ৰাতিপুৱাৰ পৰা শ্লোকক ফোন কৰি কৰি ভাগৰি গল তাই....Not reachable..
কেতিয়াবা হয়তো বাজি বাজি বন্ধ হৈ গল ।
কি হল তাৰ...ভালে আছে তো । আজিলৈ একোৱেই নাজানিলে তাৰ বিষয়ে তাই, কত থাকে....কি কৰে...
এতিয়া কত বিচাৰি যাব তাইক ।
আজি লগ পায় মন খুলি কথা পাতিব মন তাইৰ ...কালিৰ পৰা যে তাই আকৌ উভতি যাব লাগিব তাইৰ চিৰ চিনাকি দুনীয়া খনলৈ ।
তাইক লাগে শ্লোক'ক আজি... হেঁপাহ পলুৱাই মৰম দিব ,মৰম লব .....
"সময়ত কম বাৰু মোৰ বিষয়ে তোমাক,আজি গৰম চুইট কৰ্ণ খিনিয়েই খোৱাচোন" এৰাই গৈছিল তাইৰ প্ৰশ্ন সহজভাবে...প্ৰতিবাৰেই....হাঁহি হাঁহি ।
কি যে তাইও মানে..সি কোন খন হোটেলত থাকে সেইও নুসুধিলে । এতিয়া কেনেকৈ বিচাৰে তাক তাই....
গোটেই সন্ধিয়া তো তাই শ্লোকক মাল ৰোডত বিচাৰি ফুৰিল ।
হুদী পিন্ধা যুৱক দেখিলেই দৌৰি গল...কৰবাত বনফায়াৰ দেখিলেই বিচাৰি গল।
হাবাথুৰি খালে তাই শ্লোকক বিচাৰি ...শ্লোক কত তুমি ....কেতিয়াও এনে নকৰে সি ..আজি কোনো খবৰ নাই ....
দেৱ আহিব..আৰু সিহঁত চিমলা এৰি গুচি যাব । অঃহ শ্লোক....মোৰ যে আৰু কিছু কব লগা আছে তোমাক ,এবাৰ বুকুৰ মাজত সুমাম ,তোমাক জনাম...ইমান ধুনীয়া দিন দিলা তুমি মোক..সপোনৰো অগোচৰ ধুনীয়া সময় কিছুমান ।
কত গলা অ শ্লোক...
বুজি উঠিল ...শ্লোকক এৰি যেতিয়া তাই গুচি যাব ,তেতিয়া শ্লোক বিহীন দিনবোৰ কেনে ভয়াবহ হৈ উঠিব ।
"দিনবোৰ, সময় বোৰ সংগই নহয় ,মৰমে জীপাল কৰি ৰাখে । আমাৰ ধুনীয়া সময় বোৰৰ স্মৃতি বোৰ যথেষ্ট নহয় জানো ?" শ্লোকৰ কথাখিনি মনত পৰিল ।
কত হেৰাই গল শ্লোক ...
বহুত সময় সেই পাহাৰৰ বেঞ্চ খনত বহি থাকিল তাই ...কিজানি সি আহি মাত দিয়ে ।
গান এটা গুণগুণাই থাকিল তাই...কিজানি সি আহি লগতে গাই দিয়ে ।
ঘণ্টাৰ পিছত ঘন্টা শ্লোকৰ কান্ধত মূৰ পেলাই সময় কটাইছে তাই , তাইৰ হাত খন নিজৰ হাতৰ মুঠিত লৈ শ্লোকে সাৱটি ধৰে তাইক....দুৰ্বল হৈ পৰে মুহূৰ্ত বোৰ ...হেৰাই যাব মন যায় মৰমৰ দানাৱলত, সেই সময়ত শ্লোকে তাইক সোধে....দীয়া ,কপালত চুমা এটা খাওঁনে ? নাৰীয়ে সেইজন পুৰুষৰ বাহুত নিৰাপত্তা অনুভব কৰে...যিয়ে হয়তো দেহৰ খলা বমা নহয় ,মনটোৰ খলা বমা খিনিৰ মাজত নিজক বিচাৰে.....এইখিনি মৰমেই তো সকলো...দৈহিক সুখ তো টকা দিওঁ কিনিব পৰা যায়...তাত জানো সেই ভালপোৱা খিনি থাকে?
কিছুমান মানুহ জীৱনলৈ হঠাৎ আহে,কিছু সময় দিয়ে,কিছু সময় লৈ গুচি যায় ,কিছুমানে ভাঙি পৰা আপোনাৰ হৃদয়ৰ টুকুৰা বোৰ জোৰা দি যায় আৰু কিছুমানে টুকুৰা টুকুৰ কৰি যায় .. যিজনে টুকুৰা বোৰ জোৰা দি গৈছে তেওঁৰ ঠাই আকৌ জীৱনত কেতিয়াও অন্যজনক দিব খুজিলেও আমি নোৱাৰো ।
মুখ খন ঢাকি ফেঁকুৰী উঠিল তাই ....
"সকলোৰে দৰে তুমিও মোক কন্দুৱালা শ্লোক,কত তুমি "
মোবাইল তো বাজি উঠিল ...দেৱৰ মাত"কত আছা তুমি? মোৰ চণ্ডীগঢ় ৰ কাম সোনকালে শেষ হল ,গতিকে মই আহি আছো আজিয়েই চিমলা"
অঃহ...তোমাৰ কাম আছিল চণ্ডীগঢ়ত ,সেয়ে হে চিমলাৰ প্লেন ? নাহিলেও হব দেৱ..মই নিজেই ঘৰ আহি যাম ।
"আৰে খং নকৰিবা ,আহি আছো মই"
পুনৰ এবাৰ চেষ্টা কৰিলে শ্লোকৰ ফোন তো ।
"not reachable"....
*****************
No comments:
Post a Comment