जब तक
पहली बरसात की बुन्दें
ना भिगो दे हमको..ठहर जाओ ना
मेरे पास...
जब तक
मिट्टी की खुशबू
ना महका दे हमको..ठहर जाओ ना
मेरे पास...ठहर जाओ ना
मेरे पास...
जब तक
इन सबके एहसास
फिर से मुहब्बत में ना
डूबा दे हमको...।।
শ্লোকৰ বুকুত দীয়া...মৰমবোৰ ইমান মোহনীয় হৈ উঠে নে...মৰমবোৰে অকল দেহ নহয় মনো এনেকৈ ভৰাই তুলিব পাৰে নে...ভৰিৰ আঙুলিৰ পৰা চকুদুটা লৈ আঁকি যোৱা অজস্ৰ মৰমে আত্মিক সুখ দিব পাৰে নে....কৃষ্ণৰ বাঁহীৰ শব্দত বলিয়া হোৱা "ৰাধা "আজি "তাই" শ্লোকৰ মৰমত..শ্লোকৰ বাহুত ।
তাইৰ দীঘল চুলিটাৰী তাৰ মুখত বিয়পি পৰিছে। তাইৰ দুই ওঁঠত শ্লোকে আঙুলিৰে হাত ফুৰালে....তাইৰ শিৰত হাত ফুৰালে...দেৱৰ নামৰ সেন্দূৰ অলপ তাৰ হাতত লাগি আহিল..
লগাই দিয়াচোন ৰং খিনি আকৌ তাত...দীয়াই কৈ উঠিল।
শ্লোকৰ দুটোপাল চকু পানী তাইৰ মুখত পৰিল..আজি তাই শ্লোকৰ মুখখন নিজৰ হাতত ললে ...চকু পানীত দুটা চুমা আঁকি দিলে আলফুলে।
মৰমবোৰ কেতিয়া জী উঠে ... এজনে আনজনক কেনেকৈ জীয়াই তোলে ? যেতিয়া এই চকু পানী বোৰত চুমা আঁকিব পাৰে। সিহঁতে নাজানে। জানিব নোখোজে।
"শ্লোক,ভাগি পৰা দীয়া জনীক মৰমৰ,ভালপোৱাৰ সংজ্ঞা শিকাই তুমিয়েই যদি হতাশ হোৱা কেনেকৈ মই উশাহ ল'ম ?"
"ন' দীয়া,মই ভাগি পৰা নাই ...আকৌ জীয়াব মন গৈছে দেখোন । তোমাক যদি মই দহ বছৰ আগেয়েই লগ পালোঁ হয়! "
"তুমি জীয়াই থাকিবা, যেতিয়া লৈকে মই উশাহ লৈ থাকিম শ্লোক"
"সন্ধিয়া মই গুচি যাম আজি শ্লোক,নিজৰ ঘৰ খনলৈ"...
"দীয়া..."
"অঁ..."
"দীয়া....."
মইও কিবা কওঁ নে ?
"কোৱা"
..মোৰ মৃত্যুৰ খবৰ তুমি যাতে কেতিয়াও গম নোপোৱা...কেতিয়াও যাতে চেষ্টা নকৰা জানিবলৈ মোৰ মৃত্যু। ...মই জীয়াব খোজো তোমাৰ মনত....প্লিজ । মোৰ মৃত্যুৱে হয়তো তোমাক চৰম সত্যৰ মুখামুখি কৰোৱাব। সেই সত্যৰ পৰা তুমি আঁতৰি থাকিবা প্লিজ।
"শ্লোক,কথা দিলোঁ" মই ঘূৰি নাচাও তোমালৈ...কথা দিলোঁ , খবৰো নলও ।
গাড়ী খনৰ দৰ্জা খুলি দিলে শ্লোকে , "দীয়া বহা..."
শেষবাৰৰ বাবে শ্লোকৰ বুকুৰ মাজত সোমাল দীয়া....আজি তাই কান্দিব নোৱাৰে,হাঁহি বিদায় ল'ব ।
"দীয়া,অগলা জনম কিন্ত তুমি মাথোঁ মোৰ, ইউ আৰ বুকদ ফৰ শ্লোক " - আকৌ সেই হাঁহি....।
চলি থকা গাড়ীৰ ছিটত মূৰতো হেলান দিলে তাই...উশাহ ল'ব পৰা নাই তাই ....কষ্ট হৈছে। বুকুত এটা শিল লৈ এই যাত্ৰা বৰ কষ্টকৰ ।
কিছু দূৰ আহি গাড়ী ৰখাই পাহাৰৰ দাঁতিত বহি পৰিল তাই....তাইৰ বুকু ভঙা কান্দোনৰ আজি প্ৰতিধ্বনি নাহিল পাহাৰৰ বুকুত....তাই কান্দি থাকিল .....!
बहुत चाहा उसको जिसे हम पा न सके,
ख्यालों में किसी और को ला न सके,
उसको देख के आँसू तो पोंछ लिए,
लेकिन किसी और को देख के मुस्कुरा न सके।
**
গাড়ীত লাগেজবোৰ উঠোৱাত দেৱ ব্যস্ত,লগতে ফোন। ..দীয়াই তাইৰ প্রিয় নীলা ৰঙৰ কুৰ্তীটো পিন্ধি ওলাই আহিল। চিমলা এৰাৰ সময় সমাগত ....চিমলা নহয় ....তাইৰ জীৱনৰ এক অধ্যায় এৰাৰ সময় সমাগত।...এবাৰ ইফালে সিফালে চালে । .
.কৰবাত দেখে নেকি ..শ্লোকে মনে মনে চাই থকা ??
"মেডাম, য়েহ গিফ্ট ভেজা আপকে লিয়ে,এক চাহাব নে " পাহাৰীয়া ল'ৰা এটাই আহি দীয়াক পেকেট এটা দিলে ....।
খুলি চাই দেখে শ্লোকৰ গীটাৰ খন। ...তাৰ প্রিয় গীটাৰ খন....দৌৰি গ'ল তাই...ক'ত শ্লোক...?
"দীয়া, আমি লেট হৈছোঁ, জলদি আহা..." দেৱৰ মাতত উভতি আহি গাড়ীত বহিল তাই...। দুচকত ধাৰাসাৰ চকুপানীৰ বান। মুখ ঘূৰাই দেৱৰ দৃষ্টিৰ পৰা নিজকে আঁৰ কৰি বহিল। দেৱ তেতিয়াও ফোনত ব্যস্ত। জবাই তাইৰ মুখলৈ চাই ৰল মাথোঁ... শ্লোকৰ প্ৰেমত পৰি ককবকাই তেজৰ চকুলো বোৱাই থকা হৃদয়খন চাগে তাই পঢ়ি পেলাইছিল ।
চিমলা এৰি গাড়ী খনে গতি ল'লে....পাহাৰ বোৰ...শাৰী শাৰী পাইন গছ বোৰ এৰি ।খিড়িকীৰে তাইৰ দুচকুৱে বিচাৰি ফুৰিল শ্লোকক...
ছয়া ময়া কৈ যেন দেখিলে হুদী পিন্ধি হাত জোকাৰি থকা শ্লোকক। ..ঘূৰি ঘূৰি চালে.... নাঃ তাইৰ ভ্ৰম চাগে...আকৌ চালে..নাই ...ভ্ৰমেই হয় । "ভালপোৱা "নিজেই দেখোন এটা ভ্ৰম ...
পাইন গছৰ আঁৰত তাইক এবাৰ চাবলৈ আহি নিজক লুকুৱাই ৰখা শ্লোকক তাই ভ্ৰম বুলিয়েই ভাবি ল'লে ।
গাড়ীত বাজি উঠিল গান....
ऐसा कोई दिल नहीं जो कभी टूटा नहीं कांच से उम्मीद क्या रखना ऐसा कोई दिल नहीं जो कभी टूटा नहीं कांच से उम्मीद क्या रखना ...
No comments:
Post a Comment