শ্লোকে ক'লে "মই আচলতে হনীমুনত আহিছোঁ"
:হা?????
:হনীমুনত মেম  ..নিজৰ লগত,নিজৰ লগতেই কিছু ভাল লগা সময় কটাবলৈ আহিছোঁ "
    দীয়াৰ মুখৰ এক্সপ্রেচন দেখি শ্লোক হাঁহিত ৰ'ব নোৱাৰা হ'ল সি।
:আপুনি?
:মইও হনীমুনতে আহিছোঁ ,যদিহে হনীমুন নিজৰ লগত হয় ।
:অঃহ গ্ৰেট ।
 গাড়ীখন এঠাইত ৰখাই দি'লে সি..ইয়াৰ পৰা অলপ খোজ কাঢ়িব লাগিব মেম । সৰু  ৰাস্তা এটাৰে  দুয়ো আগবাঢ়িল ।
 This is Beautiful Shimla....শ্লোকে কৈ উঠিল।
 দীয়া যেন এক মায়াবী জগতত সুমাই পৰিল,  পাহাৰৰৰ বুকুত ফুলেৰে ঢকা বাগিচাএখন ,উৰি থকা মেঘ বোৰ যেন হাতেৰে চুই দিব পৰা যায় ,চাৰিওপিনে শুকুলা পাহাৰ ।
"ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া "

চিঞৰি উঠিল দীয়াই ...ফুল বোৰ চুই চুই হেঁপাহ নপলাব যেন তাইৰ ।
ঘূৰি চালে ..শ্লোকে তাইক চাই হাঁহি আছে ।
"অনুভৱ কৰিব খোজে নেকি এই পৰিৱেশটো
আহক ...ইয়ালৈ " - পাহাৰৰ দাঁতিত থিয় দিলে দীয়াই ।
"চকু দুটা মুদি হাত দুখন মেলি দিয়ক,দীঘলকৈ  উশাহ  লওক ,এৰি দিয়ক নিজক"- শ্লোকে ইংগিত দিয়ে।
 দীয়াই এৰি দিলে নিজক ।

শীতল বতাহ এজাকে যেন তাইৰ গাল মুখত গোটেই পাহাৰৰ ফুলৰ সুগব্ধি খিনি ছটিয়াই থৈ  গ'ল ।
অজানিতে চকুৰ পানী ওলাল তাইৰ । বহুত সময়  চকু দুটা মুদি থিয় দি কান্দি থাকিল নিজৰ অজানিতেই ।

চকু পানী বোৰো যে..অজুহাত লাগে মাথোঁ জীৱনটোৰ প্ৰতি থকা অভিমান বোৰ বোৱাই দিয়াৰ বাবে ।

কিমান সময় থিয় দি থাকিল তাই নিজেই নাজানে । শ্লোক তাইৰ পিছপিনে থিয় দি  আছে ।

"চৰী শ্লোক "

"কিহৰ বাবে চৰী কৈছে "

বহুত সময়ত নির্জনতাত নিজৰ লগত কথা পতাতো জৰুৰী হৈ পৰে ,নিজৰ লগত আমি কেইটাই কথা পাতো, নিজক সুধি পাইছেনে কেতিয়াবা, দি পাইছেনে মাত্ৰ এটা দিন ,"আজিৰ দিনটো মাত্ৰ মোক দিছোঁ বুলি"..
"দীয়া মেম..আপুনি নিজক সময় বহুত কম দিয়ে ।"- শ্লোকে গহীন হৈ সোধে।
"আমি যাওঁ নেকি শ্লোক "
: অঁ ...
      "ঠেংক ইউ শ্লোক ,খুব ধুনীয়া দিন এটা পাৰ হ'ল আজি,খুব ধুনীয়া ঠাই  " গাড়ীৰ পৰা নামি দীয়াই ক'লে ।
"আপোনাৰ চকুপানী খিনিৰ বাবে মই চৰী,বাই মেম "- শ্লোকে গাড়ী ঘূৰাই পুনৰ অহা বাটেৰে ঘূৰি গ'ল।

- একো নক'লে দীয়াই...

নিজৰ লুকুৱাই থোৱা চকুপানী খিনি আজি ধৰা পৰি গল অচিনাকি যুৱক এজনৰ আগত । লাজ লাগিল নিজৰ ওপৰতে দীয়াৰ ।

বিচনাত শুই তাই ভাবিলে শেষ কেতিয়া এটা দিন তাই মাত্ৰ  মাত্ৰ নিজক  দিছিল ... জীৱনৰ বহুত পৃষ্ঠা লুটিয়াইও বিচাৰি নাপালে ।

आया ही था खयाल कि आँखें छलक पड़ीं
आँसू किसी की याद के कितने करीब हैं

ভালপোৱাৰ এজাক বৰষুণ (৬)


ভালপোৱাৰ এজাক বৰষুণ (৬)

পুনৰ সন্ধিয়া নামি আহিল চিমলাৰ বুকুত..আজি অলপ বেছি ঠাণ্ডা ,হাত দুখন মোহাৰি দীয়া মাল ৰোডলৈ আগবাঢ়িল ।
    ৰাস্তাৰ কাষৰ দোকানত সোমাই দেখে কাঠৰ ধুনীয়া ধুনীয়া শ্ব পিছবোৰ । টুৰিষ্টৰ বাবেই এইবোৰ দোকান চলে, ফুৰিবলৈ আহিলে সকলোৱে আপোনজনৰ বাবে কী ৰিং এটা হ'লেও কিনি নিব খোজে ।
পাইন গছৰ গুটিৰে বনোৱা ধুনীয়া এখন সৰু ৱাল হেগিং , লিখা আছে " Whoever is happy will make others happy.”
 ক'ত জানো তাই পঢ়িবলৈ পাইছিল এই উক্তিটো  ,মন চুই গৈছিল।  তাই মনত পেলাবলৈ যত্ন কৰে।
"I will buy this"I
দোকানীজনলৈ  আগবঢ়াই দিলে ।
"Whoever is happy will make others happy.” ...ৱাও, এন ফ্ৰেংকৰ উক্তি,গুড চইচ দীয়া মেম  ।"
"আৰে শ্লোক তুমি..কি কিনি আছা?
:একো কিনা নাই,কিনা মানুহবোৰৰ চইছ হে চাই আছোঁ ।
:এইখন তোমাৰ ভাল লাগিছে যদি ল'ব পাৰা ।
:উম মোৰ ভাল লাগিছে, এটা কাম কৰোঁ কিনি লওঁ মই ,বেয়া নাপায়তো ?
:মুঠেই নাপাওঁ ।

দোকানীটোয়ে পেক কৰি দিলে..দুয়ো দোকানৰ পৰা ওলাই আহিল ।

"দীয়া মেম , কুফৰীলৈ আকৌ গৈছিল নে ,চৰাইৰ মাত শুনিবলৈ?"

"ওহোঁ , আজি দিনত ক'লৈকো নোলালো,শুই থাকিলো । এতিয়া মাল ৰোড ওলাই আহিছোঁ"


"অ মানে চিমলাৰ বুকুত এটা দিন বৰবাদ কৰিলে"
কথাবোৰ ইমান খাৰাং খাচ কে কয় ,দীয়াই শ্লোকলৈ চালে ।
"তুমি কি কৰিলা আজি?"
"খিচিৰি বনালো আৰু ঘি দি তামাম খালোঁ"
:"হা?" দীয়াৰ পিনে চাই আগৰ দৰেই জোৰকৈ হাঁহি দিলে শ্লোকে ।
"আহক ,এই ফালে"
তললৈ নামি যোৱা ৰাস্তা এটাই দি শ্লোক নামি গ'ল।
"এই ফালে?"
"আৰে আহক ,  মই কিডনেপ নকৰো আপোনাক,আপুনি ভালপোৱা ঠাই এখনলৈ লৈ যাম"
   নামি গ'ল দীয়া ।  পাহাৰৰ সৰু ৰাস্তা । শ্লোক আগে আগে। দীয়া পিছে পিছে ...সৰু পাৰ্ক এখন ।শাৰী শাৰী পাইন গছৰ মাজে মাজে ধুনীয়াকৈ বহিব পৰা কৈ ঠাই আছে ।  চাৰিওপিনে ফুলৰ সুন্দৰ সুগন্ধি । খুব ধুনীয়া ষ্ট্ৰীট লাইটও আছে ।
ইমান ধুনীয়া পাৰ্ক খন...ৱাও, দেখা নোপোৱা ঠাইত আছে পিছে ।
: দেখা নোপোৱা ঠাইত নহয় ,দেখা নাপায়  বহুতে..বহোঁ আহক । - দুয়ো বহি পৰিল ।
: তোমাৰ ঘৰ কত শ্লোক ?
:বৰ্তমান  চিমলা । আগলৈ নাজানো ।
: নহয় মানে  তোমাৰ ফেমিলী ?
:কফিতো নাখায় ৰাতি, চাহ ?

       বুজি পালে দীয়াই, শ্লোকে এৰাই চলিছে প্ৰশ্নটো ।নিজৰ ওপৰতে লাজ লাগিল তাইৰ ,কিহেনো পাইছিল সুধিবলৈ ।
" বাৰু শ্লোক, এই ঠাইখন যে মই ভালপাম কেনেকৈ বুজিলা?"
 " মেম, সাগৰৰ ঢৌৰ শব্দ আপুনি বেয়া পায় নেকি?"
:খুব প্রিয় মোৰ ।
" শুই থকা শিশু এটাৰ মুখৰ মিচিকিয়া হাঁহি?"
:মই পাগল হৈ যাওঁ দেখি ।
চাওক,আপুনি ভালপোৱা দুটা কথা মই ক'লো,কাৰণ অধিকাংশ মানুহে ভাল পায়,Its a guess ...
তেন্তে আপুনি এই ঠাই ভালপাব বুলি জনাটো  তেনেই সহজ ।
কিমান সহজ সৰল ভাবে কৈ দিলে শ্লোকে ভাললগা সংজ্ঞা ।
:কোনোবাই যদি ফুল ,চৰাই,বৰষুণ ভাল পায় ... তেন্তে সেই ধুনীয়া মনৰ মানুহ খিনিয়ে প্ৰকৃতিৰ সকলো সুন্দৰতাই ভাল পাব ..।
:ইমান সহজ নে কাৰোবাক চিনি পোৱাতো? তেন্তে চিনাকি মুখবোৰ  হঠাৎ অচিনাকি  হৈ উঠে কিয় ,সকলো পছন্দ ,অপছন্দ  হৈ পৰে কিয় ? -নিজৰ অজানিতে কৈ উঠিল দীয়াই ।
কৈ উঠি অনুভব কৰিলে , অচিনাকী যুৱক এজনৰ আগত নিজৰ অশান্তি খিনি দেখুৱাৰ কোনো যুক্তি নাই ।খৰধৰকৈ উঠিল দীয়া, শ্লোক মই যাওঁ,তুমি যদি আৰু অলপ সময় বহিব খোজা বহা।
:'বাৰু বলক....মোৰো মন নাই । - উঠি আহিল শ্লোক ।

....আপুনি ভাবিছে চাগে মেম,অচিনাকি মানুহ এজনৰ আগত এইখিনি কথা কৈ ভুল কৰিলোঁ ।
:নহয় ..মানে...মই ? - কেনেকৈ পঢ়ি ল'লে দীয়াৰ  মনৰ কথা শ্লোকে । তাই চক খায়।
:এইবোৰ কথা আপোনাৰ বা মোৰ নহয় দীয়া মেম, প্ৰতিটো ভাগি যোৱা,হেৰাই যোৱা সম্বন্ধৰ আঁৰত এই চিনাকি চেহেৰা বোৰ অচিনাকী হৈ পৰা ফাণ্ডাটো চলি থাকে as an Unsolved Universal Problem ..
- একো নামাতিলে দীয়াই ।
:চিমলাত আৰু কি কি আছে বাৰু চাব লগা?-
বিষয় সলাব খোজে দীয়াই ।
"চাবলৈ ইচ্ছা কৰিলে  বহুত আছে ..বহুত ধুনীয়া ঠাই । যাব চাব মোৰ লগত?
 "তোমাৰ লগত?"
"য়া,কিয় কি হ'ল? টুৰিষ্ট গাইডক বিশ্বাস কৰে,মোক নকৰে??? আকৌ হাঁহি...
"অকে অকে ..."

"ঠিক আছে...কালি ৰাতিপুৱা ইয়াতেই লগ পাম, দহ বজাত ।"
"অকে, মই আহি যাম, বাই ..গুডনাইট ।
"এক মিনিট মেম.."
"হা"
"এইখন লওক,ৱাল হেগিং খন ,প্লিজ"
"কিয়"
"এনেই,ফায়াৰ প্লেচত জ্বলাব ৰাতি আকৌ"
-এইবাৰ দীয়াৰ হাঁহি উঠিল।
"ঠেংক ইউ"
"See you tomorrow ,Bye"..
- গৈ থকা শ্লোকলৈ ঘূৰি চালে দীয়াই ।
"ছেহ কিহেনো পালে মোক হা কৰিবলৈ, ক'ত বা এতিয়া ফুৰাবলৈ নিয়ে, দুদিনৰ চিনাকিতে মোক নো কিহে পালে,চান্সতো ল'ব পাৰে অকলশৰীয়া মহিলা দেখি"- ভাবি ,নিজৰ মূৰটোত নিজে এবাৰ থপৰিয়ালে তাই "কিনো কৰি আছো অ মই"
"আপুনি এইখন ঠাই ভালপাব বুলি গমপোৱা তো তেনেই সহজ"...কথাখিনি মনত পৰিল দীয়াৰ ,নাজানে কিয় জানো বহুত ভাল লাগি গ'ল তাইৰ সেই খিনি কথা মনত পৰি ।
কাইলৈ ৰাতিপুৱা যাব নে নাযাব ভাবি থাকিয়েই টোপনিৰ কোলাত ঢলি পৰে তাই ।

चाहने से कोई चीज़ अपनी नही होती,

हर मुस्कुराहट खुशी नही होती,

अरमान तो भूख होती है दिल मे,

मगर कभी वक़्त तो कभी किस्मत सही नही होती।

ভালপোৱাৰ এজাক বৰষুণ (৫)


ভালপোৱাৰ এজাক বৰষুণ (৫)

সন্ধিয়া নামি আহিলে...পাহাৰীয়া ঠাইৰ মাদকতা অনন্য হৈ ধৰা দিয়ে । দিনৰ কিৰণ...ৰাতিৰ আন্ধাৰ ...সকলো সময়তে  নতুনকৈ নিজক সজায় ।

"মেম , মাল ৰোডৰ পিনে ওলাই যাব নেকি  এতিয়া ? "
: যাম, তাতেই কিবা এটা খাই ল'ম ,ইয়াত ৰান্ধিব মানা কৰি দিয়া"
:ঠিক আছে মেম...
....জবাৰ সৈতে মাল ৰোডলৈ আহিল দীয়া । টুৰিষ্টৰ বেছি ভাগ হনীমুন কপোল ...নিজৰ মাজতেই ব্যস্ত, জীৱনৰ আটাইতকৈ মধুৰতম সময়চোৱা । মৰম লাগি গ'ল..দীয়াৰ ।
"এ জিন্দগী গলে লগা লে..এ জিন্দগী গলে লগা লে...কি সুমধুৰ কণ্ঠ ।  তাইৰ খুব প্রিয় গীত এইটো...কোনে জানো ইমান প্ৰাণ ঢালি গাইছে গীটাৰ বজাই..!
গান এটা প্রিয় হৈ কেতিয়া উঠে বাৰু?
যেতিয়া সেই গানটোৰ কথা খিনিয়ে কৰবাত নহয় কৰবাত নিজকে চুই যায় ....বিচাৰি পোৱা যায় নিজকে সেই শব্দ বোৰৰ মাজত ।
অলপ দূৰত বন ফায়াৰৰ চাৰিও পিনে মানুহৰ জুম । মাজত গীটাৰ বজাই গান গাই আছে কোনোবাই ।
মন্ত্ৰমুগ্ধ ভাবে...আগবাঢ়ি গল দীয়া । কি কণ্ঠ ...উফ...
"হম নে ভী তেৰে হৰ এক গম ক,গলে ছে লগায়া হেই না"
চাবলৈ চেষ্টা কৰিলে দীয়াই..ভীৰ ফালি যাব পৰা নাই ।
অলপ আগুৱাই গ'ল তাই...একান্ত মনে গীটাৰ বজাই গান গাইছে যুৱক এজনে ।
চিনাকি যেন লাগিছে যুৱকজন।।অঃহ ৰাতিপুৱা তাইক চিঞৰিব শিকাই যোৱা যুৱকজন ।
কি সুন্দৰ গান গায় ...!
গানটো শেষ কৰাৰ লগে লগে হাত চাপৰি বজালে সকলোৱে ।
গীটাৰ খন ল'ৰা এটাৰ হাতত দি যুৱক জন হাঁহি হাঁহি উঠি আহিল ।
 হাত চাপৰি বজাই থকা দীয়াক দেখি চকু দুটা ডাঙৰ কৰি দিলে" হেল্ল মেম ,মোৰ গান শুনি ভাল পাইছে???"
" পাহাৰৰ বুকুত চিঞৰা লৰাজনে ইমান ধুনীয়া গান গাব পাৰে..ভবা নাছিলো "
 জোৰকৈ হাঁহি দিলে যুৱকজনে ।
"ঠেংক ইউ মেম , বাথৰুম চিংগাৰ পিছে মই"মূৰত হুদীতো লগাই কৈ উঠিল ।
"চিমলাত আহি ৰাতি খন মাল ৰোডত অসমীয়া ল'ৰা এটাৰ গান ,তাকো ইমান ধুনীয়া গান শুনিব পাম ভবা নাছিলো"

"বিদেশত আপোন মানুহ নে কি কয়?? বাই দ্য ৱে  মই "শ্লোক " মানে মোৰ নাম "শ্লোক"
..ধুনীয়া নাম...মোৰ নাম দীয়া ।
 ভাল লাগিল আপোনাক লগ পাই শ্লোক ।
: ভাল লাগিল যেতিয়া এক কাপ কফি খোৱা যাওক নে কি? এই ঠাণ্ডাত মানাতো নকৰে বোধহয়"
কি আচৰিত ল'ৰা ...চিনাকি হৈয়ে কফি ।
:আচলতে ৰাতি কফি খোৱাৰ মোৰ অভ্যাস নাই , গতিকে বেয়া নাপাব ।
:অঃহ ড্ৰিংক লয় নেকি ৰাতি?
 : ৱাট?????? কি কথা সোধে এইবোৰ ।
:মই ড্ৰিংক নকৰো  ।
 ..ড্ৰিংক মানে গাখীৰ ,জুইছ ..মই অন্য মিন কৰা নাছিলোঁ ।
বাৰু...পুৰা মাকৈ নাখাও বুলিতো নক'ব.!
দীয়াৰ লগত থকা জবা  হাঁহি উঠিল ।
হাতত তিনিটা পুৰা মাকৈ লৈ শ্লোক হাজিৰ হ'ল , "লওক মেম ।"
"মেম নহয়, দীয়া বাইদেউ বুলিব পৰা,তোমাতকৈ অলপ ডাঙৰ হ'ম চাগে
"বাইদেউ...বাইদেউ????তাতকৈ পেহীদেউ বুলিম ..ভাল হ'ব?"
  পাগল নেকি লৰাতো? কি বকে...দীয়াই ভাবিলে ।
ভাবিছে চাগে ন..পাগল নেকি লৰাতো?কি বকে ।
..হা..মুখ খন মেল খাই গল তাইৰ...নহয় মানে ..
"হাঃ হাঃ.." - আকৌ সেই হাঁহি ..
"অকে..বাই দীয়া মেম,গুডনাইট । নাইছ তু মিট ইউ.."
:গুডনাইট ..বাই ।
হুদী তো মূৰত উঠাই গুচি যোৱা শ্লোকক চালে তাই  । ৰাস্তাত লাহে লাহে জমিব ধৰা বৰফবোৰ লঠিয়াই  বল বনাই বনাই গৈ আছে ।
...এ জিন্দেগী গলে লগা লে...গানটি আকৌ এবাৰ শুনিবলৈ মন গ'ল তাইৰ ।

:লৰাটোৰ কথা বোৰ ইমান ভাল লগা..মোৰ মনত পৰি পৰি হাঁহি উঠি আছে ,জবাই হাঁহি হাঁহি কৈ উঠিল ।
বহুত দিনৰ মূৰত তাই জবাক ইমান প্ৰাণখুলি হঁহা দেখিলে । ভাল লাগিল তাইৰ , যদিও তাই সহায়িকা , দীয়াৰ প্ৰতিটো কথাৰ খেয়াল ৰাখে । দেৱৰ পছন্দৰ খাদ্য ৰান্ধি ,সোনকালে আহা না বুলি ফোন কৰি অপেক্ষাত  ডিনাৰ টেবুলতে শুই যোৱা দীয়াৰ ওচৰত ৰৈ থকা জনীয়ে হ'ল এই জবা ।
কৰবাত যেন বুজি পাই তাইৰ মাজৰ শূন্যতা খিনি । মন বেয়া হলেই তাইৰ ৰুমত আনি থৈ দিয়ে তাই ভালপোৱা  ফুল বোৰ । এক্সিডেন্ট এটাত নিজৰ স্বামী আৰু সন্তান হেৰুৱাই অকলশৰীয়া হোৱা জবাক দেৱে লৈ আহিছিল এন জি অ এটাৰ পৰা ..তেতিয়াৰ পৰাই দীয়াৰ লগত ছাঁৰ দৰে থাকে তাই ।প্ৰতিজন মানুহৰ জীৱনত এক কাহিনী থাকে , কিছুমান সকলোৱে দেখে, কিছুমান ৰৈ যায় মাত্ৰ নিজৰ মাজত ..! প্ৰকাশ কৰিব নোৱাৰা কিছুমান অনুভৱৰ সৈতে  । মুখা পিন্ধি অভিনয় যেন সকলোয়েই কৰে...জীৱন জীয়াই থকাৰ ।
কথাবোৰ পাগুলি থাকিয়েই  তাই পুনৰ গুণগুণাই...
ऐ ज़िन्दगी गले लगा ले ऐ ज़िन्दगी गले लगा ले हमने भी तेरे हर इक ग़म को गले से लगाया है, है न....

...................
মেম,কফি "
- জবাৰ  পৰা কফি কাপ লৈ কটেজৰ বাৰাণ্ডাত বহিল দীয়া ।

"ৰাতি চাগে বহুত বেছি  স্ন ফল হ'ল ...মুঠেই গম নাপালো "- কোৰে ৰে ৰাস্তাৰ পৰা বৰফৰ দম গুচাই থকা মানুহ কেইটাক চাই দীয়াই  ক'লে।
" জবা, মোৰ ভাল টোপনি আহিল ৰাতি, বহুত দিনৰ মূৰত ছাউণ্ড শ্লিপ।"
"মেম,আপুনি এইদৰে মাজে মাজে ইয়াত আহি থাকিব, চেঞ্জ এটা পাব "
"মইও তাকে ভাবিছোঁ জবা, অকলে থাকি ইমান ভাল লাগিব ইয়াত বুলি ভবাও নাছিলোঁ"
"আপোনাৰ জন্মদিনৰ দিনা চাৰ আহিব, বহুত ভাল লাগিব ইয়াত মেম"
:তোমাৰ চাৰৰ আগতে মোৰ জন্মদিনটো মনত থাকক,এইবাৰ কোনোমতে মাহটো  মনত আছে, নহ'লে সদায় Belated happy Birthday wish কৰোঁতেই যায় ।
:কিন্ত চাৰে..আপোনাক বহুত ভাল পায় মেম ।
:অঁ ..তোমাৰ চাৰৰ প্ৰথম প্ৰেম মই আছিলো,কিন্ত পাৰমানেন্ট প্ৰেম তেওঁৰ ব্যস্ত জীৱনটোহে হ'ল । আছোঁ বাৰু তেওঁৰ মনত মই এতিয়াও,কিন্ত পিছে দামী ফুলদানী এটা হৈ হে..বুজিছা ।
- দেৱলৈ ফোন লগাই হাঁহি হাঁহি কৈ উঠিল তাই..
:কি যে  কথা কয় মেম ..
"গুডমৰ্নিং দীয়া, কেনে গৈছে দিনবোৰ ..এনজয় কৰি আছা নে? শ্বপিংৰ বাবে মাষ্টাৰ কাৰ্ড যিমান মন যায় সিমান ইউজ কৰি লবা দেই...অ আৰু শুনা,   সেই কণ্ট্ৰেক্টটো মই পালোঁ দেই । খুব ভাল এটা ইনকাম হ'ব ..লাইফ টাইমৰ বাবে ।"
: দেৱ ...আগতে সোধা চোন, দীয়া তাত তোমাৰ ঠাণ্ডা বেছি লাগিল নেকি? অকলে ব'ৰ হৈছা নেকি??
"দীয়া ...তুমি সৰু ছোৱালী নেকি? কথাবোৰো যে তোমাৰ কেতিয়াবা নুবুজা সাঁথৰ হৈ উঠে । বাই দ্য ৱে মই যাবলৈ ট্ৰাই কৰিম সময় পালে ।"
:অ কে দেৱ, খেয়াল ৰাখিবা নিজৰ।
"অ কে মেডাম... বাই  । কিবা প্ৰব্লেম হ'লে মেছেজ দি থবা ,লাভ ইউ ।"
-  বহুত কষ্ট কৰিলেও আজিকালি কিয় জানো তাই "লাভ ইউ টু দেৱ" বুলি ক'ব নোৱাৰে  । কৰবাত গাঁঠি লাগি ৰৈ যায় শব্দবোৰ ।
মোবাইলৰ ৱালপেপাৰ খনত তাইৰ আৰু দেৱৰ এখন ধুনীয়া ফটো,  বিয়াৰ পিছতেই তাইক সাৱটি ধৰি উঠা এই ফটো খন তাই খুব ভাল পায়, ফটো খনত থকা  দেৱৰ মৰমৰ  স্পৰ্শ খিনি আকৌ অনুভৱ কৰে ।
আজি তাইৰ কথাবোৰ নুবুজা সাঁথৰ তাৰ বাবে ।
জীৱনৰ  কিছুমান সাঁথৰ বুজা আৰু বুজোৱা বাদ দিলোঁ দেৱ, তোমাৰ যে এতিয়া পঢ়িবলৈও সময় নাই ,অভিমান বোৰ নিজে নিজেই কমি আহিছে  অভিমান কৰি কৰি ভাগৰি শুকাই যোৱা  হৃদয়ৰ  সোঁতত ।
ভালপাওঁ বুলি ক'লেই জানো কাৰোবাক ভালপোৱা হয়। ভালপোৱা মানুহজনৰ সৰু সৰু ভাল লগা  কথাবোৰৰো যেতিয়া খেয়াল ৰখা নহয় ...সেয়া বাৰু কেনে ভালপোৱা । ৰঙ সকলোৰে সলনি হয়...ভালপোৱাৰো , ঠিক ৰঙীন ৰামধেনু খনক ঢাকি পেলোৱা ডাৱৰ খিনিৰ দৰে ।
   আজি ক'তো ওলাই যাবলৈ মন নগ'ল তাইৰ ।
কিছুমান  কথা পাহৰাৰ চেষ্টাই আকৌ বেছি আমনি হে দিয়ে । কাণত হেডফোন লৈ তাইৰ পছন্দৰ গান কেইটা লগাই শ্বল খন মেৰিয়াই ল'লে । অকণমান নিজৰ সৈতে  বাৰাণ্ডাৰ চিৰিত  বহি পৰিল তাই...।

কি করে বলব তোমায়
আসলে মন কি যে চায়
কেনও সে পালিয়ে বেড়ায়
তোমার থেকেই
কি করে বলব তোমায়
কেনও এ মন হাত বাড়ায়
আবারো হাড়িয়ে সে যায়
তোমার থেকেই..... ! - বাজি উঠিল মৃদু স্বৰত..

ভালপোৱাৰ এজাক বৰষুণ (৪)


ভালপোৱাৰ এজাক বৰষুণ (৪)

ৰাতিপুৱা তাই সাৰ পায়েই  বিচনাৰ পৰাই দেখিলে খিড়িকীৰ কাঁচৰ বাহিৰত বগা চাদৰৰে ঢকা পাহাৰ খন। গছ বোৰত লাগি থকা বৰফ,পুৱাৰ কিৰণত জিলিকি উঠিছে বৰফবোৰ ..আস ! ইমান সুন্দৰ এই দৃশ্য ।
ফোনটো বাজি উঠিল  ...দেৱৰ ফটো খন ভাঁহি আছে স্ক্ৰীণত ।
"হেল্ল, দেৱ"
:দীয়া..উঠিলা?
: উম ..
:কটেজটো কেনে লাগিছে কোৱা ?
:ইটছ বিউটিফুল দেৱ, তুমি কেতিয়া আহিবা?
: মোৰ যোৱাটো ঠিক হোৱা নাই বাৰু । ইউ এনজয়, অ'কে বাই ।

:দেৱ..শুনাচোন ..ৰাতি বৰফ পৰি বগা চাদৰ এখনে ঢাকি দিছে চিমলাক..ইমান ধুনীয়া...!

টিত ..টিত ,কাটি দিলে ফোনতো দেৱে।  তাই কথা কোৱাতে থাকি গ'ল ।
আহত হৈ তাই উঠি আহি খিড়িকী খন খুলি দিলে ।
এটা সময়ত তাই কথা নোকোৱাকৈ অলপ সময় থাকিলেই তাইক চুমাৰে উপচাই  দিয়া দেৱ.."তোমাৰ মাত নুশুনিলে মোৰ দিনেই আৰম্ভ নহয় দীয়া"
    আৰু আজিকালি !!!!
হাতৰ মুঠিত কিছু সময় ধৰি ৰাখিব পৰা হ'লে...!পাখি লগা সময়বোৰেৰে
হাতৰ মুঠি  পোহৰ  কৰি ৰাখিব পাৰি জানো ....!
নোৱাৰি ...।
কেনেকৈ ৰাখিব পাৰি ? সেই বোৰো পোহৰ হে....আহে কিছু সময় উজ্জ্বল কৰে  আৰু গুচি যায় অন্ধকাৰ বিয়পাই...!
সেই স্মৃতি বোৰ,সেই সময় বোৰ .. কিছুমান পাহৰিব খুজি পাহৰিব নোৱাৰি ...কি অদ্ভুত ,
হাজাৰ চেষ্টা কৰা...নোৱাৰি ,বিশেষঃ কৈ অন্ধকাৰ বোৰ ।
আৰু পোহৰ বোৰ....মনলৈ  আনিবলৈকে  বহু সময় লাগে ।
......
:কাহা যানা হেই  মেম? - দীয়া বাস্তৱলৈ ঘূৰি আহে।
:কহি ভি , বচ চ'লো,  ।
:কুফৰী চলিয়ে মেম.. .আপক' সুকুন মিলেগা ।
দীয়াৰ গাড়ীখন আগ বাঢ়ে।

.......
কুফৰীৰ ধুনীয়া ফুলনিখনত বহিলে তাই, শান্ত পৰিবেশ , চৰাইৰ মাত ,মৃদু  হিমশীতল বতাহ ...প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ বাবে ইয়াতকৈ বেছি কি লাগে ।

"হেয়...ৱহ হ..."
কাৰোবাৰ চিঞৰত শান্ত পৰিবেশ খিনি কঁপি উঠিল । দূৰৰ পাহাৰত প্ৰতিধ্বনি হৈ ভাহি উঠিল
এই যে মানুহবোৰ ..কিয় আহে ফুৰিবলৈ ,খং উঠিল দীয়াৰ ।
ঘূৰি চালে...ওখ পাখ যুৱক এজন । মূৰত হুদী থকা কলা জেকেট এটা পিন্ধা ।
পুনৰ চিঞৰিলে ..আগৰ দৰেই ।

ওচৰৰ গছ ডালৰ পৰা অলপ বৰফ খহি পৰিল দীয়াৰ ওপৰত । চৰাই কেইটামান উৰি গল ।
: এক্সকিউজ মি?
: মি?
: য়েছ, য়েছ ইউ , উইল ইউ প্লিজ ষ্টপ চাউটিং?
:I am not shouting...I am just playing with the hills...
:in this way you are disturbing nature ..
:ok ok mam...
  শান্তি নাই মানে ক'তো ..মুখত ভোৰভোৰালে তাই ।

"শান্তি আছে মেম ,শান্তি আছে,আপুনি বিচাৰিব জনা নাই "

: আপুনি অসমীয়া? I am so sorry

:য়া মেম মই অসমীয়া.. its ok
 হাঁহি হাঁহি হুড তো গুচাই দিলে ল'ৰা জনে । ফ্ৰেন্স কাট দাড়িৰে সোনালী ৰঙৰ চছমাৰ সৈতে সুদৰ্শন যুৱক জন ,মুখত এক বেপেৰুৱা ভাৱ ।

:কি সুখ পাইনো ,এনেকৈ চিঞৰি ?

:এনেকৈ চুপ চাপ বহি কি পায় নো? ফোনৰ Silent mode ত থকাৰ দৰে ।

:এদিন বহি চাওঁক ,শুনি চাওঁক বৰফ পৰাৰ শব্দ, চৰাইৰ মাত ,অনুভৱ কৰি চাওক বতাহ জাক ,কথা পাতি চাওঁক নিজৰ লগত ।
অলপ খং উঠিল তাইৰ....

: মেম , তাতকৈ চিঞৰি চাওক, নিজৰ মনৰ মাজত গোজৰি গুমৰি থকা শব্দ খিনি পাহাৰৰ বুকুত দিয়ক চোন । প্ৰতিধ্বনিৰ মাজত বিচাৰি পাই যাব নিজক ।

:গুণগুনাই গোৱাত কৈ চিঞৰি গাই চাব চোন
"
"জিন্দেগী কেইছি য়ে পহেলী হায়!! কভি তহ হছায়ে ,কভি য়ে ৰুলায়ে ..."

 :অঃহ, সেইদিনা গান গোৱাজন আপুনি হে?
: অঁ তো ...কিন্ত মেম, আজিও কম You sing very well !!

গুচি গল যুৱকজন ...
কি আচৰিত ল'ৰা...
কি কৈছিল সি...

শান্তি আছে মেম ,শান্তি আছে,আপুনি বিচাৰিব জনা নাই "

ভিতৰি ভিতৰি খং  উঠিল তাইৰ, ভালকৈ উত্তৰ দিব নোৱাৰাৰ খং এটা উজাই আহিল । "পিছত কেতিয়াবা লগ পালে কিবা কৈ হলেও ভালকৈ শুনাম "

শুভ্ৰ পাহাৰ কেইখনলৈ চালে তাই,  যুৱক জনে কোৱাৰ দৰে সঁচাকৈ পাহাৰ কেইখনে ল'ব নে তাইৰ মাজৰ শব্দ খিনি...!
 হাত দুখন মুখৰ ওচৰত নি কব নোৱাৰাকৈ চিঞৰি দিলে তাই" দীয়া......"
চাৰিওপিনৰ পৰা ভাহি আহিল.....দীয়া ,দীয়া,দীয়া....যেন গোটেই চিমলাৰ পাহাৰ বোৰে একেলগে তাইক মাতিছে...
ধেৎ ..মইও যে পাগল হৈছোঁ ..নিজৰ ওপৰতে প্ৰচণ্ড হাঁহি উঠিল তাইৰ ।

देखो जिंदगी
मुस्कराना गैरो से, अपने लिए तो दिल खोल हँसकर देखो
सोच की हो गहराई ऐसी जनाब, खुद से नजर मिला कर देखो
उलझन में फंसे हो, बस फिर...मस्ती की उड़ान भरकर देखो
बदल न जाये गम खुशियों में... मन की कभी सुनकर देखो ...

ভালপোৱাৰ এজাক বৰষুণ (৩)


ভালপোৱাৰ এজাক বৰষুণ (৩)

 চিমলাৰ হালধীয়া,ৰঙা ফুল, পাইন গছৰ মাজত  সৰু ধুনীয়া কটেজটো ...গাড়ীৰ পৰা নামিয়েই মন ভাল লাগি যায়  দীয়াৰ ।
সন্ধিয়াৰ সময় ...পাহাৰৰ নিজান নিস্তব্ধ পৰিবেশ । লাইটবোৰ তিমতিমাই আছে । কটেজৰ বাৰাণ্ডাত বহি কফি একাপ হাতত ল'লে ।
 ..মোবাইলটোলৈ চালে এতিয়া লৈকে দেৱৰ ফোন অহা নাই  ।
তাই পালেহি নে নাই সুধিবলৈ। বোধহয় সদায়ৰ  দৰে কিবা বৰ্ড মিটিংত ব্যস্ত , ফ্রী হ'লে ফোন কৰি ওলোটা তাইক খং কৰিব যে তাত গৈ জনোৱা নাই  কিয় বুলি।
খবৰ দিয়া আৰু খবৰ লোৱা ..পাৰ্থক্য বেছি নাই শব্দ দুটাৰ । পাৰ্থক্য আছে যদি মাত্ৰ অনুভৱৰ , তুমি ভালে কুশলে গৈ পালানে দীয়া ,বুলি যদি এটা মেছেজ পালে হেতেন ,হয়তো মনৰ ভাগৰ খিনিও নোহোৱা হ'ল হেতেন  ।

মানুহ নিঃসংগতাৰ অভ্যস্ত নহয়। হয়তো অভ্যস্ত হব লগীয়া হৈ পৰে আপোনজনৰ ব্যস্ততাৰ অজুহাতত ।

..ৱাটছ আপ খুলি "দেৱ ,মই পালোঁহি  " বুলি এটা মেছেজ কৰে তাই।

"মইও যে আৰু..দেৱে ঠিকেই কয়, দীয়া তোমাৰ অভিযোগ বোৰ শেষ নহয় নেকি ? - স্বগতোক্তি কৰে দীয়াই।
 :দেৱ ,অভিযোগ নহয় ..অভিমান অ ,কেতিয়া বুজিবা ?

    দীয়া বেছি অভিমানী হৈ পৰিছে নেকি..আমনি পাই চাগে দেৱে..সেইবাবেই চাগে কটেজ কিনি গিফ্ট কৰি কেইদিনমানৰ বাবে দূৰলৈ পঠিয়ালে।
হাঁহি উঠিল তাইৰ নিজৰ ওপৰতে ।

   এইকেইদিন  কোনো মন বেয়া লগা কথা কোনোপধ্যেই নাভাবে তাই,কাৰো প্ৰতি অভিযোগ নৰখাকৈ মাত্ৰ নিজক এৰি দিব এই পাহাৰৰ বুকুত  । অকলশৰীয়া সময়েও জীৱনত মাজে সময়ে মাদকতা আনে ।
"মেম,ঠাণ্ডা পৰিছে..শ্বল খন লওক ,ভিতৰলৈ আহক  " - জবাই মাতিলে তাইক , জবা দীয়াৰ বাবে পৰিচাৰিকাৰ লগতে খুব ভাল বান্ধৱীৰ দৰে।

'"তুমি ৰেষ্ট লোৱা জবা, মই আছোঁ ।"

শ্বল খন মেৰিয়াই ল'লে তাই... কটেজটোৰ লগত চেল্ফি এখন ল'লে আৰু পোষ্ট কৰিলে ফেচবুকত,ৱাটছ এপৰ ফ্ৰেন্দচ গ্ৰুপত " Feeling awesome in Shimla "
ইল্যুজনৰ পৃথিৱীখনত তাই নো কিয় নিজৰ মনৰ কষ্ট খিনি ,শূন্যতা খিনি দেখুৱাব! কি হ'ব ! ..মাজে সময়ে ভুৱা প্ৰলেপৰ মাজত  উটি ভাঁহি থাকিও দেখোন নিজক আত্মসন্তুষ্টি দিব পাৰি , ভাবি থাকক সকলোৱে । তাই  সুখী ।
       পাহাৰৰ চিৰিয়েদি  তললৈ নামি আহিল তাই ।
পাহাৰৰ মাজে মাজে বৈ অহা এটা সৰু নিজৰা । ধুনীয়া বনৰীয়া ফুলবোৰ ..এটা  ধুনীয়া সুগন্ধি তাইৰ নাকত লাগিলহি আহি। বেঞ্চ এখনত বহি পৰিল তাই ...।
বহুত দিনৰ মূৰত ..
গান এটা গুণগুণাবলৈ মন গ'ল তাইৰ..কিমান দিন হ'ল গান গোৱা নাই ।...তাইৰ প্রিয় গানটো..
"জিন্দেগী কেইছি য়ে পহেলী হায়!! কভি তহ হছায়ে ,কভি য়ে ৰুলায়ে ..."
তাৰ পিছত কি আছিল জানো...!পাহৰিলে তাই,ছেহ...কি যে আৰু ।
"কভি দে'খ মন নেহী জাগে"
"পিছে পিছে চপনৌ কে ভাগে '
"এক দিন চপনৌ কা ৰাহী ...."
  তাইৰ সুৰত সুৰ মিলাই কোনোবাই গাই উঠিল গীত টি ,খুব ধুনীয়া কৈ ।
    ঘূৰি চালে তাই .. অলপ দূৰৰ বেঞ্চ খন বহি থকা  ল'ৰা এজন ,"ইউ চিং চ ৱেল মেম " - আন্ধাৰত চেহেৰাতো ধৰিব নোৱাৰিলে তাই  ।
উঠি গুচি গ'ল ..আগন্তুক।
তাইৰ কাণত বাজি ৰ'ল " ইউ চিং চ ৱেল মেম"
এজাক হিমশীতল বতাহে তাইক কঁপাই তুলিলে । স্ন ফ'ল হ'ব বোধহয় ! তাই শ্বল খন মেৰিয়াই উঠি আহিল । বতাহৰ সৈতে উৰি অহা কপাহৰ দৰে বৰফৰ টুকুৰাবোৰ ..চকু দুটা বন্ধ কৰি  ৰৈ গ'ল তাই..চুই চালে বৰফৰ টুকুৰা বোৰে ....তাইৰ চকু,গাল মুখ...!


ज़िन्दगी कैसी है पहेली हाय
कभी तो हँसाए, कभी ये रुलाये

कभी देखो मन नहीं जागे
पीछे-पीछे सपनों के भागे
एक दिन सपनों का राही
चला जाये सपनों से आगे कहाँ
ज़िन्दगी कैसी है पहेली...

ভালপোৱাৰ এজাক বৰষুণ (২)


ভালপোৱাৰ এজাক বৰষুণ (২)

   বৰষুণৰ পানী আহি বাৰাণ্ডাৰ ফুল খিনি ধুৱাই নিছে...মনটো ভাল লাগি যায় দীয়াৰ ।

:অঃহ ছিট !! গোটেই খন পানী পানী । দীয়া  কতবাৰ কৈছোঁ ,গ্লাছ দি লোৱা বাৰাণ্ডাখনত ।

: দেৱ, প্লিজ ..এইখিনি অন্ততঃ কাঢ়ি নিনিবা মোৰ পৰা ,তুমি জানা মই বৰষুণ কিমান ভাল পাওঁ । অকণমান মোক কৃত্ৰিমতাৰ পৰা আঁতৰি থাকিব দিয়াচোন ।

:দীয়া তুমি যে আৰু ..টকাৰ আজিকালি আমাৰ আকাল জানো? বুক কৰা এণ্ড গ টু এ হিল ষ্টেচন।
:দেৱ...বলানা..গুচি যাওঁ ,পাহাৰ এখনলৈ কেইদিনমানৰ বাবে, তুমি মই আৰু আমাৰ ভালপোৱা  ,বচ .. দেৱৰ হাত খন খামুচি ধৰিলে দীয়াই । প্লিজ দেৱ..প্লিজ । কাকূটি কৰে তাই।
উশাহ বন্ধ হৈ যাব মোৰ ইয়াত ,এই একঘেমীয়াত , অলপ সময় দিয়ানা মোক আগৰ দৰে । মোৰ যে তোমাৰ দীয়া জনী হবৰ মন গৈছে আকৌ ,কিমান দিন হ'ল দেৱ...তুমি মোক বুকুত লৈ, কঁপালত চুমা দি মোৰ দীয়া, বহুত ভাল পাওঁ তোমাক" বুলি কোৱা ।মনত আছে নে...? মোক বুকুৰ মাজত লৈ শেহতীয়াকৈ  কোনোদিনা শুইছিলা দেৱ কোৱাচোন ।

    অলপ সময় তাইৰ মুখৰ পিনে চাই সজোৰে হাঁহি উঠিল দেৱ....
: তুমি আৰু একেঘেমীয়া ? দীয়া ,দীয়া ..অ মোৰ দীয়া...চাকৰ নাকৰ,এই প্ৰকাণ্ড বাংলা ,এই আৰামৰ জীৱন আৰু তুমি ব'ৰ হৈছা....হহুৱালা ,আৰু কি বিচৰা জীৱনত?
ৰাতি পাৰ্টিৰ বাবে ৰেদি হৈ থাকিবা,মই ন বজাত পিক আপ কৰিম তোমাক...। দীয়া আহত হয়।
   পাৰ্টি বোৰত দেৱৰ হাতত হাত থৈ কৃত্ৰিম হাঁহি মাৰি ভাগৰি গৈছে দীয়া...মদৰ গ্লাছৰ মাজত জীৱন বিচাৰি পোৱা সেই ৰঙীন পৃথিৱী খন তাইৰ ভীষন অপছন্দ...মাত্ৰ দেৱৰ হাঁহিটোৰ  বাবেই তাইও অভিনয় কৰি যায় ।
  একো নক'লে দীয়াই ..."তুমি কি জানিবা দেৱ,মই কি বিচাৰো"... কিহৰ আকাল হৈছে মোৰ জীৱনত?  এইজনেই সেই দেৱ নে? বৰষুণত  তাইৰ চকুৰ পানী চিনি উলিওৱা  দেৱে তাইৰ কৃত্ৰিম হাঁহিটোৰ আঁৰৰ শূন্যতা খিনিও ধৰিব   নোৱাৰা হৈ গৈছে । নে জানিও নজনাৰ ভাও ধৰে,  দীয়াৰ বাবে দুৰ্বোধ্য সাঁথৰ হৈ পৰে কথাবোৰ।
:ড্ৰাইভাৰক গাড়ী উলিয়াব কোৱা শ্বপিং  যাম ।
"শ্বপিং"....
নতুন বেগ, জোতা ,কাপোৰৰ দমৰ মাজত তাই নিজক হেৰুৱাব খোজে । সাময়িক সকাহ পাব খোজে শূন্যতা খিনিৰ পৰা ।
জীৱনত বিশেষঃ একোতো বিচৰা নাছিল তাই। অলপ মৰমৰ বাদে যাক  ...হাতৰ মুঠিতে সামৰি থবও পাৰি।
    বৰষুণৰ সৈতে কথা পাতি থাকোঁতেই ৱাটছ আপত অহা মেছেজটোলৈ চায়, তাইৰ স্কুলৰ গ্ৰুপত তাইৰ গল্পটো ভাল হোৱা বুলি অভিনন্দন জনাইছে  । বহুত দিনৰ মূৰত গল্প এটা লিখি পেপাৰ  এখন লৈ এনেই মেইল কৰি চাইছিল ।  দেৱে পায়েইলৈ আহিছিল পেপাৰ খন । ভাবিছিল দেৱে ফুৰ্তি পাব,ঠিক আগৰ দৰেই..ক'ব ! ৱাহ দীয়া...আকৌ কলম  ধৰিলা ,মই খুব সুখী ।
না...তাই ভুল আছিল  " চোৱা দীয়া, তুমি এতিয়া চহৰৰ আগশাৰীৰ বিজনেছমেনৰ ৱাইফ, প্লিজ মেইন্টেইন ইয়ৰ দিগনিটি ।"
: দেৱ! - চিৎকাৰ কৰি উঠে তাই ।
   নিবিচাৰোঁ কোনো লৱাৰ ক্লাছ গছিপ হওক তুমি লিখা কিবা এটাক লৈ  । যদি বিচৰা পেজ থ্ৰীত  আহাঁ ...তোমাৰ লাইফ ষ্টাইল দেখুওৱা ,কিন্ত প্লিজ এইবোৰ নহয় ।
     মোবাইলটো  বাজি উঠাত তাই চালে -
: তোৰ কপাল বহুত ভাল  দীয়া, ইউ আৰ চ লাকী" লগৰ মীৰাই ফোন কৰিলেই প্ৰথম এইষাৰ কথায়েই কয় ।কেনে আছ তই? মোৰ আৰু কি ..চলিছে । বাই ডা ৱে তোৰ নতুন ডিপি খনত কাণৰযোৰ মজা লাগিছে । ডাইমণ্ড ন..?
: উম..য়া..দেৱ য়ে গিফ্ট দিছে,চুৰতৰ পৰা আনি দিছে ।
: এনেই কও নে..ইউ আৰ চ লাকী ।
    এৰা.. তাই লাকী, তাইৰ এটা ইচ্ছাত হিয়া উজাৰি  টকা খৰছ কৰি দিব পাৰে  সুদৰ্শন স্বামী দেৱে । মাটিত ভৰি থব নিদিয়ে তাইক,পানী একগ্লাছ লৈও খাব নালাগে...প্ৰকাণ্ড ঘৰ, গাড়ী ,গহনা ..গতিকে সকলোৰে চকুত তাই লাকীয়ে ।
      তাই জীৱনত বিচৰা খিনি জানো এইখিনি আছিল । সংসাৰখন বস্তুবাদী মানসিকতাৰ  তোলাচনীত জোখে মানুহে ।  সুখ বোৰো । ....টকা আছে,গতিকে তেওঁ সুখী ।

: মেদাম, চাৰে দিছে আপোনাক...গোলাপ ফুলৰ তোৰা এটাৰ লগত কাৰ্ড এখন । - পৰিচাৰকৰ মাত।

: দীয়া, ৰাতিপুৱা চাগে মই অভাৰ ৰিয়েক্ট কৰিলো ,বেয়া নাপাবা,তোমাৰ জন্মদিন আহি আছে, বিচাৰিছিলা নহয় পাহাৰ এখন ,চিমলাৰ এই কটেজটো তোমালৈ মোৰ উপহাৰ ,লাভ ইউ  ।

    ফুল খিনিত চুমা এটা খাই  ফোন লগালে দেৱক ।
:তোমাৰ পেকিং ও কৰো দেই মই..,টিকেট কোনোদিনাৰ ? আই এম চ হেপ্পী টুডে, ঠেংকিউ দেৱ I
: মোৰ দীয়া জনী ...মই যাব নোৱাৰিম, পোন্ধৰ দিনৰ বাবে আউট অফ ষ্টেচন,তুমি এটা কাম কৰা। কাম কৰা মানুহ  দুজনী লৈ যোৱা,একো অসুবিধা নোপোৱা  ,মই তাত আহি যাম ,তেতিয়ালৈ তুমি তোমাৰ প্ৰকৃতিৰ লগত থাকা।

ফোন টো থৈ..দীঘল হুমুনিয়াহ কাঢ়ে দীয়াই।
: সঁচাই মই কিমান লাকী ...!

"মেম ,পেকিং কৰো নে?" - পৰিচাৰিকা জবা আগুৱাই আহে।
"অঁ...মোৰ খিনি কৰা, চাৰৰ  খিনি এতিয়াই নালাগে।
 " অকলে যাব মেম ...?
"অঁ , অকলেই যাম মই,অকণমান নিজৰ বাবে জীয়াম....হেৰুৱাই পেলোৱা মই জনীক অলপ আকৌ জীয়াই তুলিব পাৰোনে নে নোৱাৰো চাওঁচোন..!"

 साथ भीगे बारिश में ये अब मुमकिन नहीं... चलो भीगते एक दूसरे की यादों में तुम कहीं....मैं कहीं..

"অস্তাচলত ভালপোৱাৰ এজাক বৰষুণ" - ভালপোৱাৰ এজাক বৰষুণ (১)


ভালপোৱাৰ এজাক বৰষুণ(১)

এজাক বৰষুণ আহক
হেঁপাহ পলুৱাই তিতিম
হৃদয়ৰ সুগন্ধি লৈ
ঠিক মাটিত পৰা বৰষুণৰ প্ৰথম টোপালৰ দৰে ...
তোমাৰ বুকুৰ মাজত  মই..
আঁকোৱালি ল'বা তুমি
কাণত ফুচফুচাই যেন কৈ উঠিবা ..
"সদায় তিতিম  তোমাৰ সতে ভালপোৱাৰ এই বৰষুণ জাকৰ মাজত"...

: দেৱ, এই দেৱ উঠানা । চোৱা না...ইমান ধুনীয়া বৰষুণ জাক ।
:শুব দিয়া দীয়া, প্লিজ ।

   আঁতৰি গৈ বাৰাণ্ডাৰ চকী খনত বহি পৰিল তাই । সময়বোৰ সলনি হয়,লগতে যেন মনবোৰো ।
হাত খন মেলি টোপাল বোৰ আজলী পাতি ল'লে ।

" শুই থকা দেৱলৈ চালে এবাৰ...এই জনেই সেই দেৱ নে?
:বৰষুণ দিছে..চোৱা দীয়া । তুমি ভালপোৱা বৰষুণ এজাক ।
বাইকত বহাই লৈ গৈছিল সেউজীয়া বননি খনৰ মাজত ,তাই দুহাত মেলি ৰৈছিল চকু মুদি...বৰষুণৰ পানীৰ টোপাল বোৰ তাইৰ মুখত পৰিছিল ।
তাইৰ মুখখন দুহাতত লৈ সেই বৰষুণ জাকত সেউজীয়া হৈ পৰিছিল সিহঁতৰ প্ৰেম ....

    প্ৰেম ভালপোৱা..
প্ৰেমৰ কবিতা ভালপোৱা,তাইৰ চুলিতাৰিত মুখ গুজি ভালপোৱা সেই দেৱৰ হাতত ধৰি  ঘৰ এৰি ওলাই আহিছিল ...তাইৰ প্ৰেমৰ ঘৰখন সজোৱাৰ বাবে ।

তাইৰ ঘৰখন..সকলো নাৰীৰ দৰে তাইও সপোন দেখিছিল ,বিশ্বাস,মৰমৰ ঘৰ খন ।

প্ৰথম দৰমহাটো আনি তাইৰ হাতত গুজি দি কৈছিল দেৱে " হ'বনে? পাৰিবানে এইখিনিৰে  ঘৰ চলাবলৈ ?"
"মোৰ সপোন এখন সুখৰ ঘৰৰ দেৱ..তুমি ,তোমাৰ বুকুৰ উম খিনিলৈয়ে। এয়া বহুত মোৰ বাবে।"
বিশাল অট্টালিকাৰ সপোন তাইৰ মুঠেও নাছিল । টকাৰ ঝংকাৰ তাই বহুত শুনিছে,সেই ঝংকাৰত শেষ হৈ যোৱা দেখিছিল তাইৰ মাক দেউতাকৰ সংসাৰ । তাই কি বিচাৰে..তাইক সোধাৰ সময় নাছিল আধুনিকা মাকৰ ...টকা ঘটাত মত্ত দেউতাকৰ ।
দেৱৰ বুকুত কৰবাত বিচাৰি পাইছিল মৰমৰ উম খিনি...এবাৰো ঘূৰি নোচোৱাকৈ,একো আক্ষেপ নৰখাকৈ তাই গুচি আহিছিল দেৱৰ হাতত ধৰি ।
তাইৰ খবৰ ৰখাৰো কোনো দৰকাৰ অনুভব কৰা নাছিল তাইৰ  মাক দেউতাকে,হয়তো তাইৰ প্ৰতিবাদৰ ভাষাই আমনি দিছিল তেওলোকক ।তাইৰ ভায়েক দুজনে তাইক মৃত বুলি ধৰি লৈছিল   । সৰুৰে পৰা ভীৰৰ মাজত  অকলশৰীয়া হৈ থকা দীয়াৰ গাত লগা নাছিল কোনো কথাতে।

   দেৱক বান্ধৱী এগৰাকীৰ ঘৰত লগ পাইছিল তাই ।
:দীয়া..
তোমাৰ নাম?
: ভুল নাম থলে..সুলোচনা হব লাগিছিল তোমাৰ নাম ।
লাজ লাগিছিল দীয়াৰ
:তোমাৰ যে চকুযুৰি ,কবিতা লিখিব পাৰি ।
দেৱে লিখিছিল কবিতা...তাইৰ চকুযুৰিক লৈ।

    সুখবোৰ যেন তাইৰ হাতত নধৰা হৈছিল তাইৰ । দেৱৰ নামত সেন্দুৰ খিনি ..গা ধুই উঠি সদায় লগায় ,বিয়াৰ পিছৰ দিনৰ পৰা আজিলৈকে।

: মোৰ বাবে খুব লাকী তুমি  দীয়া ।
নতুনকৈ  পোৱা প্ৰজেক্টটো  লৈ খুব সুখী আছিল দেৱ ।
দিনবোৰ লাকী হৈ গৈছিল দেৱৰ বাবে । সৰু দুটা ৰুমৰ ভাড়া ঘৰটোৰ পৰা প্ৰকাণ্ড চৌহদৰ বাংলাটো লৈকে  তাই গৈছিল দেৱৰ হাতত ধৰি ।
কিন্ত  সৰু ঘৰটোতে যেন  ৰৈ গৈছিল তাইৰ সপোন বোৰ ।
: দেৱ ..বলানা ফুৰি আহোঁ । সেই যে সেউজীয়া বননি খন ,কিমান দিন হ'ল আমি যে যোৱা নাই ।
: ড্ৰাইভাৰ লৈ  যোৱানা প্লিজ । দেৱ ব্যস্ত হৈ পৰিছিল লেপটপত ।
:দেৱ ..দেৱ ..এই চোৱানা ,নতুন কুৰ্তী তো পিন্ধি তাই দেখাইছিল তাক ..আগৰ দৰে পিচপিনৰ লেছ পাত গাঁঠি দিব বুলি কিবা এক ক্ষীণ আশা কৰি । ডন্ট বি চাইল্ডিচ্ দীয়া। আমিতো এতিয়া সেই প্ৰেমিক প্ৰেমিকাহাল নহয় ।
: তেন্তে আমি কি হয়  দেৱ? মুঠেই সময় নোহোৱা হ'ল মোৰ বাবে তোমাৰ ।
: হুৱাট ননচেন্স ? সময় , কি মই মোৰ বাবে দি আছোঁ? তোমাৰ ,আমাৰ  ফিউচাৰৰ বাবে । এই টকা কাৰ বাবে?
    তাইৰ কবিতা লিখিব পৰা চকু যুৰিলৈ নিগৰি  অহা চকু পানী খিনিলৈও চাবলৈ যেন এতিয়া সময় নোহোৱা হ'ল দেৱৰ ।
আকৌ তাইৰ কানত বাজি উঠে..সেই একে টকাৰ ঝংকাৰ ,যিটো ঝংকাৰৰ পৰা পৰিত্ৰাণ পাবলৈ তাই গুচি আহিছিল দেৱৰ সৈতে । সেউজীয়া প্ৰেমৰ সলনি তাইৰ কোলা এতিয়া সি ভৰাই দিয়ে দামী উপহাৰৰে ,দায়িত্ব যেন তাতেই শেষ দেৱৰ ।

দীঘল কৈ হুমুনিয়াহ এটা কাঢ়ি ৰিয়াই বাৰাণ্ডাত বগাই যোৱা মানি প্লেণ্ট জোপালৈ চালে ...মনবোৰো এনেকুৱাই চাগে । কিবা নহয় কিবা এটা  সমল বিচাৰে ..কাৰোবাৰ মৰমৰ,নিৰাপত্তাৰ ,খামুচি ধৰা মাটি খিনিও যে বালিৰ দৰে হাতৰ ফাঁকেৰে ওলাই গৈ দিব পাৰে এক ভয়ংকৰ শূন্যতা ,তাই আজি অনুভৱ কৰিছে ।

बता किस कोने में, सुखाऊँ तेरी यादें,
बरसात बाहर भी है, और भीतर भी है....