Monday, December 2, 2019

ভালপোৱাৰ এজাক বৰষুণ (২১) - অন্তিম খণ্ড


খিৰিকী মুখৰ ফিৰফিৰিয়া বতাহ জাকে বহুত কথা সোঁৱৰাই দি যায় । এৰা সোঁৱৰণিৰো যে আছে সুকীয়া আমেজ ।
     সুদীৰ্ঘ পঁচিছ বছৰৰ মূৰত আকৌ আহিছে দীয়া চিমলালৈ.... । সেই একেই কটেজলৈ...যিটো দেৱে তাইৰ নামত উপহাৰ দিছিল। সেই যে এৰি গৈছিল তাৰপিছত বহু বাৰ দেৱৰ অনুৰোধকো আওকাণ কৰি দীয়া এবাৰলৈকো অহা নাছিল।
  সকলো একেই আছে ..বৰফেৰে ঢকা পাহাৰ বোৰ, বতাহত গছৰ পৰা খহি পৰা বৰফবোৰ ...সেই শীতল মলয়াজাক ...পাইন গছ বোৰ ।সকলো দেখোন একেই আছে। ...মাল ৰোডত অলপ দোকান বাঢ়িছে , বাঢ়িছে ব্যস্ততা..কিন্ত মানুহ বোৰ সুখী মনেৰে ঘূৰি আছে  ঠিক আগৰ দৰেই ।
তাই জানো একেই আছে ? নাই তাইৰ বহুত কিবাকিবি সলনি  হ'ল ..জীৱনটোৰ প্ৰতি কোনো আক্ষেপ অভিযোগ নৰখা হ'ল। দেৱৰ প্রতিও ।...পৌঢ় মহিলা এগৰাকী এতিয়া...চুলিত ৰূপালী ৰঙ । আৰু শূন্যতা বোৰ? ......সেই শূন্যতা কেতিয়াবাই কোনোবাই দখল কৰি ল'লে।
ভাব বিভোৰ দীয়াই ....ৰিণি ৰিণি শুনিলে চিনাকি কাৰোবাৰ মাত " হেৰি দীয়া মেম ..." চক খাই
ঘূৰি চালে তাই  ...নাই কোনো নাই ।।
  হুদী পিন্ধা কোনোবাই যেন পাইন গছৰ আঁৰৰ পৰা ঘূৰি চাইছে...না তাতো কোনো নাই....।
তাই আজি শ্লোকক দেখিছে...সকলোতে ।
শ্লোক তাইৰ পৰা হেৰালে জানো!  ...উশাহ জানো  শৰীৰৰ পৰা আঁতৰি যায় ? জীয়াই থাকোঁতে মানুহ!
যিজনে তাইক জীৱন জীয়াব শিকাই গ'ল..তেওঁতো সদায় তাইৰ উশাহত ।
"......মা....গান এটি গোৱানা .."
:হ'ল আৰু তোৰ আৰম্ভ । ..মোৰ বান্দৰটো..বিয়াও ঠিক হ'ল ..ডাঙৰ নহ'লি ।
: তোমাৰ শ্লোক, তোমাৰ আগত সদায় বেবী হয়ে থাকিম,ডাঙৰ নহও । - সাইলাখ পঁচিছ বছৰৰ আগৰ  শ্লোকৰ চেহেৰা। স্বভাৱ, খোজ কাটল। সেই একেই হাঁহি । কথাই কথাই ধেমালি । মুখলৈ চাই থাকিলে এনে লাগে যেন পৃথিৱীৰ কোনো দুখে কেতিয়াও চুব নোৱাৰে তাক।
..দীয়াৰ ল'ৰা..শ্লোক । নহয় , দীয়া আৰু শ্লোকৰ ল'ৰা । পঁচিছ বছৰৰ আগতে তাইৰ আৰু শ্লোকৰ মৰমৰ চিন গালৈ অহা যেতিয়া তাই গম পাইছিল ,তেতিয়া হয়তো শ্লোক কোনোবা অচিন জগতত ..। তাৰ  মৃত্যুৰ খবৰ তাইক নিদিবলৈ দেউতাকৰ ভৰিত ধৰি অনুৰোধ কৰি আহিছিল সেইদিনা  তাই। ...থাকক সি তাইৰ মনত জীয়াই ।
বহুত দিন ভাবিলে..তাই বাৰু প্ৰতাৰণা কৰিলে নেকি দেৱক..?বহু দিন এৰি যাব খুজিলে এই ঘৰ- দুৱাৰ , সা সম্পত্তি, আনকি ...দেৱকো।  বহু দিন ক'ব খুজিও ৰৈ গ'ল শ্লোক দেৱৰ সন্তান নহয় বুলি।
এয়া কি প্ৰতাৰনা ? পাপ????দেৱক তাই বচাইছে...অইন এক অপৰাধবোধত ভোগাৰ পৰা ,বহু দিন আগতে তাই গম পাইছিল দেৱৰ পুৰুষত্বহীনতাৰ কথা। ...এই সত্য জানিলে আত্মঅহংকাৰী দেৱ হয়তো জীয়াই নাথাকিল হয়। হয়তো জানিছিল সিও,  কিন্তু কোনোদিনে দীয়াৰ সন্মুখত ধৰা দিয়া নাছিল। দীয়াই কেতিয়াও ভবা নাছিল এইবোৰ কথা। যদিওবা শ্লোক দেখাত দেৱৰ দৰে নাছিল, স্বভাৱতো । সোধা নাছিল কেতিয়াও।
    ...যিটো মিছা কথা  জীৱন জীয়াই থকাৰ সম্বল হৈ পৰে..সেইয়া মিছা কথাই হয়তো পাপৰ নাম নাপায় ।। তাইৰ মাজৰ পৰিৱৰ্তন খিনি হয়তো কৰবাত দেৱেও দেখা পাইছিল । কেতিয়াবা হাতত ধৰি কৈছিল"আগৰ দীয়া জনী হৈ যোৱানা মোৰ"
     তাই ক'ব খুজিও ৰৈ যায় " এসময়ত তোমাক অন্তৰ ভৰি ভালপোৱা সেই মৰম আকলুৱা দীয়া জনীৰ অন্তৰ খন কেতিয়াবাই ভাঙি পেলালা । এৰি যাব খুজিও নোৱাৰিলোঁ ,কাৰণ তোমাৰ দৰে মতলবী হ'বলৈ  হয়তো মোৰ মৰমখিনিয়ে নিশিকিলে " মৰমক মৰম কৰা তাইক শ্লোকে শিকাই গ'ল ।
লন খনত দেৱ গলফ খেলাত ব্যস্ত। আনফালে শ্লোকে চিঞৰি আছে -
মা..তোমাৰ প্রিয় গীত এটি গাও নে...শুনিবা?
দীয়াই চকুৰে সন্মতিসূচক ইংগিত দিয়ে।  শ্লোকে গীটাৰ খন লৈ গাই উঠিল ...

ए ज़िंदगी गले लगा ले ए  ...🎵





मत सोच इतना ज़िन्दगी के बारे में
जिसने ज़िन्दगी दी है उसने भी कुछ तो सोचा होगा

কৰবাত সোঁৱৰণিয়ে জিকাৰ খাই উঠিল। সৰি পৰিল বৰফৰ টুকুৰাবোৰ আকৌ এবাৰ । কৰবাত বনফায়াৰ একুৰা উমি উমি জ্বলি আছে। কাষতে ঢিমিক ঢামাক এটা হেণ্ড লেম্প। সৌৱা পঁচিছ বছৰৰ আগৰ শ্লোক। কাষতে কাণ উনাই ,অস্তাচলত ভালপোৱাৰ বৰষুণজাকত তিতি থাকিল দীয়া...!


तेरे बिना ज़िन्दगी से कोई, शिकवा तो नहीं
शिकवा नहीं, शिकवा नहीं, शिकवा नहीं
तेरे बिना ज़िन्दगी भी लेकिन, ज़िन्दगी तो नहीं
ज़िन्दगी नहीं, ज़िन्दगी नहीं, ज़िन्दगी नहीं…

---------সমাপ্ত--------

ভালপোৱাৰ এজাক বৰষুণ (২০)



फिर उसकी याद, फिर उसकी आस, फिर उसकी बातें,
ऐ दिल लगता है तुझे तड़पने का बहुत शौक है।

দীয়া যেন আজি অকলে নহয়,সকলো সময়ত লগত যেন ঘূৰি ফুৰিছে এক মিঠা অনুভৱ | ভালপোৱাৰ অনুভৱ হৈ....অহৰহ খেদি ফুৰিছে শ্লোকৰ স্মৃতিয়ে...।
ভাবিলেই এটা  হাঁহিয়ে ঢৌ খেলে তাইৰ মুখত। ..সি সঁচাকৈ কৈছিল , আমাৰ এই ধুনীয়া সময়বোৰে আমাক জীপাল কৰি ৰাখিব ।

.....আইনাখনত নিজক যেতিয়া চায় তাই ,চকুত যেতিয়া কাজল সানে ,মনত পৰে..শ্লোকলৈ।
 .."দীয়া তোমাৰ চকুত কাজল বহুত ধুনীয়া দেখি"

চুলি খিনি যেতিয়া আচুৰে..মনত পৰে..

"বৰ ভাল পাওঁ তোমাৰ চুলিখিনি  বুলি মুখ গুজি দিয়া শ্লোকলৈ ..."

"তোমাৰ  লিখা বোৰ পঢ়ি মই খুব ভাল পাওঁ,লিখি যাবা ..কবিতা বোৰ",তাইৰ ডায়েৰী খন পঢ়ি উঠি কোৱা তাৰ কথাষাৰ....

"ইমান ধুনীয়া কৈ লিপষ্টিক নলগবা ..পিছত মোক দায় দোষ নিদিবা"  বুলি কৈ হাঁহিত ফাটি পৰা শ্লোক.....

তাইক হাতত ধৰোৱাই  দিয়া  তাই বহুত দিন ধৰি বিচাৰি ফুৰা ৰঙৰ প্রিয় গুলপীয়া লিপষ্টিকটো ।
 "..জীৱনত যে কেতিয়াবা লিপষ্টিক কিনিও গিফ্ট দিম ভবা নাছিলোঁ "
বুলি তাইৰ নাকটো টনা শ্লোক । "কেনেকৈ জানিলা এইটো ৰঙ মই বিচাৰি থকা বুলি?"

 Guess দীয়া মেম..My sixth sense...

       দেৱৰ লাখটকীয়া ডাইমণ্ড ৰিঙেও দেখোন সেইখিনি সুখ তাইক দিব পৰা  নাছিল কেতিয়াও।

"হেৰি দীয়া মেম... নামি অহা চোন দুই মিনিটৰ বাবে...বুলি মাজনিশা কটেজৰ সমুখত আহি তাইৰ প্রিয় গোলাপৰ থোপা  দি যোৱা শ্লোক ....শুকান গোলাপ ফুল কেইপাহ যে এতিয়াও তাইৰ লগত ।

চিমলাৰ কটেজ টোত কৈও যে ধুনীয়া....

   নেটফ্লিক্সৰ ৱেব চিৰিজৰ বিষয়ে অনৰ্গল বকি যোৱা ...শ্লোক ...বেছি স্পীদত গাড়ী চলালে তাইৰ ভয় লাগে বুলি জানি বুজি মাজে মাজে প্ৰচণ্ড ব্ৰেক মাৰি হাঁহিত ফাটি পৰা শ্লোক ।

"শুনা..বাঁহৰ গাজ দি বনোৱা চিকেন মই ভালপাওঁ,পায়স মই ভালপাওঁ  বনাই খুৱাবা " বুলি শ্লোকৰ  মৰমৰ আব্দাৰ  খিনি... তোমাৰ হাত দুখন ভুৰুকাত ভৰাই থম বুলি কোৱা শ্লোক....!

মাত শুনিয়েই মনটো বেয়া লগা বুলি বুজি যোৱা শ্লোকজন...তাই যদি সোধে "কেনেকৈ গম পালা?মোৰ মন বেয়া বুলি...."

"As usual guess দীয়া"

     তাইৰ লগে লগেই দেখোন সকলোতে ঘূৰি ফুৰিছে...সি ...। শ্লোকৰ পৰা দেখোন তাই আঁতৰি থকা নাই। 

শ্লোক বোৰ জীৱনত আহে...ভাললগা বোৰ Guess কৰে.... ...তাৰ পিছত যেতিয়া সেই ভালপোৱাৰ  সুৰ নিবিচাৰাকৈ  নোহোৱা হৈ যায় ...হেৰাই যায় ...ভয় তেতিয়াই লাগি যায় ,আকৌ সেই শূন্যতাৰ.....কবলত পৰাৰ ।

    কিছুমান সম্পৰ্কই  কোনো প্রতিশ্ৰুতি লৈ জীৱনলৈ নাহে ..আৰু সেইবাবেই বিচৰামতে থাকিও নাযায় .....।


   চক খাই উঠে ৰাতি তাই । গাৰুতো জোৰকৈ সাৱটি শুৱে । ..অনামী ভয় এটাই ঘেৰি ধৰে তাইক ,তাই জানে সেই ভয়  কিহৰ ।

 ....কিন্ত তাই যে শ্লোকক কথা দি আহিছে...তাৰ মৰমক তাই হেৰাই যাব নিদিয়ে ।

চকু দুটা মুদি গালে মুখে অনুভৱ কৰে...তাৰ স্পৰ্শ। তাৰ উশাহ..সি চাগে মোক মিছ কৰিছে...।

উঠি যায় তাই ,বাথৰুমত ,জোৰকৈ পানী চলাই হেঁপাহ পলুৱাই চিঞৰি কান্দে ।

খৰধৰকৈ চকু পানী মুচে...শ্লোকে গম পালে আৰু দুখ পাব ।

মোবাইলটো হাতত লৈ বহুত সময় ভাবি থাকে...নাম্বৰটো লগাও নে নলগাও ...ঘূৰি নাচাও ,কথা দিছিলোঁ  তাক।

    সেই সময়তে এটা ফোন আহে অচিনাকি নাম্বাৰৰ পৰা ...তাই বহুত বাৰ হেল্ল কয়.. একো শব্দ নোহোৱাকৈ ফোন তো কাট খায়...।

মোবাইলটোত তাই কান্দি কান্দি চুমা খায়...জানে তাই..সেইটো কাৰ উশাহৰ শব্দ আছিল ....।

     ভালপোৱা...ভালপোৱা...ভালপোৱা..

বৈধ কি? কি অবৈধ...কি ভুল কি শুদ্ধ...নিষ্পাপ প্ৰেম এক জীৱনদায়িনী শক্তি হৈ উঠে।
....শ্লোক আৰু দীয়াৰ দৰে হৃদয়ৰ বাবে.....
ই কাকো ধ্বংস নকৰে।
.ভালপোৱা কেতিয়াও কাৰো চকুপানীৰ কাৰণ হ'ব নোৱাৰে...হাঁহিৰ আঁৰত থকা এটা কাৰণ হৈ হে উঠে...।


   "চিমলাৰ পৰা অহাৰ পৰা তোমাৰ যেন মোৰ প্ৰতি মৰমবোৰ,কেয়াৰবোৰ বাঢ়ি গল দীয়া,অভিমান নকৰা হ'লা দেখোন " ...দেৱৰ টাই ডাল বান্ধি থাকি তাৰ মুখলৈ চাই হাঁহিলে তাই...। এই বঢ়াই লোৱা  মৰম কেয়াৰ বোৰৰ আঁৰত বাৰু  অপৰাধভোগত ভোগা তাইৰ মনটোও আছে নেকি....??? দেৱৰ প্ৰতি অলপ অপৰাধভোগত ভোগে তাই....সেয়েহে হয়তো কেয়াৰবোৰ বঢ়াই লৈছে...বাঢ়ি যোৱা আৰু বঢ়াই লোৱাৰ  সমীকৰণ  খুব অদ্ভুত....



"মিঠা অভিমান " বোৰ সেইদিনা নোহোৱা হৈ পৰে,যিদিনা মানুহটোৰ প্ৰতি সেই ভালপোৱাৰ ৰূপ সলনি হৈ পৰে। ..অভিমান সদায় মনৰ মানুহ টোৰ আগত হে কৰা যায়...মৰমৰ আব্দাৰ , দেৱে বুজি উঠাত বহু দেৰি হ'ল চাগে....।

দীয়াৰ অভিমান মাত্ৰ এতিয়া নিয়তি লৈ ...বিধাতা লৈ ।

তাইৰ প্রিয় ৰাধা কৃষ্ণৰ মূৰ্তিতো লৈ চালে তাই...

 এই কৃষ্ণই জানো ৰাধাক সোধা নাছিল " মই তোমাৰ কত?"
বাউলি ৰাধাই  আথে বেথে কৈছিল "তুমি মোৰ অন্তৰত,   মোৰ প্ৰানত, প্ৰতিটো উশাহত ,তুমি মোৰ মনত,তুমি মোৰ দেহত ...
     "ৰন্ধ্ৰে ৰন্ধ্ৰে  মাথোঁ তুমি ,তোমাৰ প্ৰেম ...!!!"

"মই কত নাই তেতিয়া হলে ৰাধা?"
"  তুমি মোৰ কপালত নাই  , মোৰ শিৰৰ ৰঙা সেন্দুৰ খিনিত তোমাৰ নাম নাই "নিৰূদ্বেগ ৰাধাই উত্তৰ দিছিল ।

"বিধাতা মই !!   তথাপি মই বিধিৰ বিধান খণ্ডাব নোৱাৰিলোঁ, মই তোমাৰ প্ৰেমত , মীৰা মোৰ প্ৰেমত ...কিন্ত হলো মই ৰুক্মিণীৰ ...



তাই বিধাতাৰ পৰা শ্লোকক  আনিব নোৱাৰে....কিন্ত তাই
শ্লোকৰ  মৰম বোৰ বুকুত লৈ সদায় জীয়াই ৰাখিব পাৰিব ... তুমি আছা শ্লোক । মোৰ ছাঁ হৈ, মোৰ উশাহ হৈ ,গীটাৰ খন সাৱটি তাই কৈ উঠিল.....

हे कान्हा, तुम्हे पाना जरूरी तो नहीं,
तुम्हारा हो जाना ही काफी हैं मेरे लिए।

ভালপোৱাৰ এজাক বৰষুণ (১৯)


जब तक
पहली बरसात की बुन्दें
ना भिगो दे हमको..ठहर जाओ ना
मेरे पास...
जब तक
मिट्टी की खुशबू
ना महका दे हमको..ठहर जाओ ना
मेरे पास...ठहर जाओ ना
मेरे पास...
जब तक
इन सबके एहसास
फिर से मुहब्बत में ना
डूबा दे हमको...।।
   শ্লোকৰ বুকুত দীয়া...মৰমবোৰ ইমান মোহনীয় হৈ উঠে নে...মৰমবোৰে অকল দেহ নহয় মনো এনেকৈ ভৰাই তুলিব পাৰে নে...ভৰিৰ আঙুলিৰ পৰা চকুদুটা লৈ আঁকি যোৱা অজস্ৰ মৰমে আত্মিক সুখ দিব পাৰে নে....কৃষ্ণৰ বাঁহীৰ শব্দত বলিয়া হোৱা "ৰাধা "আজি "তাই" শ্লোকৰ মৰমত..শ্লোকৰ বাহুত ।

  তাইৰ দীঘল চুলিটাৰী তাৰ মুখত বিয়পি পৰিছে।  তাইৰ দুই ওঁঠত শ্লোকে আঙুলিৰে হাত ফুৰালে....তাইৰ শিৰত হাত ফুৰালে...দেৱৰ নামৰ সেন্দূৰ অলপ তাৰ হাতত লাগি আহিল..

লগাই দিয়াচোন ৰং খিনি আকৌ তাত...দীয়াই কৈ উঠিল।

 শ্লোকৰ দুটোপাল চকু পানী তাইৰ মুখত পৰিল..আজি তাই শ্লোকৰ মুখখন নিজৰ হাতত ললে ...চকু পানীত দুটা চুমা আঁকি দিলে  আলফুলে।

মৰমবোৰ কেতিয়া জী উঠে ... এজনে আনজনক কেনেকৈ  জীয়াই তোলে ? যেতিয়া  এই চকু পানী বোৰত চুমা আঁকিব পাৰে। সিহঁতে নাজানে। জানিব নোখোজে।

"শ্লোক,ভাগি পৰা দীয়া জনীক মৰমৰ,ভালপোৱাৰ সংজ্ঞা শিকাই তুমিয়েই যদি হতাশ হোৱা কেনেকৈ মই উশাহ ল'ম ?"

"ন' দীয়া,মই ভাগি পৰা নাই ...আকৌ জীয়াব মন গৈছে দেখোন । তোমাক যদি মই দহ বছৰ আগেয়েই লগ পালোঁ হয়!  "

"তুমি জীয়াই থাকিবা, যেতিয়া লৈকে মই উশাহ লৈ থাকিম শ্লোক"

"সন্ধিয়া মই গুচি  যাম আজি শ্লোক,নিজৰ ঘৰ খনলৈ"...

"দীয়া..."

"অঁ..."

"দীয়া....."

মইও কিবা কওঁ নে ?

"কোৱা"

..মোৰ মৃত্যুৰ খবৰ তুমি যাতে কেতিয়াও গম নোপোৱা...কেতিয়াও যাতে চেষ্টা নকৰা জানিবলৈ  মোৰ মৃত্যু। ...মই জীয়াব খোজো তোমাৰ মনত....প্লিজ । মোৰ মৃত্যুৱে হয়তো তোমাক চৰম সত্যৰ মুখামুখি কৰোৱাব। সেই সত্যৰ পৰা তুমি আঁতৰি থাকিবা প্লিজ।

"শ্লোক,কথা দিলোঁ" মই ঘূৰি নাচাও তোমালৈ...কথা দিলোঁ , খবৰো নলও ।

    গাড়ী খনৰ দৰ্জা খুলি দিলে শ্লোকে , "দীয়া বহা..."

    শেষবাৰৰ বাবে শ্লোকৰ বুকুৰ মাজত সোমাল দীয়া....আজি তাই কান্দিব নোৱাৰে,হাঁহি বিদায় ল'ব  ।
"দীয়া,অগলা জনম কিন্ত তুমি মাথোঁ মোৰ, ইউ আৰ বুকদ ফৰ শ্লোক " -  আকৌ সেই হাঁহি....।

    চলি থকা গাড়ীৰ ছিটত মূৰতো হেলান দিলে তাই...উশাহ  ল'ব পৰা নাই তাই ....কষ্ট হৈছে। বুকুত এটা শিল লৈ এই যাত্ৰা বৰ কষ্টকৰ ।

     কিছু দূৰ আহি গাড়ী ৰখাই পাহাৰৰ দাঁতিত বহি পৰিল তাই....তাইৰ বুকু ভঙা কান্দোনৰ আজি প্ৰতিধ্বনি নাহিল পাহাৰৰ বুকুত....তাই কান্দি থাকিল .....!

बहुत चाहा उसको जिसे हम पा न सके,
ख्यालों में किसी और को ला न सके,
उसको देख के आँसू तो पोंछ लिए,
लेकिन किसी और को देख के मुस्कुरा न सके।
**
   গাড়ীত লাগেজবোৰ উঠোৱাত দেৱ ব্যস্ত,লগতে ফোন। ..দীয়াই তাইৰ প্রিয় নীলা ৰঙৰ কুৰ্তীটো পিন্ধি ওলাই আহিল। চিমলা এৰাৰ সময় সমাগত ....চিমলা নহয় ....তাইৰ জীৱনৰ এক অধ্যায় এৰাৰ সময় সমাগত।...এবাৰ ইফালে সিফালে চালে । .

.কৰবাত দেখে নেকি ..শ্লোকে মনে মনে চাই থকা ??

"মেডাম, য়েহ গিফ্ট ভেজা আপকে লিয়ে,এক চাহাব নে " পাহাৰীয়া ল'ৰা এটাই আহি দীয়াক পেকেট এটা দিলে ....।
খুলি চাই দেখে শ্লোকৰ গীটাৰ খন।  ...তাৰ প্রিয় গীটাৰ খন....দৌৰি গ'ল তাই...ক'ত শ্লোক...?

"দীয়া, আমি লেট হৈছোঁ, জলদি আহা..." দেৱৰ মাতত উভতি আহি গাড়ীত বহিল তাই...। দুচকত ধাৰাসাৰ চকুপানীৰ বান। মুখ ঘূৰাই দেৱৰ দৃষ্টিৰ পৰা নিজকে আঁৰ কৰি বহিল। দেৱ তেতিয়াও ফোনত ব্যস্ত। জবাই তাইৰ মুখলৈ চাই ৰল মাথোঁ...   শ্লোকৰ প্ৰেমত পৰি ককবকাই তেজৰ চকুলো বোৱাই থকা হৃদয়খন চাগে তাই পঢ়ি পেলাইছিল ।

চিমলা এৰি গাড়ী খনে গতি ল'লে....পাহাৰ বোৰ...শাৰী শাৰী পাইন গছ বোৰ এৰি ।খিড়িকীৰে তাইৰ দুচকুৱে  বিচাৰি ফুৰিল শ্লোকক...

ছয়া ময়া কৈ যেন দেখিলে হুদী পিন্ধি হাত জোকাৰি থকা শ্লোকক। ..ঘূৰি ঘূৰি চালে.... নাঃ তাইৰ ভ্ৰম চাগে...আকৌ চালে..নাই ...ভ্ৰমেই হয় । "ভালপোৱা "নিজেই  দেখোন এটা ভ্ৰম ...

পাইন গছৰ আঁৰত তাইক এবাৰ চাবলৈ আহি নিজক লুকুৱাই ৰখা শ্লোকক তাই ভ্ৰম বুলিয়েই ভাবি ল'লে ।

গাড়ীত বাজি উঠিল গান....

ऐसा कोई दिल नहीं जो कभी टूटा नहीं  कांच से उम्मीद क्या रखना  ऐसा कोई दिल नहीं जो कभी टूटा नहीं  कांच से उम्मीद क्या रखना ...

ভালপোৱাৰ এজাক বৰষুণ (১৮)


ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি দেৱ ওলাই গ'ল । চিমলাৰ এপেল গাৰ্ডেনত ইনভেষ্ট কৰিছে টকা ।
এবাৰো নক'লে "দীয়া যাবা নে ,আহা ফুৰি আহোঁ" বুলি !
মাত্ৰ কৈ গ'ল "পেকিং কৰি ৰেডি হৈ থাকিবা, কিবা কৰিব লগা আছে যদি কৰি লোৱা । সন্ধিয়ালৈ ওলাম আমি"

...মোবাইলটো বাজি উঠিল দীয়াৰ । অচিনাকি নাম্বাৰ এটা ।

:হেল্ল ,তুমি দীয়া নে? পুৰুষ কণ্ঠ ।

:হয় ..কোনে কৈছিল ।

:মই শ্লোকৰ পিতৃ ।

:শ্লোক ..ক'ত আছে শ্লোক..ভালে আছে নে?- দীয়া চিঞৰি উঠিল।

:তুমি এতিয়া আহিব পাৰিবা নে?

:কওক  আগতে ..প্লিজ  কওক..শ্লোক ভালে আছে নে ?

:ঠিকনা তো মই মেছেজ কৰি দি আছোঁ । যিমান সোনকালে পৰা আহি যোৱা ।

মোবাইলটো কাট খোৱাৰ লগে লগে
দীয়াই দৌৰি গাড়ীৰ বহিল । চালকক নিৰ্দিষ্ট ঠাইলৈ লৈ যাবলৈ নিৰ্দেশ দিলে।
কি হ'ল ...শ্লোকৰ? ভগৱান..ভালে ৰাখিবা । - দীয়া কঁপি উঠিল।
কিবা এক ভয়াবহ সম্ভৱনাত তাইৰ ভৰি হাত চেঁচা পৰি গ'ল।
  এটা  ধুনীয়া ঘৰৰ সমুখত ৰ'ল দীয়াৰ গাড়ী । ..কলিং বেলত আঙুলি দিলে ভয়ে ভয়ে । এগৰাকী পৌঢ় ব্যক্তিয়ে দুৱাৰখন খুলি দিলে।

:তুমি দীয়া?


:শ্লোক ক'ত?
   আহা...মানুহজনৰ পিছে পিছে দীয়া সোমাই গ'ল। ডাঙৰ ৰুম এটাত,বিছনাৰ কাষত চেলাইনৰ বটল ,ঔষধ.. । বগা নেটৰ পৰ্দাৰ আঁৰত বাৰাণ্ডাত গীটাৰ বজাই আছে শ্লোকে ।

:শ্লোক ...

: দীয়া তুমি?

:পাপা...তুমি দীয়াক ???

পৌঢ় ব্যক্তি জনে  শ্লোকৰ গালে মুখে হাত ফুৰাই  ৰুমৰ পৰা ওলাই গ'ল   ।

দৌৰি বুকুৰ মাজত সোমাই পৰিল দীয়া । সাৱটি ধৰিল শ্লোকক....ক'ত হেৰাই গৈছিলা তুমি শ্লোক । কি হৈছে তোমাৰ কোৱানা...মই আজি যে গুচি যাম শ্লোক ...তোমাক এৰি..এই চিমলা এৰি..কথা দিয়া মোক ,সদায় থাকিবা মোৰ কাষত...য'তেই নাথকা কিয় ...?

মই তোমাৰ লগত ইচ্ছা কৰিলেও থাকিব নোৱাৰিম দীয়া.....মোৰ যে হাতত সময় বহুত কম । তোমাক মই লগ কৰিব খোজা নাছিলোঁ ...ক'ব খোজা নাছিলোঁ একো..ভাবিছিলো তুমি বুকুত খং অভিমান লৈ চিমলা এৰি গুচি গলে মোক পাহৰি যাবা ......।পাপাই হয়তো মোৰ কষ্ট খিনি ...সহিব নোৱাৰিলে ,তোমাক লৈ আহিল।
  কিয় ..কিয়...কিয়...সময় নাই মোৰ বাবে তোমাৰ হাতত ...কিয়.....কলাৰত ধৰি জোকাৰি কৈ উঠিল দীয়াই ,কি লুকুৱাইছা ..মোৰ পৰা ? কোৱা শ্লোক ?
"দীয়া"..বুকুৰ মাজত সাৱটি ধৰিলে শ্লোকে ।
"দীয়া, I am suffering from Bone cancer..and its the last stage "

....চাৰিওফালে চলি থকা ধুমুহাজাক যেন ৰৈ গ'ল .....
নিজকে প্ৰচণ্ড আঘাতৰ পৰা স্থিৰ কৰি দীয়াই সুধিলে "ইমান টান আছিল নে শ্লোক..সঁচা কথা খিনি ক'বলৈ । কিয়? কিয় লুকাই থলা নিজক??

"নিজক তোমাৰ পৰা নহয়...নিজৰ পৰা লুকুৱাইছোঁ । নিজৰ অসমৰ্থতা খিনিক.....তোমাক নিৰাপত্তা ,মৰম দিম বুলি বিশ্বাস লৈও আজি মই হাৰি গ'লো নিজৰ ওচৰত ।"

"কিয় শ্লোক...কিয় হৰুৱাই পেলালা মোক?  ভালপোৱা ,বিশ্বাসৰ খেলত ।। এবাৰ বিশ্বাস কৰি কৈ চালা হেতেন যদি..সঁচা কথা খিনি" । য'ত এইখিনি বিশ্বাস...ভালপোৱাই নাই ...তাত এই সম্পৰ্ক কিহৰ ?
চকু মুদি সকলো সুখ দুখঃৰ কথা নিসংকোচে ক'ব পৰা ব্যক্তি কেইজন পাওঁ জীৱনত?? যদি পাই যাও...তেন্তে হেৰুৱাই পেলোৱাৰ ভয় আহে ,,কিয় ? ভালপালেই যে আমি স্বাৰ্থপৰ হৈ যাওঁ নিজে"

দীয়া... তোক আকৌ এবাৰ জীবনে, অনুভৱ বোৰে প্ৰতাৰণা কৰাৰ পথত ..ভুল তোৰ নহয়,তোৰ নিয়তিৰ ...কিছুমানৰ কপালত সঁচা মানুহবোৰ লিখা নাথাকে..

 নজনাকৈয়ে,নিবিচৰাকৈয়ে...." জোৰেৰে সাৱটি ধৰিলে দীয়াই...।

" ঘূৰি ফুৰি গান গাই ভাল পোৱা মই যেতিয়া গম পাইছিলো,জীৱনৰ মাত্ৰ কেইটামান দিন হাতত আছে ,গুচি আহিছিলোঁ চিমলা লৈ....জীৱনৰ মোহ এৰাৰ সময়ত মই  তোমাৰ লগতে নিজৰ জীৱনৰ প্ৰেমত পৰি গ'লো....তোমাক লগত লৈ স্কেটিং কৰিলোঁ,গীটাৰ বজায় গান গালো...তোমাক লগ পোৱাৰ পৰা...সদায় আহি পাপা ৰ কোলাত মূৰ দি তোমাৰ কথা কৈ কান্দিছিলোঁ "পাপা...জীয়াব পাৰিম নে আৰু এবাৰ,প্লিজ ।সময় মোৰ হাতত বহুত কম দীয়া...তুমি ইয়াৰ পৰা গৈ ঘৰ সোমাই থান থিত লগোৱা মানে হয়তো মই নাথাকিম ...তোমাক জীয়াব শিকাই মই নিজেই জী গ'লো মোৰ জীৱন দীয়া । এই জনম নহয় ..অহা জনমত আকৌ আহিবা চিমলা...লগ হ'ম ,কথা পাতিম আৰু মই তোমাক পলুৱাই লৈ যাম। " ...আকৌ সেই হাঁহি ..নিজৰ মৃত্যুৰ কথা কৈ কোনে হাঁহিব পাৰে বাৰু ....!

দীয়াৰ কাণত ভাহি থাকিল ...শ্লোকৰ  সেই কথাবোৰ....।

"ভগৱানতকৈ মোক কোৱা, কি খুজিছা..সোনকালে খবৰ পাই যাব"- দীয়াৰ বুকুত ভালপোৱাৰ কাঁচৰ ঘৰ ঠনঠনকৈ ভাগিব ধৰিছে।

শব্দবোৰে যেন কাণত কোৰ্হাল কৰি আছেহি। জোৰেৰে তাই কাণত হাত দি ৰৈ যায়। নিজকে চম্ভালি শ্লোকৰ কপালত চুমা এটি খালে দীয়াই...বুকুৰ মাজত সাৱটি ল'লে..কিবা এটা খোজো নে তোমাক?

:মোৰ হাতত নো কি আছে তোমাক দিব পৰা দীয়া...?

:তোমাক দি দিয়া...মোক । এবাৰ মোৰ হৈ যোৱা ..মোক তোমাৰ কৰি লোৱা ।

:দীয়া !!!!!!!!

:মোক নিজৰ কৰি লোৱা...শ্লোক ।- দীয়াই এক কঠোৰ আৰু অভাৱনীয় সিদ্ধান্ত এটা লয়।

     সময়বোৰ যেন ৰৈ যায় ..... দুয়োৰে ঘন উশাহৰ মাজত । ...এক হৈ পৰে দুটি মন,দুটি দেহ...দুটি প্ৰেমিক মন। দীয়াই শ্লোকক ধাৰণ কৰি লয় দেহত, তেজত, আত্মাত । য'ৰ পৰা শ্লোক কোনোকালেই বিচ্ছিন্ন নহ'ব দীয়াৰ পৰা।দীয়াৰ দেহত শেষ বিন্দু তেজ থকালৈকে শ্লোকক লৈ ফুৰিব । ......প্ৰেম স্বৰ্গীয় ...সদায় স্বৰ্গীয় ।

एक सपने की तरह सजा कर रखु
अपने इस दिल में हमेशा छुपा कर रखु
मेरी तक़दीर मेरे साथ नहीं वर्ना
ज़िंदगी भर के लिए उसे अपना बना कर रखु ।
 ।

ভালপোৱাৰ এজাক বৰষুণ (১৭)


ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি দেৱ ওলাই গল..চিমলাৰ এপেল গাৰ্ডেনত ইনভেষ্ট কৰিছে টকা ।
এবাৰো নকলে দীয়া যাবা নে ,আহা ফুৰি আহোঁ বুলি ...
পেকিং কৰি ৰেদি থকা, কিবা ফুৰিব লগা আছে যদি ফুৰি অহা । সন্ধিয়া লৈ ওলাম আমি....
...মোবাইলতো বাজি উঠিল দীয়াৰ..অচিনাকি নাম্বাৰ এটা ।
:হেল্ল ,তুমি দীয়া নে? পুৰুষ কণ্ঠ ।
:হয় ..কোনে কৈছিল ।
:মই শ্লোকৰ পিতৃ ।
:শ্লোক ..কত আছে শ্লোক..ভালে আছে নে?
:তুমি এতিয়া আহিব পাৰিবা নে?
:কওক না আগতে ..প্লিজ  কওক..শ্লোক ভালে আছে নে ।
:ঠিকনা তো মই মেছেজ কৰি দি আছোঁ । :যিমান সোনকালে পৰা আহি যোৱা ।
মোবাইলতো কাট খোৱাৰ লগে লগে
দীয়াই দৌৰি গাড়ীৰ বহিল ।
কি হল ...শ্লোকৰ? ভগৱান..ভালে ৰাখিবা ।

কিবা এক ভয়াবহ সম্ভৱনাত তাইৰ ভৰি হাত ঠাণ্ডা হৈ গল ।


এটা  ধুনীয়া ঘৰৰ সমুখত ৰ'ল দীয়াৰ গাড়ী..কলিং বেল তো বজালে । এগৰাকী পৌঢ় ব্যক্তিয়ে খুলিলে দৰ্জা ।

:তুমি দীয়া?
:শ্লোক ক'ত?
আহা...মানুহজনৰ পিছে পিছে দীয়া সুমাই গল ডাঙৰ ৰুম এটাত,বিছনাৰ কাষত চেলাইনৰ বটল ,ঔষধ.. বগা নেটৰ পৰ্দাৰ আঁৰত বাৰাণ্ডাত গীটাৰ বজাই আছে শ্লোকে ।
:শ্লোক ...
: দীয়া তুমি?
:পাপা...তুমি দীয়াক ???

পৌঢ় ব্যক্তি জনে  শ্লোকৰ গালে মুখে হাত ফুৰাই  ৰুমৰ পৰা ওলাই গল   ।

দৌৰি বুকুৰ মাজত সোমাই পৰিল দীয়া । সাৱটি ধৰিল শ্লোকক....কত হেৰাই গৈছিলা তুমি শ্লোক । কি হৈছে তোমাৰ কোৱানা...মই আজি যে গুচি যাম শ্লোক ...তোমাক এৰি..এই চিমলা এৰি..কথা দিয়া মোক ,সদায় থাকিবা মোৰ কাষত...যতেই নথকা কিয় ...

মই তোমাৰ লগত ইচ্ছা কৰিলেও থাকিব নোৱাৰিম দীয়া.....মোৰ হাতত সময় বহুত কম দীয়া । তোমাক মই লগ কৰিব খোজা নাছিলোঁ ...কব খোজা নাছিলোঁ একো..ভাবিছিলো তুমি বুকুত খং অভিমান লৈ চিমলা এৰি গুচি গলে মোক পাহৰি যাবা ......

পাপাই হয়তো মোৰ কষ্ট খিনি ...সহিব নোৱাৰিলে ,তোমাক লৈ আহিল।


কিয় ..কিয়...কিয়...সময় নাই মোৰ বাবে তোমাৰ হাতত ...কিয়.....কলাৰত ধৰি জোকাৰি কৈ উঠিল দীয়াই ,কি লুকাইছা ..মোৰ পৰা ।

দীয়া...বুকুৰ মাজত সাৱটি ধৰিলে শ্লোকে ।
"দীয়া, I am suffering from Bone cancer..and its the last stage "
....চাৰিওপিনে চলি থকা ধুমুহা এজাক যেন ৰৈ গল .....
অলপ জোৰেৰে সাৱটি ধৰিলে দীয়াই...
ঘূৰি ফুৰি গান গাই ভাল পোৱা মই যেতিয়া গম পাইছিলো,জীৱনৰ মাত্ৰ কেইটামান দিন হাতত আছে ,গুচি আহিছিলোঁ চিমলা লৈ....জীৱনৰ মোহ এৰাৰ সময়ত মই  তোমাৰ লগতে নিজৰ জীৱনৰ প্ৰেমত পৰি গলো....তোমাক লগত লৈ স্কেটিং কৰিলোঁ,গীটাৰ বজায় গান গালো...তোমাক লগ পোৱাৰ পৰা...
সদায় আহি পাপা ৰ কোলাত মূৰ দি তোমাৰ কথা কৈ কান্দিছিলোঁ "পাপা...জীয়াব পাৰিম নে আৰু এবাৰ,প্লিজ "

সময় মোৰ হাতত বহুত কম দীয়া...তুমি ইয়াৰ পৰা গৈ ঘৰ সুমাই থান থিত লগোৱা মানে হয়তো মই নাথাকিম ...তোমাক জীয়াব শিকাই মই নিজেই জী গলো মোৰ জীৱন দীয়া । এই জনম নহয় ..অহা জনমত আকৌ আহিবা হা চিমলা...লগ হম কথা পাতিম আৰু মই তোমাক পলুৱাই লৈ যাম ...আকৌ সেই হাঁহি ..
নিজৰ মৃত্যুৰ কথা কৈও কোনে হাঁহিব পাৰে বাৰু ....

দীয়াৰ কাণত ভাহি থাকিল ...শ্লোকৰ  সেই কথাবোৰ....

"ভগৱানত কে মোক কোৱা, কি খুজিছা..সোনকালে খবৰ পাই যাব"


শ্লোকৰ কপালত চুমা এটি খালে দীয়াই...বুকুৰ মাজত সাৱটি ললে..কিবা এটা খোজো নে তোমাক?
:মোৰ হাতত নো কি আছে তোমাক দিব পৰা দীয়া...
:তোমাক দি দিয়া...মোক । এবাৰ মোৰ হৈ যোৱা ..মোক তোমাৰ কৰি লোৱা ।
:দীয়া !!!!!!!!
:মোক নিজৰ কৰি লোৱা...শ্লোক ।

সময়বোৰ যেন ৰৈ গল..... দুয়োৰে ঘন উশাহৰ মাজত ...এক হৈ গল দুটি মন,দুটি দেহ...দুটি ভালপোৱা মন......প্ৰেম স্বৰ্গীয় ...সদায় স্বৰ্গীয়

एक सपने की तरह सजा कर रखु
अपने इस दिल में हमेशा छुपा कर रखु 
मेरी तक़दीर मेरे साथ नहीं वर्ना 
ज़िंदगी भर के लिए उसे अपना बना कर रखु ।

*****************

ভালপোৱাৰ এজাক বৰষুণ (১৬)


দেৱ আহি সাৱটি ধৰিল দীয়াক..."কটেজ তো বহুত ধুনীয়া ন..তোমাৰ ভাল লাগিছে নিশ্চয়"

"দেৱ...এবাৰ সুধি তো লোৱা কেনে আছা তুমি বুলি"

"ভালেই আছা, কাৰণ আগতকৈ বেছি ধুনীয়া হে দেখিছোঁ তোমাক" চুলি খিনি খুলি দিলে তাইৰ ....ভয় লাগিল দীয়াৰ ,তাইৰ আজি লব মন নাই ..দেৱ ৰ মৰম খিনি ..
"কি হল? মিছ কৰা নাই  এই মোৰ মৰম খিনিক?"

পুনৰ সাৱটি ধৰিলে তাইক...
"দেৱ না..প্লিজ ,আজি নহয়,বলা চোন ফুৰি আহোঁ, চাই আহোঁ একেলগে ৰাতিৰ চিমলা খন"
শুনাৰ সময় নাছিল দেৱ...বহুত দিন হল দীয়া,I  need it..
বহুত দিনৰ মূৰত আহিও দীয়াৰ মনতকৈ  শৰীৰৰ মৰম বেছি বিচাৰি উঠিল দেৱে...
বিচনা খনত বাগৰাই ললে...দেৱ ,প্লিজ মন নাই ,আজি নহয় ।
দেৱে নুশুনিলে..আজি বুলি নহয়..কেতিয়াও নুশুনে..দেৱৰ মৰমৰ প্ৰকাশ এইয়া ...
বহু বাৰ চকু মুদি নাটক কৰি গৈছে দীয়াই দেৱৰ লগত বিছনাত ...বিয়া হৈ পত্নী হৈ যোৱাৰ পিছত দেহ তোৰ গৰাকী হয় পৰে স্বামী... তেওঁৰ ইচ্ছাত ধৰা দিব লগা হয়...নিজৰ একো নাথাকে ।
দেৱ ৰ দৰে একসময়ৰ প্ৰেমিক স্বামী বোৰৰ  বাবে এইয়া মৰমৰ হে অভিব্যক্তি । চেক্সত যেতিয়া মৰম বোৰ কমি মাত্ৰ দৈহিক ক্ষুধাই ঠাই লয় তেতিয়াই এইয়া বিৰক্তিত পৰিনত হয় মৰম আকলুৱা দীয়াৰ দৰে পত্নী বোৰৰ বাবে ।

.....
দেৱ শুই পৰিল..বিছনাৰ পৰা উঠি দীয়া বাৰাণ্ডাত বহিল..এতিয়ালৈ শ্লোকৰ কোনো খবৰ নাই..চিন্তাৰ লগতে অশান্তি লাগিল তাইৰ..

তাইৰ বুকু খন বিষাই গল"বহুত কষ্ট পালোঁ  মই এই প্ৰেম ,ভালপোৱাত ।। লগ নোপোৱা হলেই ভাল আছিল শ্লোকক । লগত থাকিলে  সি যেন সদায় মোৰেই হৈ থাকিব কিয় এনেকুৱা  কিয় মিছা আশা জাগে  মোৰ । ইয়াৰ পৰা যোৱাৰ পিছত ঘৰ সংসাৰৰ দায়িত্বত তাক  আৰু মই সময়,মন একো দিব ? মইও জানো...দোষী অনুভৱ কৰিম বুলি কেতিয়াও সি  মোক  সুযোগো নিদিলে  ...সদায়  মোৰ দীঘল চুলিটাৰীত মুখ গুজি কৈ গৈছিল..ধুনীয়া সময় বোৰৰ স্মৃতি বোৰে আমাৰ মৰম জীয়াই ৰাখিব আজীৱন ...

समेट कर रखे ये कोरे पन्ने एक रोज
बिखर जाएंगे …
जिंदगी तेरे किस्से खामोश रहकर
भी बयां हो जाएंगे…

कोई अजनबी ख़ास हो रहा है,
लगता है फिर प्यार हो रहा है !!



অ...শ্লোক ক'ত আছা তুমি...অহাকালি সন্ধিয়া গুচি যাব লাগিব তাই দেৱৰ লগত.....কত পাম শ্লোক তোমাক ।

समंदर बेबसी अपनी किसी से कह नहीं सकता.. हजारों मील तक फैला है फिर भी बह नहीं सकता.....

*************

ভালপোৱাৰ এজাক বৰষুণ (১৫)


ৰাতিপুৱাৰ পৰা শ্লোকক ফোন কৰি কৰি ভাগৰি গল তাই....Not reachable..
কেতিয়াবা হয়তো বাজি বাজি বন্ধ হৈ গল ।

কি হল তাৰ...ভালে আছে তো । আজিলৈ একোৱেই নাজানিলে তাৰ বিষয়ে তাই, কত থাকে....কি কৰে...
এতিয়া কত বিচাৰি যাব তাইক ।
আজি লগ পায় মন খুলি কথা পাতিব মন তাইৰ ...কালিৰ পৰা যে তাই আকৌ উভতি যাব লাগিব তাইৰ চিৰ চিনাকি দুনীয়া খনলৈ ।
তাইক লাগে শ্লোক'ক আজি...  হেঁপাহ পলুৱাই মৰম দিব ,মৰম লব .....

"সময়ত কম বাৰু মোৰ বিষয়ে তোমাক,আজি গৰম চুইট কৰ্ণ  খিনিয়েই খোৱাচোন" এৰাই গৈছিল তাইৰ প্ৰশ্ন সহজভাবে...প্ৰতিবাৰেই....হাঁহি হাঁহি ।

কি যে তাইও মানে..সি কোন খন হোটেলত থাকে সেইও নুসুধিলে । এতিয়া কেনেকৈ বিচাৰে তাক তাই....

গোটেই সন্ধিয়া তো তাই শ্লোকক মাল ৰোডত বিচাৰি ফুৰিল ।
হুদী পিন্ধা যুৱক দেখিলেই দৌৰি গল...কৰবাত বনফায়াৰ দেখিলেই বিচাৰি গল।

হাবাথুৰি খালে তাই শ্লোকক বিচাৰি ...শ্লোক কত তুমি ....কেতিয়াও এনে নকৰে সি ..আজি কোনো খবৰ নাই ....

দেৱ আহিব..আৰু সিহঁত চিমলা এৰি গুচি যাব । অঃহ শ্লোক....মোৰ যে আৰু কিছু কব লগা আছে তোমাক ,এবাৰ বুকুৰ মাজত সুমাম  ,তোমাক জনাম...ইমান ধুনীয়া দিন দিলা তুমি মোক..সপোনৰো অগোচৰ ধুনীয়া সময় কিছুমান ।

কত গলা অ শ্লোক...
বুজি উঠিল ...শ্লোকক এৰি যেতিয়া তাই গুচি যাব ,তেতিয়া শ্লোক বিহীন দিনবোৰ কেনে ভয়াবহ হৈ উঠিব ।

"দিনবোৰ, সময় বোৰ সংগই নহয় ,মৰমে  জীপাল কৰি ৰাখে । আমাৰ ধুনীয়া সময় বোৰৰ স্মৃতি বোৰ যথেষ্ট নহয় জানো ?" শ্লোকৰ কথাখিনি মনত পৰিল ।

কত হেৰাই গল শ্লোক ...
বহুত সময় সেই পাহাৰৰ বেঞ্চ খনত বহি থাকিল তাই ...কিজানি সি আহি মাত দিয়ে ।
গান এটা গুণগুণাই থাকিল তাই...কিজানি সি আহি লগতে গাই দিয়ে ।

ঘণ্টাৰ পিছত ঘন্টা শ্লোকৰ কান্ধত মূৰ পেলাই সময় কটাইছে তাই , তাইৰ হাত খন নিজৰ হাতৰ মুঠিত লৈ শ্লোকে সাৱটি ধৰে তাইক....দুৰ্বল হৈ পৰে মুহূৰ্ত বোৰ ...হেৰাই যাব মন যায় মৰমৰ দানাৱলত, সেই সময়ত শ্লোকে তাইক সোধে....দীয়া ,কপালত চুমা এটা খাওঁনে ? নাৰীয়ে সেইজন পুৰুষৰ বাহুত নিৰাপত্তা অনুভব কৰে...যিয়ে হয়তো দেহৰ খলা বমা নহয় ,মনটোৰ খলা বমা খিনিৰ মাজত নিজক বিচাৰে.....এইখিনি মৰমেই তো সকলো...দৈহিক সুখ তো টকা দিওঁ কিনিব পৰা যায়...তাত জানো সেই ভালপোৱা খিনি থাকে?

কিছুমান মানুহ জীৱনলৈ হঠাৎ  আহে,কিছু সময় দিয়ে,কিছু সময় লৈ গুচি যায় ,কিছুমানে ভাঙি পৰা আপোনাৰ  হৃদয়ৰ টুকুৰা বোৰ জোৰা দি যায় আৰু কিছুমানে টুকুৰা টুকুৰ কৰি যায় .. যিজনে টুকুৰা বোৰ জোৰা দি গৈছে তেওঁৰ ঠাই আকৌ জীৱনত কেতিয়াও অন্যজনক  দিব খুজিলেও আমি নোৱাৰো ।

মুখ খন ঢাকি ফেঁকুৰী উঠিল তাই ....

"সকলোৰে দৰে তুমিও মোক কন্দুৱালা শ্লোক,কত তুমি  "

মোবাইল তো বাজি উঠিল ...দেৱৰ মাত"কত আছা তুমি? মোৰ চণ্ডীগঢ় ৰ কাম সোনকালে শেষ হল ,গতিকে মই আহি আছো আজিয়েই চিমলা"

অঃহ...তোমাৰ কাম আছিল চণ্ডীগঢ়ত ,সেয়ে হে চিমলাৰ প্লেন ? নাহিলেও হব দেৱ..মই নিজেই ঘৰ আহি যাম ।
"আৰে খং নকৰিবা ,আহি আছো মই"
পুনৰ এবাৰ চেষ্টা কৰিলে শ্লোকৰ ফোন তো ।
"not reachable"....

*****************

ভালপোৱাৰ এজাক বৰষুণ (১৪)


ৰাতি যোৱাৰ আগতে তাইক শ্লোকে হাতত পেকেট এটা দিছিল  ...কালিৰ দিনটো তুমি মোক দি দিব পাৰিবা নে দীয়া? 

তাই তাৰ হাত খন ধৰি মাত্ৰ বুকুৰ মাজত লৈছিল ....চুমা এটা খাইছিল "মইও বিচাৰো শ্লোক,জীৱনভৰৰ বাবে মিঠা স্মৃতি হৈ ৰওক মোৰ এই দিনটো"

ৰাতিপুৱা উঠি পেকেট তো খুলিলে তাই...তাইৰ প্রিয় নীলা ৰঙৰ কুৰ্তী এটা । তাই পিন্ধিলে...বহুত দিনৰ মূৰত তাই চকুত ডাঠ কৈ কাজল লগালে...চুলি খিনি মেলিলে...গুলপীয়া লিপষ্টিক লগালে । নিজক
নিজৰ বাবে সজাই তোলা আৰু কোনোবা প্ৰিয়জনৰ বাবে সজাই তোলাৰ মাদকতা পৃথক....কোনোবাই তাইৰ বাবে   আজি ৰৈ আছে....তাই তেওঁৰ বাবে সাজিছে.....
শিৰত সেন্দুৰ খিনি লব গৈ তাই ৰৈ গল....সাজিছে অইনৰ বাবে কিন্ত শিৰত সেন্দুৰ ভৰাইছে দেৱৰ নামত...

"ৰাধাৰ শিৰত সেন্দুৰ অইনৰ আছিল মেম...কিন্ত কৃষ্ণৰ স্বাৰ্থহীন মৰম নেওচা দিব তেওঁ পৰা নাছিল ...জবাই বহুত সময় ধৰি চাই আছিল দীয়াক ।
জবাৰ পিনে চাই তাই অলপ বেছি কৈয়ে সেন্দুৰ লগাই ললে শিৰত...কিয়..তাই নাজানেসম্পর্ক গড়ে, সম্পর্ক ভাঙে কিন্তু ভালপোৱা  মানুহতোক  “প্রাক্তন” কৰা খুব  টান।। দেৱ তাইৰ স্বামী...তাইৰ সেন্দুৰ ।
কিন্ত শ্লোকৰ মৰমক নেওচা দিব তাই পৰা নাই...চিমলাত তাই জীৱন জীয়াব আহি জীৱনৰ সুঁতি য়েই সলনি হৈ গল ।

আজি জীয়াই লও কাৰোবাৰ জীয়া মৰমত ..কিছু জীয়া সময় ...দীয়া ওলাই আহিল ...
শ্লোক ৰৈ আছিল তাইৰ বাবে...মুখত সেই ধুনীয়া হাঁহি তো লয়...
"তোমাক খুব ধুনীয়া লগা হৈছে সেউজীয়া ৰঙৰ সৈতে দীয়া, শিৰৰ উজ্বল সেন্দুৰ খিনিৰ সৈতে আৰু বেছি "

শ্লোকৰ গাড়ী চলিল..চিমলাৰ বুকুত । দীয়াৰ হাত খন তাৰ হাতৰ মুঠিত, যেন এৰি নিদিব ।
সময় ইমান ধুনীয়া হব পাৰেনে ।

কেতিয়াবা যদি কোনোবা ধুনীয়া ফুলনী লৈ ...কেতিয়াবা এটা পাহাৰীয়া নিজৰাৰ পাৰলৈ ।
আজিও শ্লোকে চিঞৰিলে পাহাৰৰ দাঁতিত ..."
আই লাভ ইউ  দীয়া  " চাৰিওপিনে ভাহি আহিল....

"শ্লোক" তাইৰ কোলাত মূৰ দি শুই থকা শ্লোকক মাতিলে..
উমমম...
:হয়তো বেছি দিন মই আৰু ইয়াত নাথাকো ।
: মইও নাথাকো দীয়া ।
:অঃহ তুমিও যাবা..
:উম ..মইও যাম ...
:আমি Contact ৰাখিম নে..
..:না দীয়া,নোৱাৰিম মই বিচাৰিলেও  । তোমাক মই বুকু ভৰি ভাল পাওঁ , কিয় প্ৰেমত পৰি গলো নাজানো ,কিন্ত তাৰ বাবে তোমাৰ ঘৰত অশান্তি হোৱাটো বিচাৰিম জানো ।

:তাৰমানে আমি আকৌ লগ নাপাম...তোমাৰ মাত শুনিব মন গলে? কিয় এনেকৈ কৈছা শ্লোক ।
:ভালপোৱাত জানো চৰ্ত আছে দীয়া । দুয়ো লগ নহলেও ,কথা নাপাতিলেও দুয়োৰে হৃদয়ত সদায় থাকিম ...

:কিয় আহিলা মোৰ জীৱনত শ্লোক ।কিয়...বন্ধ কৰি থোৱা দৰ্জা খন কিয় খুলি দিলা তুমি । কিয় ইমান মৰম ,কিয় ইমান কেয়াৰ ....কিয় শ্লোক । মই যে তোমাৰ প্ৰেমত পৰি গলো নিবিচাৰাকৈ ..নিষিদ্ধ আমাৰ এই অনুভব ।

:দীয়া..জন্মদিন বোৰত মোক মনত কৰিবা নে....?মই নাথাকিলেও তোমাৰ কাষত ।

:কিয় তেনেকৈ কৈছা....?

:চিমলাত মই মোৰ গীটাৰখন লৈ জীয়াব আহিছিলোঁ দীয়া, জীৱনৰ আকৌ প্ৰেমত পৰি গলো । ইমান ধুনীয়া ফিলিং আজিলৈ জীৱনত কেতিয়াও অহা নাছিল দীয়া ।

....চুলি খিনিত হাত ফুৰাই দিলে দীয়াই । অচিনাকি মানুহ এজন হঠাৎ ইমান আপোন কিয় হৈ পৰিল তাইৰ ।

ৰাস্তাত ৰৈ মন্দিৰ এটাত সেৱা জনালে তাই,ভালে ৰাখিবা সকলোকে । শ্লোকৰ হাতত প্ৰসাদ দিওঁতে হাঁহি কলে "ভগৱানত কে মোক কোৱা, কি খুজিছা..সোনকালে খবৰ পাই যাব"
"তুমি সঁচাই এক নাম্বাৰ পাগল "

......
:আজি এটা মোৰ লগত গান গোৱানা দীয়া।
:মই বহুত দিন গান গোৱা নাই...শ্লোক
:না...নহব ..আজি কোনো এক্সকিউজ নাই ।
শ্লোকৰ গীটাৰৰ সুৰত গাই গল তাই জুবিনৰ প্রিয় গানতো...

মায়া .......মায়া মাথো মায়া, তুমি জানো সচাঁনে, মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ, হিয়া জুৰি আছাহি বৈ, দূৰনীৰে জোণাকী হৈ ৰ'লা কিয় ? হে এ...সকলো খিনি যেন মায়াই আৱৰি ধৰিলে...সময় ৰৈ যা ।
.........

দিনবোৰ সচাকৈ মায়াবী হৈ পৰিল শ্লোকৰ লগত...সময় বোৰ পাখি লগাই উৰি গল...সৰু সৰু তাইৰ সপোন বোৰ শ্লোকৰ মৰমৰ মাজত জীৱন্ত হৈ উঠিল । এটা এটা দিন সপোনৰ দিন হৈ পৰিল ।

বহুত দেৰি হল  আজি কটেজ পাওঁতে , জবা দৌৰি আহিল ..দেৱ চাৰে বহুত ফোন কৰি আছে ,আপোনাৰ তো লগা নাই ।তেওঁ পৰহি আহিব ।
"দেৱ " আহিব?
কিবা এটা ভাল নালাগিল তাইৰ ,অকণমান জীৱনতোৰ পৰা আৰু অলপ ভাল লগা সময় তাই বিচাৰিছে নেকি শ্লোকৰ লগত। তাই কিয় ইমান স্বাৰ্থপৰ হৈ পৰিছে....ছিহ নাপায় ।

......ইমান ধুনীয়া দিনবোৰ পাৰ হল  তাইৰ জীৱনত ,হয়তো এই দিনবোৰেই তাইক জীৱন ভৰ সজীৱ কৰি ৰাখিবলৈ যথেষ্ট ।

*******************

ভালপোৱাৰ এজাক বৰষুণ (১৩)


ভয় ভয় কে উঠি আহিল দীয়া ,তুমি কত আছা কোৱা..প্লিজ ।
দৰ্জা খোলক আপোনাৰ ঘৰৰ সমুখত ..

দৰ্জা খুলি ....আচৰিত হল দীয়া ...

হাঁহি মুখে ৰৈ আছে জবা আৰু শ্লোক ।

"শুভ জন্মদিন দীয়া মেম "জবাই কৈ উঠিল ।

আজি তাইৰ জন্মদিন..মনত পৰিল তাইৰ ।

"তুমি মানুহৰ হাৰ্ট এটাক কৰাই দিবা "

শ্লোকক ভুকু এটা মাৰি কৈ উঠিল দীয়াই ।
"May I?"

শ্লোক ৰ হাত খন ধৰি বাৰাণ্ডাৰ পৰা নামি আহিল তাই ।

চোতালত এটা ৰঙা গাৰ্ডেন আমব্ৰেলা, দুখন চকী, সৰু টেবল খনত এটা ৱাইন বটল ,কেক আৰু তাইৰ প্রিয় হালধীয়া গোলাপৰ ফুল ,চকলেট...

এইবোৰ কেতিয়া কৰিলা..

জবাই হাঁহিলে "সৱ শ্লোক চাৰে কৰিছে ,মই যাওঁ মেম..কিবা দৰকাৰ হলে মাত দিব "

চকী খন আগবঢ়াই বহিব দিলে তাইক শ্লোকে ।

"Here you are Birthday Lady"
আঁঠু কাঢ়ি কেকতো হাতত লৈ বহি পৰিল শ্লোক । কেক তো কাটি লে ...তাই তাৰ হাততে ...
গ্লাছত ৱাইন ঢালিলে ...Cheers to a lovely lady ..
চিমলাৰ  স্ন ফলৰ মাজত তাই, শ্লোক ...চকলেট, ফুল,কেক,ৱাইন...কেণ্ডেল..আৰু কেতিয়াও যেন শেষ হৈ নাযাওক ..তেনে সময়বোৰ ।
জন্মদিন কি ইমান ধুনীয়াও হব পাৰে...সপোনৰ দিন দেখোন এইটো । সদায় দেখা এটা সপোন ,সপোনো সঁচা হব পাৰে নে.....তাইৰ জীৱনৰ বেয়া পোৱা দিনটো ইমান মোহনীয় হব পাৰেনে....

উঠি আহি ..দুহাত মেলি দিলে তাই ...তাইৰ চকুৰ পৰা পানী আজিও ওলাল ...বাধা দিব নোৱাৰিলে...ওচৰত শ্লোক থিয় হল ।
"আজি তো কম ছে কম নাকান্দিবা দীয়া" তাইৰ মুখখন দুহাতৰ মাজত লৈ কলে শ্লোকে ...

"সাৱটি ধৰিলে তাই শ্লোকক...কিয় আহিলা মোৰ জীৱনত শ্লোক,কিয় ? এইয়া ভুল সময়ত আহিলা"
বুকুৰ মাজত সোমাই কৈ উঠিল তাই...

"সীমাৰ বাহিৰত  যাতে মোৰ মনটো গুচি নাযায় সেই চেষ্টাত মই ভাগৰি পৰিছো ,প্ৰতি বাৰেই তুমি আহি  সীমাৰেখা ডাল দুর্বল কৰি গুচি যোৱা ,কিয় শ্লোক,কিয়?"

শ্লোকৰ সবল দুবাহুয়ে তাইক বান্ধি পেলালে বহুত সময় ।
তাইৰ মুখখন সি হাতত ললে । বহুত সময় চাই থাকিল ।
তাইৰ গালত চকুপানী দুটোপালত সি দুটা চুমা আঁকি দিলে ..চকু দুটাত ।
তাইৰ কপালত ...
তাইৰ নাকত...
তাইৰ ওঁঠত...
পাহৰি গল তাই...তাই যে কোনোবাৰ পত্নী ,বাধা দিবও শক্তি নোহোৱা হৈ গল তাইৰ ,কুৰুকি যেন সুমাই যাব শ্লোকৰ বুকুত ...
দেৱৰ বুকুৰ মাজত বিচাৰি নোপোৱা নিৰাপত্তা খিনি কিয় তাই শ্লোকৰ বুকুত বিচাৰি পাইছে....কিয় ।
অ অবুজ মন...আৰু নেখেলিবি মোৰ লগত ।
এই ভুলবোৰ কেতিয়াও ভাল হৈ নুঠে ।

"শ্লোক প্লিজ এৰা মোক..." শ্লোকৰ বাহুৰ পৰা ওলাই আহিল তাই ।
"আমি ভুল কৰি আছো, ভুল ...বহুত ডাঙৰ ভুল"
পিছপিনৰ পৰা সাৱটি ধৰিলে শ্লোকে...মোৰ ভুল কৰিব মন গৈছে দীয়া, নাজানো কিয়...তোমাৰ প্ৰেমত পৰি ভুল মোৰ হৈ গল দীয়া ।

"আই লাভ ইউ দীয়া,I need you because I love you  "
কি কৈছা দেৱ...আকৌ এবাৰ  কোৱানা...প্লিজ ..
"I need you because I love You"

আকৌ এবাৰ সাৱটি ধৰিলে দীয়াই  শ্লোকক....

ভালপোৱা বোৰ এনেকৈয়ে...অজানিতে, অলক্ষিতে ..ভুল ...শুদ্ধৰ বিচাৰ নকৰাকৈ মনত থিতাপি লয়....
মৰমবোৰ দুহাতেৰে সাৱটি লব ইচ্ছা যায় ....

"শ্লোক, আমি পাপ কৰিছোঁ "

"ভালপোৱা পাপ কেতিয়াও নহয় দীয়া,ভালপোৱা পাপ কেতিয়া হয় জানা,যেতিয়া এই ভালপোৱাই অইন  কাৰোবাক ধংশ কৰে...অইন কাৰোবাক কষ্ট দিয়ে..

তুমি যদি কালিৰ পৰা মোৰ লগত কথাও নপতা,লগ নধৰা মই এটা অভিযোগ নিদিওঁ । মই মাত্ৰ তোমাক ভাল পাওঁ ...

"কি নাম আমাৰ আত্মীয়তাৰ ?"

নাই .. নাম ,পৰিচয়  যিয়েই নহওক...কোনোবা বন্ধু বা প্ৰিয়জন বা কোনোবা..
এইয়া মাত্ৰ  এক সঁচা সম্পৰ্ক।
......

আকৌ এবাৰ বুকুত সুমাই গল তাই ।

******************

ভালপোৱাৰ এজাক বৰষুণ (১২)


Snow falling and night falling fast, oh, fast
In a field I looked into going past,
And the ground almost covered smooth in snow,
But a few weeds and stubble showing last.

The woods around it have it--it is theirs.
All animals are smothered in their lairs.
I am too absent-spirited to count;
The loneliness includes me unawares....

ৰবাৰ্ট  ফ্ৰষ্টৰ কবিতা তো মাতিলে দীয়াই ...বৰফৰ চাদৰ খনেৰে  ঢকা চিমলাত অকলে অহাৰ সিদ্ধান্ত তাইৰ ভুল নাছিল । বহুত দৰকাৰী আছিল সেই কৃত্ৰিমতাৰ পৰা নিজক উলিয়াই অনাৰ এক চেষ্টা ।

...কথা পাতিব মন গল তাইৰ শ্লোকৰ লগত । নাম্বাৰ তো বাৰে বাৰে ডায়েল কৰিব লৈও ৰৈ গল তাই ,নিজক ইমান উদঙাই দিয়াও ভাল নহয় নেকি ...নকৰো ফোন ।

কালি তাইৰ জন্মদিন । জীৱনত যদি সকলোতকৈ বেয়া দিন কোনটো বুলি কোনোবাই সোধে তাই নিজৰ জন্মদিনতোৰ কথাই কব ।
মাকে ,দেউতাকে তাইক কৈছিল তই অমংগলীয়া, নমৰ কিয়... তাই বুজি পোৱা নাছিল । হয়তো তেওঁলোকৰ জীৱনৰ faurstation বাহিৰ কৰাৰ বাবে তাই এক আহিলা আছিল । সকলোৱে নিজৰ মাক দেউতাকক লৈ সাহস অনুভব কৰে...মাত্ৰ তাইৰ বাদে...শৈশৱ লৈ ঘূৰি যোৱাৰ ইচ্ছা নাই আন সকলোৰে দৰে, সোণোৱালী শৈশৱ তাইৰ বাবে কৌতুক ।
দেৱৰ লগত আহি তাই পাহৰিব খুজিছিল সকলো ...টকাৰ শহা দৌৰত সিও অচিনাকি হৈ পৰিল । তাই জানে দেৱৰ ফোনো কালি নাহে,তাৰ মনত নাথাকে তাইৰ জন্মদিন ।

স্বামী বা স্ত্ৰীৰ চৰিত্ৰ বেয়া হলেই যে অশান্তি হয় এনে নহয় ,দুজন মনেৰে ভাল মানুহৰ মাজতো সেই সুখৰ সমীকৰণ নাহিব পাৰে । দেৱ বেয়া মানুহ নহয়...বেয়া হয়তো তাইও নহয় ...কিন্ত এজনে আনজনৰ চকু পানী যেতিয়া নেদেখা হৈ যায় ...আবেগ বোৰ দায়িত্ব হৈ যায় ,তেতিয়াই শূন্যতাই ঠাই লয় মৰম বোৰৰ ঠাইত ...ফুলদানী হৈ পৰে মৰমবোৰ ।

দুখবোৰ মোক দিয়া.. সুখ আজুৰি আনিম তোমাৰ বাবে..  এই দেৱেই তাইৰ হাত খন ধৰি কৈ উঠিছিল ..এই হাত খন মই একেলগে চলিম বুলি ধৰিছিলোঁ তোমাৰ এক মৰমৰ প্ৰতিশ্ৰুতি দি । মোৰ মৰম চলনা নহয় তোমাৰ বাবে কেতিয়াও না কিবা বিনিময়ৰ অধীন । 
     তাই হাত খন এৰাই  কৈ উঠিছিল "আৰু ইমানখিনি দূখৰ বাবে সুখৰ উৎস কঢ়িয়াই কঢ়িয়াই যদি এদিন তুমি নিজেই দূখী হৈ পৰা? মই কি নিজক মাফ কৰিব পাৰিম?

...সেই দেৱ আজি বহুত দূৰত..দুখী মাত্ৰ তাই হে থাকিল ,হয়তো  জীৱনত মৰম বিচৰাতো তাইৰ ভুল ।

বিয়াৰ পিছত  যে প্ৰেমৰ হত্যা হয় । থাকে মাথোঁ কিছু দায়িত্ব, কিছু বান্ধোন ...হেৰাই যায় সেই মাদকতা ।
কিয় ?
ৰৈ যায় মাথো কিছু বিৰক্তি,কিছু নোপোৱাৰ ,কিছু পোৱাৰ  ।
সেইবাবেই সুমাই পৰে নেকি..সীমাৰ বাহিৰৰ কিছু আকৰ্ষণত ..
না...দুনীয়া খনেই গীভ এণ্ড টেকৰ পাকচক্ৰত।
সকলো সম্পৰ্কই এক স্বাৰ্থৰ আৱৰণত ।
কেতিয়াবা সেই স্বাৰ্থ নিজক সুখী ৰখাৰ ,নিজক শূন্যতাক ভৰাই পেলোৱাত ব্যৱহাৰ হয় ..
এই স্বাৰ্থৰ আৱৰনতে চিনাকি মুখ বোৰ এদিনতে অচিনাকী হৈও পৰে...সলনি কৰে হৃদয়ৰ  ৰঙ বোৰ ।
............
ফেচবুক খুলি  তাইৰ ফটো দুখন মান ফটো আপলোড কৰি..জন্মদিন তো হাইড কৰিলে ,যাৰ মনত থাকিব লাগে তাৰেই নাই গোটেই দুনীয়াক জনাই কি হব।

ফোনও বন্ধ কৰিম কালি....মোৰ জন্মদিন মই অকলেই চেলিব্ৰেট কৰিম ,যাহ ...।
.......

মোবাইলৰ ৰিংত তাই সাৰ পালে...শ্লোকৰ ফোন,এই ৰাতিখন ,কিবা বিপদত পৰা নাইতো ..

"শ্লোক ,এই ৰাতিখন ফোন যে..Any problem"

"প্লিজ হেল্প মী, মই বহুত ডাঙৰ বিপদত পৰিছো "
"কি হল শ্লোক?"
"বচাওক মোক "

ধৰমৰাই উঠি আহিল তাই...ভয়ত বুকু কপিব ধৰিলে।কি হল ..শ্লোকৰ ?
.......

**************