Monday, December 2, 2019

ভালপোৱাৰ এজাক বৰষুণ (১৮)


ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি দেৱ ওলাই গ'ল । চিমলাৰ এপেল গাৰ্ডেনত ইনভেষ্ট কৰিছে টকা ।
এবাৰো নক'লে "দীয়া যাবা নে ,আহা ফুৰি আহোঁ" বুলি !
মাত্ৰ কৈ গ'ল "পেকিং কৰি ৰেডি হৈ থাকিবা, কিবা কৰিব লগা আছে যদি কৰি লোৱা । সন্ধিয়ালৈ ওলাম আমি"

...মোবাইলটো বাজি উঠিল দীয়াৰ । অচিনাকি নাম্বাৰ এটা ।

:হেল্ল ,তুমি দীয়া নে? পুৰুষ কণ্ঠ ।

:হয় ..কোনে কৈছিল ।

:মই শ্লোকৰ পিতৃ ।

:শ্লোক ..ক'ত আছে শ্লোক..ভালে আছে নে?- দীয়া চিঞৰি উঠিল।

:তুমি এতিয়া আহিব পাৰিবা নে?

:কওক  আগতে ..প্লিজ  কওক..শ্লোক ভালে আছে নে ?

:ঠিকনা তো মই মেছেজ কৰি দি আছোঁ । যিমান সোনকালে পৰা আহি যোৱা ।

মোবাইলটো কাট খোৱাৰ লগে লগে
দীয়াই দৌৰি গাড়ীৰ বহিল । চালকক নিৰ্দিষ্ট ঠাইলৈ লৈ যাবলৈ নিৰ্দেশ দিলে।
কি হ'ল ...শ্লোকৰ? ভগৱান..ভালে ৰাখিবা । - দীয়া কঁপি উঠিল।
কিবা এক ভয়াবহ সম্ভৱনাত তাইৰ ভৰি হাত চেঁচা পৰি গ'ল।
  এটা  ধুনীয়া ঘৰৰ সমুখত ৰ'ল দীয়াৰ গাড়ী । ..কলিং বেলত আঙুলি দিলে ভয়ে ভয়ে । এগৰাকী পৌঢ় ব্যক্তিয়ে দুৱাৰখন খুলি দিলে।

:তুমি দীয়া?


:শ্লোক ক'ত?
   আহা...মানুহজনৰ পিছে পিছে দীয়া সোমাই গ'ল। ডাঙৰ ৰুম এটাত,বিছনাৰ কাষত চেলাইনৰ বটল ,ঔষধ.. । বগা নেটৰ পৰ্দাৰ আঁৰত বাৰাণ্ডাত গীটাৰ বজাই আছে শ্লোকে ।

:শ্লোক ...

: দীয়া তুমি?

:পাপা...তুমি দীয়াক ???

পৌঢ় ব্যক্তি জনে  শ্লোকৰ গালে মুখে হাত ফুৰাই  ৰুমৰ পৰা ওলাই গ'ল   ।

দৌৰি বুকুৰ মাজত সোমাই পৰিল দীয়া । সাৱটি ধৰিল শ্লোকক....ক'ত হেৰাই গৈছিলা তুমি শ্লোক । কি হৈছে তোমাৰ কোৱানা...মই আজি যে গুচি যাম শ্লোক ...তোমাক এৰি..এই চিমলা এৰি..কথা দিয়া মোক ,সদায় থাকিবা মোৰ কাষত...য'তেই নাথকা কিয় ...?

মই তোমাৰ লগত ইচ্ছা কৰিলেও থাকিব নোৱাৰিম দীয়া.....মোৰ যে হাতত সময় বহুত কম । তোমাক মই লগ কৰিব খোজা নাছিলোঁ ...ক'ব খোজা নাছিলোঁ একো..ভাবিছিলো তুমি বুকুত খং অভিমান লৈ চিমলা এৰি গুচি গলে মোক পাহৰি যাবা ......।পাপাই হয়তো মোৰ কষ্ট খিনি ...সহিব নোৱাৰিলে ,তোমাক লৈ আহিল।
  কিয় ..কিয়...কিয়...সময় নাই মোৰ বাবে তোমাৰ হাতত ...কিয়.....কলাৰত ধৰি জোকাৰি কৈ উঠিল দীয়াই ,কি লুকুৱাইছা ..মোৰ পৰা ? কোৱা শ্লোক ?
"দীয়া"..বুকুৰ মাজত সাৱটি ধৰিলে শ্লোকে ।
"দীয়া, I am suffering from Bone cancer..and its the last stage "

....চাৰিওফালে চলি থকা ধুমুহাজাক যেন ৰৈ গ'ল .....
নিজকে প্ৰচণ্ড আঘাতৰ পৰা স্থিৰ কৰি দীয়াই সুধিলে "ইমান টান আছিল নে শ্লোক..সঁচা কথা খিনি ক'বলৈ । কিয়? কিয় লুকাই থলা নিজক??

"নিজক তোমাৰ পৰা নহয়...নিজৰ পৰা লুকুৱাইছোঁ । নিজৰ অসমৰ্থতা খিনিক.....তোমাক নিৰাপত্তা ,মৰম দিম বুলি বিশ্বাস লৈও আজি মই হাৰি গ'লো নিজৰ ওচৰত ।"

"কিয় শ্লোক...কিয় হৰুৱাই পেলালা মোক?  ভালপোৱা ,বিশ্বাসৰ খেলত ।। এবাৰ বিশ্বাস কৰি কৈ চালা হেতেন যদি..সঁচা কথা খিনি" । য'ত এইখিনি বিশ্বাস...ভালপোৱাই নাই ...তাত এই সম্পৰ্ক কিহৰ ?
চকু মুদি সকলো সুখ দুখঃৰ কথা নিসংকোচে ক'ব পৰা ব্যক্তি কেইজন পাওঁ জীৱনত?? যদি পাই যাও...তেন্তে হেৰুৱাই পেলোৱাৰ ভয় আহে ,,কিয় ? ভালপালেই যে আমি স্বাৰ্থপৰ হৈ যাওঁ নিজে"

দীয়া... তোক আকৌ এবাৰ জীবনে, অনুভৱ বোৰে প্ৰতাৰণা কৰাৰ পথত ..ভুল তোৰ নহয়,তোৰ নিয়তিৰ ...কিছুমানৰ কপালত সঁচা মানুহবোৰ লিখা নাথাকে..

 নজনাকৈয়ে,নিবিচৰাকৈয়ে...." জোৰেৰে সাৱটি ধৰিলে দীয়াই...।

" ঘূৰি ফুৰি গান গাই ভাল পোৱা মই যেতিয়া গম পাইছিলো,জীৱনৰ মাত্ৰ কেইটামান দিন হাতত আছে ,গুচি আহিছিলোঁ চিমলা লৈ....জীৱনৰ মোহ এৰাৰ সময়ত মই  তোমাৰ লগতে নিজৰ জীৱনৰ প্ৰেমত পৰি গ'লো....তোমাক লগত লৈ স্কেটিং কৰিলোঁ,গীটাৰ বজায় গান গালো...তোমাক লগ পোৱাৰ পৰা...সদায় আহি পাপা ৰ কোলাত মূৰ দি তোমাৰ কথা কৈ কান্দিছিলোঁ "পাপা...জীয়াব পাৰিম নে আৰু এবাৰ,প্লিজ ।সময় মোৰ হাতত বহুত কম দীয়া...তুমি ইয়াৰ পৰা গৈ ঘৰ সোমাই থান থিত লগোৱা মানে হয়তো মই নাথাকিম ...তোমাক জীয়াব শিকাই মই নিজেই জী গ'লো মোৰ জীৱন দীয়া । এই জনম নহয় ..অহা জনমত আকৌ আহিবা চিমলা...লগ হ'ম ,কথা পাতিম আৰু মই তোমাক পলুৱাই লৈ যাম। " ...আকৌ সেই হাঁহি ..নিজৰ মৃত্যুৰ কথা কৈ কোনে হাঁহিব পাৰে বাৰু ....!

দীয়াৰ কাণত ভাহি থাকিল ...শ্লোকৰ  সেই কথাবোৰ....।

"ভগৱানতকৈ মোক কোৱা, কি খুজিছা..সোনকালে খবৰ পাই যাব"- দীয়াৰ বুকুত ভালপোৱাৰ কাঁচৰ ঘৰ ঠনঠনকৈ ভাগিব ধৰিছে।

শব্দবোৰে যেন কাণত কোৰ্হাল কৰি আছেহি। জোৰেৰে তাই কাণত হাত দি ৰৈ যায়। নিজকে চম্ভালি শ্লোকৰ কপালত চুমা এটি খালে দীয়াই...বুকুৰ মাজত সাৱটি ল'লে..কিবা এটা খোজো নে তোমাক?

:মোৰ হাতত নো কি আছে তোমাক দিব পৰা দীয়া...?

:তোমাক দি দিয়া...মোক । এবাৰ মোৰ হৈ যোৱা ..মোক তোমাৰ কৰি লোৱা ।

:দীয়া !!!!!!!!

:মোক নিজৰ কৰি লোৱা...শ্লোক ।- দীয়াই এক কঠোৰ আৰু অভাৱনীয় সিদ্ধান্ত এটা লয়।

     সময়বোৰ যেন ৰৈ যায় ..... দুয়োৰে ঘন উশাহৰ মাজত । ...এক হৈ পৰে দুটি মন,দুটি দেহ...দুটি প্ৰেমিক মন। দীয়াই শ্লোকক ধাৰণ কৰি লয় দেহত, তেজত, আত্মাত । য'ৰ পৰা শ্লোক কোনোকালেই বিচ্ছিন্ন নহ'ব দীয়াৰ পৰা।দীয়াৰ দেহত শেষ বিন্দু তেজ থকালৈকে শ্লোকক লৈ ফুৰিব । ......প্ৰেম স্বৰ্গীয় ...সদায় স্বৰ্গীয় ।

एक सपने की तरह सजा कर रखु
अपने इस दिल में हमेशा छुपा कर रखु
मेरी तक़दीर मेरे साथ नहीं वर्ना
ज़िंदगी भर के लिए उसे अपना बना कर रखु ।
 ।

No comments:

Post a Comment