সাৰ পাই বিছনাতে পৰি ৰল দীয়া, ঘড়ীটোলৈ চালে...ন টা বাজিছে ।
যাব নে নাযাব ? যাম বুলিও কৈ দিলো...এতিয়া নগলেও বেয়া দেখি ।
কত বা লৈ যায় ফুৰাব....
একো নাই...চাওঁ বাৰু অপৰিচিত কোনোবাৰ লগতে কিছু সময় অতিবাহিত কৰি । নিজৰ ভাল লগা নলগা প্ৰায় পাহৰি যোৱা সময়তে কোনোবাই যেতিয়া কৈ উঠে" আপুনি ভালপোৱা, আপুনি ভালপায় ন "...মন্ত্ৰমুগ্ধ ভাবে সেই ভাললগা খিনিৰ প্ৰতি মানুহ আকৰ্ষিত হয় পৰে । অবুজ সাঁথৰ ....
মালৰোডলৈ নামি আহিল দীয়া....আধা ঘন্টা লেট হল তাই ।
এতিয়া হে ভাবিলে ,যাম বুলি তো কৈ দিলে কিন্ত শ্লোক থাকিব কত?কত লগ পাব একো দেখোন নুসুধিলে । ছেহ...কি কৰে এতিয়া ।
"গুড মৰ্নিং দীয়া মেম"
পিছপিনে শ্লোক .." ভাবিছে চাগে কত লগ পাম এই পাগল তোক ইয়াত" ।
"নহয় মানে...মই...
আচৰিত ভাৱে মাইণ্ড ৰিদ কৰা তুমি শ্লোক ..
আৰে ..মেম , মাইণ্ড ৰিদ নহয় Only Guess .
"তহ..হম চ'লে?"
"যাম কত?"
"গ্ৰীণ ভেলী"
......
:"চিমলাৰ গ্ৰীণ ভেলী...কুফৰী যাওঁতে ৰাস্তাত দেখিছে চাগে আপুনি মেম" কা'ৰ খন ড্ৰাইভ কৰি শ্লোকে কৈ উঠিল ।
:"উম উম"
:বহুত ধুনীয়া ঠাই কিছুমান আছে সৰু সৰু টুৰিষ্ট যোৱা নাই বাবে এতিয়াও ধুনীয়া হৈয়ে আছে ।
ধুনীয়াবোৰ তেতিয়া হে ধুনীয়া হৈ থাকে যত কৃত্ৰিমতাৰ প্ৰলেপ নপৰে ...
সেউজীয়া পাহাৰেৰে ঢকা গ্ৰীণ ভেলী ... বাঢ়ি অহা প্ৰদূষণৰ বাবে আগৰ দৰে সতেজ নহয় ।সৰু পাহাৰীয়া ৰাস্তা এটা দি অকাই পকাই গাড়ী খন চলাই নিলে ।
দীয়াৰ অলপ মূৰ তো ঘূৰালে , গাড়ীত উঠাৰ আগতে টেবলেট এটা খাই লয়,আজি পাহৰিল। তাতে পাহাৰীয়া ৰাস্তা । বমি বমি ভাৱ আহিল তাইৰ ।
কি কৰে এতিয়া...কেনেকৈ কয় ,লাজো লাগিল দীয়াৰ ।
শ্লোকে গাড়ী খন হঠাৎ ৰখাই দিলে , অলপ ইয়াত নামো আহক মেম..খুব ধুনীয়া ভিউ ।
উফ...ৰক্ষা পৰিল দীয়া ..
গাড়ীৰ পৰা নামি দীঘল কৈ উশাহ তো ললে ।
শ্লোকয়ে পানীৰ বটল এটা আগবঢ়াই দিলে ।
"এতিয়া ভাল লাগিছেনে , বহুতৰ পাহাৰীয়া ৰাস্তাত বমি লাগে ,its nothing new ..."
"তুমি মোৰ গা বেয়া হোৱা বুলি গম পাইছিলা"
"মেম , সৰু ছোৱালী এজনীৰ দৰে প্ৰতিটো বস্তু ইমান আগ্ৰহেৰে চাই যোৱা আপুনি যেতিয়া চকু দুটা মুদি গাড়ীৰ ছিটত হেলান দিলে তেতিয়াই গম পাই গলো ,Its a guess as always"
দীয়াই মাত্ৰ মুখৰ পিনে চালে ।
এই "Guess"বোৰক আচলতে কি?জীৱনত যেতিয়া আপোনাৰ বিষয়ে এই Guess বোৰ কৰা মানুহ বোৰ কমি যায় ,নিজৰ মাজতেই অকলশৰীয়া হৈ পৰা যায় ।
"আহক,কিবা এটা খাই লও, কিবা মানে ইয়াত মেগী পাব মাত্ৰ"
"মেগী ভাল পোৱা?"
"মই একো বেয়া নাপাওঁ,বেয়া পোৱা ভালপোৱা মোৰ সময়ে ডিচাইড কৰে,মই নহয় ।
"মানে?"
"মানে মই মেগী ভাল নাপাম যদি আপুনি ৰাতি ডিনাৰত লব কয়, কিন্ত এতিয়া এই সময়ত এই ঠাণ্ডাত যদি মোৰ প্ৰিয় খাদ্য কি বুলি সোধে, মই কম "মেগী" কাৰণ ইয়াত বেলেগ অপচনো নাই ।"
"অকে অকে..খাওঁ বলক"
...
"শ্লোক,চিমলাত তুমি থকা নে, ফুৰিব আহিছা"
গাড়ী চলাই থকাৰ পৰাই শ্লোকে কলে "মই আচলতে হনীমুনত আহিছোঁ"
:হা?????
:হনীমুনত মেম ..নিজৰ লগত,নিজৰ লগতেই কিছু ভাল লগা সময় কটাব আহিছোঁ " দীয়াৰ মুখৰ এক্সপ্রেচন দেখি শ্লোক হাঁহিত ৰব নোৱাৰা হল...
:আপুনি?
:মইও হনীমুনতে আহিছোঁ ,যদিহে হনীমুন নিজৰ লগত হয় ।
:অঃহ গ্ৰেট তে ।
গাড়ীখন এক ঠাইত ৰখাই দিলে ..ইয়াৰ পৰা অলপ খোজ কাঢ়িব লাগিব মেম । সৰু ৰাস্তা এটাই দি দুয়ো আগবাঢ়িল ।
This is Beautiful Shimla....শ্লোকে কৈ উঠিল।
দীয়া যেন এক মায়াবী জগতত সুমাই পৰিল, পাহাৰৰৰ বুকুত ফুলেৰে ঢকা বাগিচাএখন ,উৰি থকা মেঘ বোৰ যেন হাতেৰে চুই দিব পৰা যায় ,চাৰিওপিনে শুকুলা পাহাৰ ।
"ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া "
চিঞৰি উঠিল দীয়াই ...ফুল বোৰ চুই চুই হেঁপাহ নপলাব যেন তাইৰ ।
ঘূৰি চালে তাই..শ্লোকে তাইক চাই হাঁহি আছে ।
"অনুভৱ কৰিব খোজে নেকি এই পৰিবেশ তো"
আহক ...ইয়াত,
পাহাৰৰ দাঁতিত থিয় দিলে দীয়াই ।
"চকু দুটা মুদি হাত দুখন মেলি দিয়ক,দীঘলকৈ উশাহ তো লওক ,এৰি দিয়ক নিজক"
দীয়াই এৰি দিলে নিজক ।
শীতল বতাহ এজাকে যেন তাইৰ গাল মুখত গোটেই পাহাৰৰ ফুলৰ সুগব্ধি খিনি ছটিয়াই থৈ গল ।
অজানিতে চকুৰ পানী ওলাল তাইৰ । বহুত সময় চকু দুটা মুদি থিয় দি কান্দি থাকিল নিজৰ অজানিতেই ।
চকু পানী বোৰো যে..অজুহাত লাগে মাথোঁ জীৱনটোৰ প্ৰতি থকা অভিমান বোৰ বোৱাই দিয়াৰ বাবে ।
কিমান সময় থিয় দি থাকিল তাই নিজেই নাজানে । শ্লোক তাইৰ পিছপিনে থিয় দি আছে ।
"চৰী শ্লোক "
"কিহৰ বাবে চৰী কৈছে "
বহুত সময়ত নির্জনতাত নিজৰ লগত কথা পতাতো জৰুৰী হৈ পৰে ,নিজৰ লগত আমি কেইটাই কথা পাতো, নিজক সুধি পাইছেনে কেতিয়াবা, দি পাইছেনে মাত্ৰ এটা দিন ,"আজিৰ দিনটো মাত্ৰ মোক দিছোঁ বুলি"..
দীয়া মেম..আপুনি নিজক সময় বহুত কম দিয়ে ন?
"আমি যাওঁ নেকি শ্লোক "
:হমমম...
...
"ঠেংক ইউ শ্লোক ,খুব ধুনীয়া দিন এটা গল আজি,খুব ধুনীয়া ঠাই " গাড়ীৰ পৰা নামি দীয়াই কলে
"আপোনাৰ চকুপানী খিনিৰ বাবে মই চৰী,বাই মেম "
একো নকলে দীয়াই...
নিজৰ লুকুৱাই থোৱা চকুপানী খিনি আজি ধৰা পৰি গল অচিনাকি যুৱক এজনৰ আগত । লাজ লাগিল নিজৰ ওপৰতে দীয়াৰ ।
বিচনাত শুই তাই ভাবিলে শেষ কেতিয়া এটা দিন তাই মাত্ৰ মাত্ৰ নিজক দিছিলে ... জীৱনৰ বহুত পৃষ্ঠা লুটিয়াইও বিচাৰি নাপালে ।
**********************
No comments:
Post a Comment