Snow falling and night falling fast, oh, fast
In a field I looked into going past,
And the ground almost covered smooth in snow,
But a few weeds and stubble showing last.
The woods around it have it--it is theirs.
All animals are smothered in their lairs.
I am too absent-spirited to count;
The loneliness includes me unawares....
ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা তো মাতিলে দীয়াই ...বৰফৰ চাদৰ খনেৰে ঢকা চিমলাত অকলে অহাৰ সিদ্ধান্ত তাইৰ ভুল নাছিল । বহুত দৰকাৰী আছিল সেই কৃত্ৰিমতাৰ পৰা নিজক উলিয়াই অনাৰ এক চেষ্টা ।
...কথা পাতিব মন গল তাইৰ শ্লোকৰ লগত । নাম্বাৰ তো বাৰে বাৰে ডায়েল কৰিব লৈও ৰৈ গল তাই ,নিজক ইমান উদঙাই দিয়াও ভাল নহয় নেকি ...নকৰো ফোন ।
কালি তাইৰ জন্মদিন । জীৱনত যদি সকলোতকৈ বেয়া দিন কোনটো বুলি কোনোবাই সোধে তাই নিজৰ জন্মদিনতোৰ কথাই কব ।
মাকে ,দেউতাকে তাইক কৈছিল তই অমংগলীয়া, নমৰ কিয়... তাই বুজি পোৱা নাছিল । হয়তো তেওঁলোকৰ জীৱনৰ faurstation বাহিৰ কৰাৰ বাবে তাই এক আহিলা আছিল । সকলোৱে নিজৰ মাক দেউতাকক লৈ সাহস অনুভব কৰে...মাত্ৰ তাইৰ বাদে...শৈশৱ লৈ ঘূৰি যোৱাৰ ইচ্ছা নাই আন সকলোৰে দৰে, সোণোৱালী শৈশৱ তাইৰ বাবে কৌতুক ।
দেৱৰ লগত আহি তাই পাহৰিব খুজিছিল সকলো ...টকাৰ শহা দৌৰত সিও অচিনাকি হৈ পৰিল । তাই জানে দেৱৰ ফোনো কালি নাহে,তাৰ মনত নাথাকে তাইৰ জন্মদিন ।
স্বামী বা স্ত্ৰীৰ চৰিত্ৰ বেয়া হলেই যে অশান্তি হয় এনে নহয় ,দুজন মনেৰে ভাল মানুহৰ মাজতো সেই সুখৰ সমীকৰণ নাহিব পাৰে । দেৱ বেয়া মানুহ নহয়...বেয়া হয়তো তাইও নহয় ...কিন্ত এজনে আনজনৰ চকু পানী যেতিয়া নেদেখা হৈ যায় ...আবেগ বোৰ দায়িত্ব হৈ যায় ,তেতিয়াই শূন্যতাই ঠাই লয় মৰম বোৰৰ ঠাইত ...ফুলদানী হৈ পৰে মৰমবোৰ ।
দুখবোৰ মোক দিয়া.. সুখ আজুৰি আনিম তোমাৰ বাবে.. এই দেৱেই তাইৰ হাত খন ধৰি কৈ উঠিছিল ..এই হাত খন মই একেলগে চলিম বুলি ধৰিছিলোঁ তোমাৰ এক মৰমৰ প্ৰতিশ্ৰুতি দি । মোৰ মৰম চলনা নহয় তোমাৰ বাবে কেতিয়াও না কিবা বিনিময়ৰ অধীন ।
তাই হাত খন এৰাই কৈ উঠিছিল "আৰু ইমানখিনি দূখৰ বাবে সুখৰ উৎস কঢ়িয়াই কঢ়িয়াই যদি এদিন তুমি নিজেই দূখী হৈ পৰা? মই কি নিজক মাফ কৰিব পাৰিম?
...সেই দেৱ আজি বহুত দূৰত..দুখী মাত্ৰ তাই হে থাকিল ,হয়তো জীৱনত মৰম বিচৰাতো তাইৰ ভুল ।
বিয়াৰ পিছত যে প্ৰেমৰ হত্যা হয় । থাকে মাথোঁ কিছু দায়িত্ব, কিছু বান্ধোন ...হেৰাই যায় সেই মাদকতা ।
কিয় ?
ৰৈ যায় মাথো কিছু বিৰক্তি,কিছু নোপোৱাৰ ,কিছু পোৱাৰ ।
সেইবাবেই সুমাই পৰে নেকি..সীমাৰ বাহিৰৰ কিছু আকৰ্ষণত ..
না...দুনীয়া খনেই গীভ এণ্ড টেকৰ পাকচক্ৰত।
সকলো সম্পৰ্কই এক স্বাৰ্থৰ আৱৰণত ।
কেতিয়াবা সেই স্বাৰ্থ নিজক সুখী ৰখাৰ ,নিজক শূন্যতাক ভৰাই পেলোৱাত ব্যৱহাৰ হয় ..
এই স্বাৰ্থৰ আৱৰনতে চিনাকি মুখ বোৰ এদিনতে অচিনাকী হৈও পৰে...সলনি কৰে হৃদয়ৰ ৰঙ বোৰ ।
............
ফেচবুক খুলি তাইৰ ফটো দুখন মান ফটো আপলোড কৰি..জন্মদিন তো হাইড কৰিলে ,যাৰ মনত থাকিব লাগে তাৰেই নাই গোটেই দুনীয়াক জনাই কি হব।
ফোনও বন্ধ কৰিম কালি....মোৰ জন্মদিন মই অকলেই চেলিব্ৰেট কৰিম ,যাহ ...।
.......
মোবাইলৰ ৰিংত তাই সাৰ পালে...শ্লোকৰ ফোন,এই ৰাতিখন ,কিবা বিপদত পৰা নাইতো ..
"শ্লোক ,এই ৰাতিখন ফোন যে..Any problem"
"প্লিজ হেল্প মী, মই বহুত ডাঙৰ বিপদত পৰিছো "
"কি হল শ্লোক?"
"বচাওক মোক "
ধৰমৰাই উঠি আহিল তাই...ভয়ত বুকু কপিব ধৰিলে।কি হল ..শ্লোকৰ ?
.......
**************
No comments:
Post a Comment