ৰাতি যোৱাৰ আগতে তাইক শ্লোকে হাতত পেকেট এটা দিছিল ...কালিৰ দিনটো তুমি মোক দি দিব পাৰিবা নে দীয়া?
তাই তাৰ হাত খন ধৰি মাত্ৰ বুকুৰ মাজত লৈছিল ....চুমা এটা খাইছিল "মইও বিচাৰো শ্লোক,জীৱনভৰৰ বাবে মিঠা স্মৃতি হৈ ৰওক মোৰ এই দিনটো"
ৰাতিপুৱা উঠি পেকেট তো খুলিলে তাই...তাইৰ প্রিয় নীলা ৰঙৰ কুৰ্তী এটা । তাই পিন্ধিলে...বহুত দিনৰ মূৰত তাই চকুত ডাঠ কৈ কাজল লগালে...চুলি খিনি মেলিলে...গুলপীয়া লিপষ্টিক লগালে । নিজক
নিজৰ বাবে সজাই তোলা আৰু কোনোবা প্ৰিয়জনৰ বাবে সজাই তোলাৰ মাদকতা পৃথক....কোনোবাই তাইৰ বাবে আজি ৰৈ আছে....তাই তেওঁৰ বাবে সাজিছে.....
শিৰত সেন্দুৰ খিনি লব গৈ তাই ৰৈ গল....সাজিছে অইনৰ বাবে কিন্ত শিৰত সেন্দুৰ ভৰাইছে দেৱৰ নামত...
"ৰাধাৰ শিৰত সেন্দুৰ অইনৰ আছিল মেম...কিন্ত কৃষ্ণৰ স্বাৰ্থহীন মৰম নেওচা দিব তেওঁ পৰা নাছিল ...জবাই বহুত সময় ধৰি চাই আছিল দীয়াক ।
জবাৰ পিনে চাই তাই অলপ বেছি কৈয়ে সেন্দুৰ লগাই ললে শিৰত...কিয়..তাই নাজানেসম্পর্ক গড়ে, সম্পর্ক ভাঙে কিন্তু ভালপোৱা মানুহতোক “প্রাক্তন” কৰা খুব টান।। দেৱ তাইৰ স্বামী...তাইৰ সেন্দুৰ ।
কিন্ত শ্লোকৰ মৰমক নেওচা দিব তাই পৰা নাই...চিমলাত তাই জীৱন জীয়াব আহি জীৱনৰ সুঁতি য়েই সলনি হৈ গল ।
আজি জীয়াই লও কাৰোবাৰ জীয়া মৰমত ..কিছু জীয়া সময় ...দীয়া ওলাই আহিল ...
শ্লোক ৰৈ আছিল তাইৰ বাবে...মুখত সেই ধুনীয়া হাঁহি তো লয়...
"তোমাক খুব ধুনীয়া লগা হৈছে সেউজীয়া ৰঙৰ সৈতে দীয়া, শিৰৰ উজ্বল সেন্দুৰ খিনিৰ সৈতে আৰু বেছি "
শ্লোকৰ গাড়ী চলিল..চিমলাৰ বুকুত । দীয়াৰ হাত খন তাৰ হাতৰ মুঠিত, যেন এৰি নিদিব ।
সময় ইমান ধুনীয়া হব পাৰেনে ।
কেতিয়াবা যদি কোনোবা ধুনীয়া ফুলনী লৈ ...কেতিয়াবা এটা পাহাৰীয়া নিজৰাৰ পাৰলৈ ।
আজিও শ্লোকে চিঞৰিলে পাহাৰৰ দাঁতিত ..."
আই লাভ ইউ দীয়া " চাৰিওপিনে ভাহি আহিল....
"শ্লোক" তাইৰ কোলাত মূৰ দি শুই থকা শ্লোকক মাতিলে..
উমমম...
:হয়তো বেছি দিন মই আৰু ইয়াত নাথাকো ।
: মইও নাথাকো দীয়া ।
:অঃহ তুমিও যাবা..
:উম ..মইও যাম ...
:আমি Contact ৰাখিম নে..
..:না দীয়া,নোৱাৰিম মই বিচাৰিলেও । তোমাক মই বুকু ভৰি ভাল পাওঁ , কিয় প্ৰেমত পৰি গলো নাজানো ,কিন্ত তাৰ বাবে তোমাৰ ঘৰত অশান্তি হোৱাটো বিচাৰিম জানো ।
:তাৰমানে আমি আকৌ লগ নাপাম...তোমাৰ মাত শুনিব মন গলে? কিয় এনেকৈ কৈছা শ্লোক ।
:ভালপোৱাত জানো চৰ্ত আছে দীয়া । দুয়ো লগ নহলেও ,কথা নাপাতিলেও দুয়োৰে হৃদয়ত সদায় থাকিম ...
:কিয় আহিলা মোৰ জীৱনত শ্লোক ।কিয়...বন্ধ কৰি থোৱা দৰ্জা খন কিয় খুলি দিলা তুমি । কিয় ইমান মৰম ,কিয় ইমান কেয়াৰ ....কিয় শ্লোক । মই যে তোমাৰ প্ৰেমত পৰি গলো নিবিচাৰাকৈ ..নিষিদ্ধ আমাৰ এই অনুভব ।
:দীয়া..জন্মদিন বোৰত মোক মনত কৰিবা নে....?মই নাথাকিলেও তোমাৰ কাষত ।
:কিয় তেনেকৈ কৈছা....?
:চিমলাত মই মোৰ গীটাৰখন লৈ জীয়াব আহিছিলোঁ দীয়া, জীৱনৰ আকৌ প্ৰেমত পৰি গলো । ইমান ধুনীয়া ফিলিং আজিলৈ জীৱনত কেতিয়াও অহা নাছিল দীয়া ।
....চুলি খিনিত হাত ফুৰাই দিলে দীয়াই । অচিনাকি মানুহ এজন হঠাৎ ইমান আপোন কিয় হৈ পৰিল তাইৰ ।
ৰাস্তাত ৰৈ মন্দিৰ এটাত সেৱা জনালে তাই,ভালে ৰাখিবা সকলোকে । শ্লোকৰ হাতত প্ৰসাদ দিওঁতে হাঁহি কলে "ভগৱানত কে মোক কোৱা, কি খুজিছা..সোনকালে খবৰ পাই যাব"
"তুমি সঁচাই এক নাম্বাৰ পাগল "
......
:আজি এটা মোৰ লগত গান গোৱানা দীয়া।
:মই বহুত দিন গান গোৱা নাই...শ্লোক
:না...নহব ..আজি কোনো এক্সকিউজ নাই ।
শ্লোকৰ গীটাৰৰ সুৰত গাই গল তাই জুবিনৰ প্রিয় গানতো...
মায়া .......মায়া মাথো মায়া, তুমি জানো সচাঁনে, মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ, হিয়া জুৰি আছাহি বৈ, দূৰনীৰে জোণাকী হৈ ৰ'লা কিয় ? হে এ...সকলো খিনি যেন মায়াই আৱৰি ধৰিলে...সময় ৰৈ যা ।
.........
দিনবোৰ সচাকৈ মায়াবী হৈ পৰিল শ্লোকৰ লগত...সময় বোৰ পাখি লগাই উৰি গল...সৰু সৰু তাইৰ সপোন বোৰ শ্লোকৰ মৰমৰ মাজত জীৱন্ত হৈ উঠিল । এটা এটা দিন সপোনৰ দিন হৈ পৰিল ।
বহুত দেৰি হল আজি কটেজ পাওঁতে , জবা দৌৰি আহিল ..দেৱ চাৰে বহুত ফোন কৰি আছে ,আপোনাৰ তো লগা নাই ।তেওঁ পৰহি আহিব ।
"দেৱ " আহিব?
কিবা এটা ভাল নালাগিল তাইৰ ,অকণমান জীৱনতোৰ পৰা আৰু অলপ ভাল লগা সময় তাই বিচাৰিছে নেকি শ্লোকৰ লগত। তাই কিয় ইমান স্বাৰ্থপৰ হৈ পৰিছে....ছিহ নাপায় ।
......ইমান ধুনীয়া দিনবোৰ পাৰ হল তাইৰ জীৱনত ,হয়তো এই দিনবোৰেই তাইক জীৱন ভৰ সজীৱ কৰি ৰাখিবলৈ যথেষ্ট ।
*******************
No comments:
Post a Comment