Monday, December 2, 2019

ভালপোৱাৰ এজাক বৰষুণ (২১) - অন্তিম খণ্ড


খিৰিকী মুখৰ ফিৰফিৰিয়া বতাহ জাকে বহুত কথা সোঁৱৰাই দি যায় । এৰা সোঁৱৰণিৰো যে আছে সুকীয়া আমেজ ।
     সুদীৰ্ঘ পঁচিছ বছৰৰ মূৰত আকৌ আহিছে দীয়া চিমলালৈ.... । সেই একেই কটেজলৈ...যিটো দেৱে তাইৰ নামত উপহাৰ দিছিল। সেই যে এৰি গৈছিল তাৰপিছত বহু বাৰ দেৱৰ অনুৰোধকো আওকাণ কৰি দীয়া এবাৰলৈকো অহা নাছিল।
  সকলো একেই আছে ..বৰফেৰে ঢকা পাহাৰ বোৰ, বতাহত গছৰ পৰা খহি পৰা বৰফবোৰ ...সেই শীতল মলয়াজাক ...পাইন গছ বোৰ ।সকলো দেখোন একেই আছে। ...মাল ৰোডত অলপ দোকান বাঢ়িছে , বাঢ়িছে ব্যস্ততা..কিন্ত মানুহ বোৰ সুখী মনেৰে ঘূৰি আছে  ঠিক আগৰ দৰেই ।
তাই জানো একেই আছে ? নাই তাইৰ বহুত কিবাকিবি সলনি  হ'ল ..জীৱনটোৰ প্ৰতি কোনো আক্ষেপ অভিযোগ নৰখা হ'ল। দেৱৰ প্রতিও ।...পৌঢ় মহিলা এগৰাকী এতিয়া...চুলিত ৰূপালী ৰঙ । আৰু শূন্যতা বোৰ? ......সেই শূন্যতা কেতিয়াবাই কোনোবাই দখল কৰি ল'লে।
ভাব বিভোৰ দীয়াই ....ৰিণি ৰিণি শুনিলে চিনাকি কাৰোবাৰ মাত " হেৰি দীয়া মেম ..." চক খাই
ঘূৰি চালে তাই  ...নাই কোনো নাই ।।
  হুদী পিন্ধা কোনোবাই যেন পাইন গছৰ আঁৰৰ পৰা ঘূৰি চাইছে...না তাতো কোনো নাই....।
তাই আজি শ্লোকক দেখিছে...সকলোতে ।
শ্লোক তাইৰ পৰা হেৰালে জানো!  ...উশাহ জানো  শৰীৰৰ পৰা আঁতৰি যায় ? জীয়াই থাকোঁতে মানুহ!
যিজনে তাইক জীৱন জীয়াব শিকাই গ'ল..তেওঁতো সদায় তাইৰ উশাহত ।
"......মা....গান এটি গোৱানা .."
:হ'ল আৰু তোৰ আৰম্ভ । ..মোৰ বান্দৰটো..বিয়াও ঠিক হ'ল ..ডাঙৰ নহ'লি ।
: তোমাৰ শ্লোক, তোমাৰ আগত সদায় বেবী হয়ে থাকিম,ডাঙৰ নহও । - সাইলাখ পঁচিছ বছৰৰ আগৰ  শ্লোকৰ চেহেৰা। স্বভাৱ, খোজ কাটল। সেই একেই হাঁহি । কথাই কথাই ধেমালি । মুখলৈ চাই থাকিলে এনে লাগে যেন পৃথিৱীৰ কোনো দুখে কেতিয়াও চুব নোৱাৰে তাক।
..দীয়াৰ ল'ৰা..শ্লোক । নহয় , দীয়া আৰু শ্লোকৰ ল'ৰা । পঁচিছ বছৰৰ আগতে তাইৰ আৰু শ্লোকৰ মৰমৰ চিন গালৈ অহা যেতিয়া তাই গম পাইছিল ,তেতিয়া হয়তো শ্লোক কোনোবা অচিন জগতত ..। তাৰ  মৃত্যুৰ খবৰ তাইক নিদিবলৈ দেউতাকৰ ভৰিত ধৰি অনুৰোধ কৰি আহিছিল সেইদিনা  তাই। ...থাকক সি তাইৰ মনত জীয়াই ।
বহুত দিন ভাবিলে..তাই বাৰু প্ৰতাৰণা কৰিলে নেকি দেৱক..?বহু দিন এৰি যাব খুজিলে এই ঘৰ- দুৱাৰ , সা সম্পত্তি, আনকি ...দেৱকো।  বহু দিন ক'ব খুজিও ৰৈ গ'ল শ্লোক দেৱৰ সন্তান নহয় বুলি।
এয়া কি প্ৰতাৰনা ? পাপ????দেৱক তাই বচাইছে...অইন এক অপৰাধবোধত ভোগাৰ পৰা ,বহু দিন আগতে তাই গম পাইছিল দেৱৰ পুৰুষত্বহীনতাৰ কথা। ...এই সত্য জানিলে আত্মঅহংকাৰী দেৱ হয়তো জীয়াই নাথাকিল হয়। হয়তো জানিছিল সিও,  কিন্তু কোনোদিনে দীয়াৰ সন্মুখত ধৰা দিয়া নাছিল। দীয়াই কেতিয়াও ভবা নাছিল এইবোৰ কথা। যদিওবা শ্লোক দেখাত দেৱৰ দৰে নাছিল, স্বভাৱতো । সোধা নাছিল কেতিয়াও।
    ...যিটো মিছা কথা  জীৱন জীয়াই থকাৰ সম্বল হৈ পৰে..সেইয়া মিছা কথাই হয়তো পাপৰ নাম নাপায় ।। তাইৰ মাজৰ পৰিৱৰ্তন খিনি হয়তো কৰবাত দেৱেও দেখা পাইছিল । কেতিয়াবা হাতত ধৰি কৈছিল"আগৰ দীয়া জনী হৈ যোৱানা মোৰ"
     তাই ক'ব খুজিও ৰৈ যায় " এসময়ত তোমাক অন্তৰ ভৰি ভালপোৱা সেই মৰম আকলুৱা দীয়া জনীৰ অন্তৰ খন কেতিয়াবাই ভাঙি পেলালা । এৰি যাব খুজিও নোৱাৰিলোঁ ,কাৰণ তোমাৰ দৰে মতলবী হ'বলৈ  হয়তো মোৰ মৰমখিনিয়ে নিশিকিলে " মৰমক মৰম কৰা তাইক শ্লোকে শিকাই গ'ল ।
লন খনত দেৱ গলফ খেলাত ব্যস্ত। আনফালে শ্লোকে চিঞৰি আছে -
মা..তোমাৰ প্রিয় গীত এটি গাও নে...শুনিবা?
দীয়াই চকুৰে সন্মতিসূচক ইংগিত দিয়ে।  শ্লোকে গীটাৰ খন লৈ গাই উঠিল ...

ए ज़िंदगी गले लगा ले ए  ...🎵





मत सोच इतना ज़िन्दगी के बारे में
जिसने ज़िन्दगी दी है उसने भी कुछ तो सोचा होगा

কৰবাত সোঁৱৰণিয়ে জিকাৰ খাই উঠিল। সৰি পৰিল বৰফৰ টুকুৰাবোৰ আকৌ এবাৰ । কৰবাত বনফায়াৰ একুৰা উমি উমি জ্বলি আছে। কাষতে ঢিমিক ঢামাক এটা হেণ্ড লেম্প। সৌৱা পঁচিছ বছৰৰ আগৰ শ্লোক। কাষতে কাণ উনাই ,অস্তাচলত ভালপোৱাৰ বৰষুণজাকত তিতি থাকিল দীয়া...!


तेरे बिना ज़िन्दगी से कोई, शिकवा तो नहीं
शिकवा नहीं, शिकवा नहीं, शिकवा नहीं
तेरे बिना ज़िन्दगी भी लेकिन, ज़िन्दगी तो नहीं
ज़िन्दगी नहीं, ज़िन्दगी नहीं, ज़िन्दगी नहीं…

---------সমাপ্ত--------

No comments:

Post a Comment