দেৱ আহি সাৱটি ধৰিল দীয়াক..."কটেজ তো বহুত ধুনীয়া ন..তোমাৰ ভাল লাগিছে নিশ্চয়"
"দেৱ...এবাৰ সুধি তো লোৱা কেনে আছা তুমি বুলি"
"ভালেই আছা, কাৰণ আগতকৈ বেছি ধুনীয়া হে দেখিছোঁ তোমাক" চুলি খিনি খুলি দিলে তাইৰ ....ভয় লাগিল দীয়াৰ ,তাইৰ আজি লব মন নাই ..দেৱ ৰ মৰম খিনি ..
"কি হল? মিছ কৰা নাই এই মোৰ মৰম খিনিক?"
পুনৰ সাৱটি ধৰিলে তাইক...
"দেৱ না..প্লিজ ,আজি নহয়,বলা চোন ফুৰি আহোঁ, চাই আহোঁ একেলগে ৰাতিৰ চিমলা খন"
শুনাৰ সময় নাছিল দেৱ...বহুত দিন হল দীয়া,I need it..
বহুত দিনৰ মূৰত আহিও দীয়াৰ মনতকৈ শৰীৰৰ মৰম বেছি বিচাৰি উঠিল দেৱে...
বিচনা খনত বাগৰাই ললে...দেৱ ,প্লিজ মন নাই ,আজি নহয় ।
দেৱে নুশুনিলে..আজি বুলি নহয়..কেতিয়াও নুশুনে..দেৱৰ মৰমৰ প্ৰকাশ এইয়া ...
বহু বাৰ চকু মুদি নাটক কৰি গৈছে দীয়াই দেৱৰ লগত বিছনাত ...বিয়া হৈ পত্নী হৈ যোৱাৰ পিছত দেহ তোৰ গৰাকী হয় পৰে স্বামী... তেওঁৰ ইচ্ছাত ধৰা দিব লগা হয়...নিজৰ একো নাথাকে ।
দেৱ ৰ দৰে একসময়ৰ প্ৰেমিক স্বামী বোৰৰ বাবে এইয়া মৰমৰ হে অভিব্যক্তি । চেক্সত যেতিয়া মৰম বোৰ কমি মাত্ৰ দৈহিক ক্ষুধাই ঠাই লয় তেতিয়াই এইয়া বিৰক্তিত পৰিনত হয় মৰম আকলুৱা দীয়াৰ দৰে পত্নী বোৰৰ বাবে ।
.....
দেৱ শুই পৰিল..বিছনাৰ পৰা উঠি দীয়া বাৰাণ্ডাত বহিল..এতিয়ালৈ শ্লোকৰ কোনো খবৰ নাই..চিন্তাৰ লগতে অশান্তি লাগিল তাইৰ..
তাইৰ বুকু খন বিষাই গল"বহুত কষ্ট পালোঁ মই এই প্ৰেম ,ভালপোৱাত ।। লগ নোপোৱা হলেই ভাল আছিল শ্লোকক । লগত থাকিলে সি যেন সদায় মোৰেই হৈ থাকিব কিয় এনেকুৱা কিয় মিছা আশা জাগে মোৰ । ইয়াৰ পৰা যোৱাৰ পিছত ঘৰ সংসাৰৰ দায়িত্বত তাক আৰু মই সময়,মন একো দিব ? মইও জানো...দোষী অনুভৱ কৰিম বুলি কেতিয়াও সি মোক সুযোগো নিদিলে ...সদায় মোৰ দীঘল চুলিটাৰীত মুখ গুজি কৈ গৈছিল..ধুনীয়া সময় বোৰৰ স্মৃতি বোৰে আমাৰ মৰম জীয়াই ৰাখিব আজীৱন ...
समेट कर रखे ये कोरे पन्ने एक रोज
बिखर जाएंगे …
जिंदगी तेरे किस्से खामोश रहकर
भी बयां हो जाएंगे…
कोई अजनबी ख़ास हो रहा है,
लगता है फिर प्यार हो रहा है !!
অ...শ্লোক ক'ত আছা তুমি...অহাকালি সন্ধিয়া গুচি যাব লাগিব তাই দেৱৰ লগত.....কত পাম শ্লোক তোমাক ।
समंदर बेबसी अपनी किसी से कह नहीं सकता.. हजारों मील तक फैला है फिर भी बह नहीं सकता.....
*************
No comments:
Post a Comment