বহুত সময় কান্দি থাকিল দীয়াই, শ্লোকৰ কান্ধত মূৰ পেলায়। উচুপি উচুপি চকু মুদ খাই গল তাইৰ ।
হঠাৎ সাৰ পালে, দেখিলে শ্লোকে তাইৰ মূৰতো হালিব নিদিয়াকৈ ধৰি আছে ।
:কি চাগে ভাবিছা মোৰ বিষয়ে শ্লোক ।
:একো ভবা নাই দীয়া ।
:মই তোমাক একো কবও নোৱাৰিম ,না বুজাব পাৰিম,মই কিয় কান্দিলো । মোৰ নিজৰ ওচৰতে উত্তৰ নাই ।
মাত্ৰ মোৰ আজি কান্দিব মন গল ।
:জানা দীয়া, এই যে আমি গান শুনি কান্দো,কিবা ফিল্ম ৰ চিন চাই কান্দো ,এইবোৰ আমাৰ হৃদয়ৰ কন্দাৰ সুযোগ
এটা মাত্ৰ ,নহলে যে চকুপানী বোৰ গোট লাগি উশাহ বন্ধ কৰি দিব আমাৰ ।
:বহু কথাই খুলি খুলি খাই মোক, চিঞৰি চিঞৰি সুধিব মন যায় সকলোকে মোৰ দোষ,মোৰ ভুল কি?
অলপ মৰম বিচৰা টোৱেই দোষ নে মোৰ ?
:দোষ ,ভুল তোমাৰ নহয় দীয়া, দোষ সিহঁতৰ যিয়ে তোমাক বুজি উঠা নাই ।
I always feel pitty for Such kind of people ....
যেতিয়া লৈ বুজি উঠে, সেই মৰম আকলুৱা মনবোৰ বহুত দূৰত গুচি যায় ।
অলপ বাহিৰত বহো আহা দীয়া...গাড়ীৰ পৰা নামি পাহাৰৰ কাষত বহি পৰিল দুয়ো । ঠাণ্ডা বতাহ ।
:দেৱ , ইয়াৰ বতাহ জাক বৰ ঠাণ্ডা ন ..মানে শ্লোক ।
কব নোৱাৰাকৈ তাই দেৱৰ নাম ললে ।
:অহ ..তাৰ মানে তেওঁৰ নাম দেৱ । লাকী মেন ..
একো নামাতিলে দীয়াই ।
:শ্বল খন লোৱা...ভালকৈ ।
উৰুৱাই দিলে দীয়াক শ্লোকে ,সৰু ছোৱালী এজনীৰ দৰে মেৰিয়াই দিছে ।
পাহাৰৰ বুকুত সূৰ্য্য তোয়ে বিদায় লৈছে এটা দিনৰ পিছত, নিজৰ হেঙুলীয়া ৰঙ বোৰ ছটিয়াই ছটিয়াই ।
যেতিয়া কবলৈ বহু কথা থাকে...তেতিয়া হয়তো মৌনতাই কথা কব ধৰে ।
"দীয়া, বেয়া নোপোৱা যদি মোৰ লগত ডিনাৰ কৰিব নে আজি"
"ইয়াৰ পৰা গৈ পাওঁতে ভালে খিনি ৰাতি হব ,If you dont mind"
"উম উম..অকে "
কিয় জানো...শ্লোকৰ কথা বোৰ তাইৰ পেলাব মন নাযায় ।
....
তোমাৰ প্রিয় গান কোনবোৰ দীয়া,গাড়ী চলাই কৈ উঠিল শ্লোকে ।
ইমান Guess কৰা এইটোয়ো Guess কৰা চোন । Let me guess this time ...তুমি মোক কিমান বুজি উঠিছা....
বাজি উঠিল তাইৰ প্রিয় গানতো ...
প্রেমে পড়া বারণ
কারণে অকারণ,
আঙুলে আঙুল রাখলেও হাত ধরা বারণ।
তোমায় যত গল্প বলার ছিল,
তোমায় যত গল্প বলার ছিল,
সব পাপড়ি হয়ে গাছের পাশে ছড়িয়ে রয়ে ছিল,
দাওনি তুমি আমায় সেসব কুড়িয়ে নেওয়ার কোনো কারণ।...
"শ্লোক ..."
"চেণ্টিমেণ্টল নহব ,its a guess as always" আকৌ হাঁহি ।
"এটা কথা কও নে দীয়া"
"হমম..."
"মই Flirt কৰা বুলি নাভাবিব"
"কোৱা আকৌ"
"তোমাৰ চকুযুৰি খুব ধুনীয়া, ওঁঠ জুৰি যেন বৈ থকা নিজৰা এখন ,সদায় হাঁহি থাকিবা দেই ,ইয়াত চকু পানী ভাল নেদেখি"
দীয়াই মাত্ৰ চালে শ্লোকৰ ফালে....
.....গাড়ীৰ পৰা নামি দীয়াৰ পিনে হাত খন মেলি দিলে, আহক...
"পানী জমি আছে তলত,জপিঁয়ালে কেনেবাকৈ পৰি চিমলাত ভূমিকম্প হব "
বৰফ গলি হোৱা পানীৰ সৰু ডোঙ তো লৈ চকু পৰিল ।
হাত খন ধৰি ডোঙ তো পাৰ হল । ইমান কেয়াৰিং কিয় এই শ্লোক ।
"হিমাচলী ৰ'ছয়" এইখনত খুব টেষ্টি হিমাচলী খানা পোৱা যায়, তুমি ভাল পাবা...
"সকলো সময়ত মাত্ৰ মোৰ ভাল লগা যে...তুমি নিজৰ ভাল লগাৰ কথা কোৱা আকৌ"
"মই যেতিয়া তোমাক এটা ধুনীয়া দিন দিম বুলি ফুৰাব লৈ আহিছোঁ, ইয়াত মোৰ নহয় তোমাৰ পছন্দ হে বেছি দৰকাৰী হব"
"So sweet of You".....তোমাৰ ৱাইফ বা প্ৰেয়সী খুব লাকী ।
তললৈ মূৰ কৰি হাঁহিলে শ্লোকে ,একো উত্তৰ নিদিলে ।
:মোৰ মোবাইল নাম্বাৰ তো লোৱা ,পাহৰি আছোঁ তোমাৰ তোয়ো লব"
কথা সলনি কৰিলে দীয়াই ।
....কটেজ লৈ আহি মোবাইলত দেৱৰ ফটো খন চাই দীয়াই ভাবিলে ..
আমাকনো লাগে কি?
:সঁচা মৰম অকনমান
:দুটামান টাইট হাগ
:গালত মৰমৰ দুটা পৰশ
:আৰু কেতিয়াবা একদম কেতিয়াও শেষ হ’ব নোখোজা কিছ এটা
:আৰু অলপ নিজা সময়
আমাৰ বকবকনি বোৰ শুনি ব’ৰ নোহোৱা মানুহ এটা....
বুজি উঠিব কেতিয়া দেৱে ..এটা হীৰাৰ আঙুঠি ,এটা দামী কটেজ সকলো নাৰীৰ সপোন নহয় ।
শ্লোকৰ মুখখন ভাহি আহিল তাইৰ সমুখত । কিবা এটা ভয় লাগিল তাইৰ ।
কিবা এক নতুন অনুভৱত নিজক হেৰুওৱাৰ ভয় নে কিবা এক নোপোৱাৰ ভয় ।
ভাবিব মন নগল তাইৰ , চকু দুটা মুদি দিলে....
No comments:
Post a Comment