फिर उसकी याद, फिर उसकी आस, फिर उसकी बातें,
ऐ दिल लगता है तुझे तड़पने का बहुत शौक है।
দীয়া যেন আজি অকলে নহয়,সকলো সময়ত লগত যেন ঘূৰি ফুৰিছে এক মিঠা অনুভৱ | ভালপোৱাৰ অনুভৱ হৈ....অহৰহ খেদি ফুৰিছে শ্লোকৰ স্মৃতিয়ে...।
ভাবিলেই এটা হাঁহিয়ে ঢৌ খেলে তাইৰ মুখত। ..সি সঁচাকৈ কৈছিল , আমাৰ এই ধুনীয়া সময়বোৰে আমাক জীপাল কৰি ৰাখিব ।
.....আইনাখনত নিজক যেতিয়া চায় তাই ,চকুত যেতিয়া কাজল সানে ,মনত পৰে..শ্লোকলৈ।
.."দীয়া তোমাৰ চকুত কাজল বহুত ধুনীয়া দেখি"
চুলি খিনি যেতিয়া আচুৰে..মনত পৰে..
"বৰ ভাল পাওঁ তোমাৰ চুলিখিনি বুলি মুখ গুজি দিয়া শ্লোকলৈ ..."
"তোমাৰ লিখা বোৰ পঢ়ি মই খুব ভাল পাওঁ,লিখি যাবা ..কবিতা বোৰ",তাইৰ ডায়েৰী খন পঢ়ি উঠি কোৱা তাৰ কথাষাৰ....
"ইমান ধুনীয়া কৈ লিপষ্টিক নলগবা ..পিছত মোক দায় দোষ নিদিবা" বুলি কৈ হাঁহিত ফাটি পৰা শ্লোক.....
তাইক হাতত ধৰোৱাই দিয়া তাই বহুত দিন ধৰি বিচাৰি ফুৰা ৰঙৰ প্রিয় গুলপীয়া লিপষ্টিকটো ।
"..জীৱনত যে কেতিয়াবা লিপষ্টিক কিনিও গিফ্ট দিম ভবা নাছিলোঁ "
বুলি তাইৰ নাকটো টনা শ্লোক । "কেনেকৈ জানিলা এইটো ৰঙ মই বিচাৰি থকা বুলি?"
Guess দীয়া মেম..My sixth sense...
দেৱৰ লাখটকীয়া ডাইমণ্ড ৰিঙেও দেখোন সেইখিনি সুখ তাইক দিব পৰা নাছিল কেতিয়াও।
"হেৰি দীয়া মেম... নামি অহা চোন দুই মিনিটৰ বাবে...বুলি মাজনিশা কটেজৰ সমুখত আহি তাইৰ প্রিয় গোলাপৰ থোপা দি যোৱা শ্লোক ....শুকান গোলাপ ফুল কেইপাহ যে এতিয়াও তাইৰ লগত ।
চিমলাৰ কটেজ টোত কৈও যে ধুনীয়া....
নেটফ্লিক্সৰ ৱেব চিৰিজৰ বিষয়ে অনৰ্গল বকি যোৱা ...শ্লোক ...বেছি স্পীদত গাড়ী চলালে তাইৰ ভয় লাগে বুলি জানি বুজি মাজে মাজে প্ৰচণ্ড ব্ৰেক মাৰি হাঁহিত ফাটি পৰা শ্লোক ।
"শুনা..বাঁহৰ গাজ দি বনোৱা চিকেন মই ভালপাওঁ,পায়স মই ভালপাওঁ বনাই খুৱাবা " বুলি শ্লোকৰ মৰমৰ আব্দাৰ খিনি... তোমাৰ হাত দুখন ভুৰুকাত ভৰাই থম বুলি কোৱা শ্লোক....!
মাত শুনিয়েই মনটো বেয়া লগা বুলি বুজি যোৱা শ্লোকজন...তাই যদি সোধে "কেনেকৈ গম পালা?মোৰ মন বেয়া বুলি...."
"As usual guess দীয়া"
তাইৰ লগে লগেই দেখোন সকলোতে ঘূৰি ফুৰিছে...সি ...। শ্লোকৰ পৰা দেখোন তাই আঁতৰি থকা নাই।
শ্লোক বোৰ জীৱনত আহে...ভাললগা বোৰ Guess কৰে.... ...তাৰ পিছত যেতিয়া সেই ভালপোৱাৰ সুৰ নিবিচাৰাকৈ নোহোৱা হৈ যায় ...হেৰাই যায় ...ভয় তেতিয়াই লাগি যায় ,আকৌ সেই শূন্যতাৰ.....কবলত পৰাৰ ।
কিছুমান সম্পৰ্কই কোনো প্রতিশ্ৰুতি লৈ জীৱনলৈ নাহে ..আৰু সেইবাবেই বিচৰামতে থাকিও নাযায় .....।
চক খাই উঠে ৰাতি তাই । গাৰুতো জোৰকৈ সাৱটি শুৱে । ..অনামী ভয় এটাই ঘেৰি ধৰে তাইক ,তাই জানে সেই ভয় কিহৰ ।
....কিন্ত তাই যে শ্লোকক কথা দি আহিছে...তাৰ মৰমক তাই হেৰাই যাব নিদিয়ে ।
চকু দুটা মুদি গালে মুখে অনুভৱ কৰে...তাৰ স্পৰ্শ। তাৰ উশাহ..সি চাগে মোক মিছ কৰিছে...।
উঠি যায় তাই ,বাথৰুমত ,জোৰকৈ পানী চলাই হেঁপাহ পলুৱাই চিঞৰি কান্দে ।
খৰধৰকৈ চকু পানী মুচে...শ্লোকে গম পালে আৰু দুখ পাব ।
মোবাইলটো হাতত লৈ বহুত সময় ভাবি থাকে...নাম্বৰটো লগাও নে নলগাও ...ঘূৰি নাচাও ,কথা দিছিলোঁ তাক।
সেই সময়তে এটা ফোন আহে অচিনাকি নাম্বাৰৰ পৰা ...তাই বহুত বাৰ হেল্ল কয়.. একো শব্দ নোহোৱাকৈ ফোন তো কাট খায়...।
মোবাইলটোত তাই কান্দি কান্দি চুমা খায়...জানে তাই..সেইটো কাৰ উশাহৰ শব্দ আছিল ....।
ভালপোৱা...ভালপোৱা...ভালপোৱা..
বৈধ কি? কি অবৈধ...কি ভুল কি শুদ্ধ...নিষ্পাপ প্ৰেম এক জীৱনদায়িনী শক্তি হৈ উঠে।
....শ্লোক আৰু দীয়াৰ দৰে হৃদয়ৰ বাবে.....
ই কাকো ধ্বংস নকৰে।
.ভালপোৱা কেতিয়াও কাৰো চকুপানীৰ কাৰণ হ'ব নোৱাৰে...হাঁহিৰ আঁৰত থকা এটা কাৰণ হৈ হে উঠে...।
"চিমলাৰ পৰা অহাৰ পৰা তোমাৰ যেন মোৰ প্ৰতি মৰমবোৰ,কেয়াৰবোৰ বাঢ়ি গল দীয়া,অভিমান নকৰা হ'লা দেখোন " ...দেৱৰ টাই ডাল বান্ধি থাকি তাৰ মুখলৈ চাই হাঁহিলে তাই...। এই বঢ়াই লোৱা মৰম কেয়াৰ বোৰৰ আঁৰত বাৰু অপৰাধভোগত ভোগা তাইৰ মনটোও আছে নেকি....??? দেৱৰ প্ৰতি অলপ অপৰাধভোগত ভোগে তাই....সেয়েহে হয়তো কেয়াৰবোৰ বঢ়াই লৈছে...বাঢ়ি যোৱা আৰু বঢ়াই লোৱাৰ সমীকৰণ খুব অদ্ভুত....
"মিঠা অভিমান " বোৰ সেইদিনা নোহোৱা হৈ পৰে,যিদিনা মানুহটোৰ প্ৰতি সেই ভালপোৱাৰ ৰূপ সলনি হৈ পৰে। ..অভিমান সদায় মনৰ মানুহ টোৰ আগত হে কৰা যায়...মৰমৰ আব্দাৰ , দেৱে বুজি উঠাত বহু দেৰি হ'ল চাগে....।
দীয়াৰ অভিমান মাত্ৰ এতিয়া নিয়তি লৈ ...বিধাতা লৈ ।
তাইৰ প্রিয় ৰাধা কৃষ্ণৰ মূৰ্তিতো লৈ চালে তাই...
এই কৃষ্ণই জানো ৰাধাক সোধা নাছিল " মই তোমাৰ কত?"
বাউলি ৰাধাই আথে বেথে কৈছিল "তুমি মোৰ অন্তৰত, মোৰ প্ৰানত, প্ৰতিটো উশাহত ,তুমি মোৰ মনত,তুমি মোৰ দেহত ...
"ৰন্ধ্ৰে ৰন্ধ্ৰে মাথোঁ তুমি ,তোমাৰ প্ৰেম ...!!!"
"মই কত নাই তেতিয়া হলে ৰাধা?"
" তুমি মোৰ কপালত নাই , মোৰ শিৰৰ ৰঙা সেন্দুৰ খিনিত তোমাৰ নাম নাই "নিৰূদ্বেগ ৰাধাই উত্তৰ দিছিল ।
"বিধাতা মই !! তথাপি মই বিধিৰ বিধান খণ্ডাব নোৱাৰিলোঁ, মই তোমাৰ প্ৰেমত , মীৰা মোৰ প্ৰেমত ...কিন্ত হলো মই ৰুক্মিণীৰ ...
তাই বিধাতাৰ পৰা শ্লোকক আনিব নোৱাৰে....কিন্ত তাই
শ্লোকৰ মৰম বোৰ বুকুত লৈ সদায় জীয়াই ৰাখিব পাৰিব ... তুমি আছা শ্লোক । মোৰ ছাঁ হৈ, মোৰ উশাহ হৈ ,গীটাৰ খন সাৱটি তাই কৈ উঠিল.....
हे कान्हा, तुम्हे पाना जरूरी तो नहीं,
तुम्हारा हो जाना ही काफी हैं मेरे लिए।
No comments:
Post a Comment