Monday, December 2, 2019

ভালপোৱাৰ এজাক বৰষুণ (১৩)


ভয় ভয় কে উঠি আহিল দীয়া ,তুমি কত আছা কোৱা..প্লিজ ।
দৰ্জা খোলক আপোনাৰ ঘৰৰ সমুখত ..

দৰ্জা খুলি ....আচৰিত হল দীয়া ...

হাঁহি মুখে ৰৈ আছে জবা আৰু শ্লোক ।

"শুভ জন্মদিন দীয়া মেম "জবাই কৈ উঠিল ।

আজি তাইৰ জন্মদিন..মনত পৰিল তাইৰ ।

"তুমি মানুহৰ হাৰ্ট এটাক কৰাই দিবা "

শ্লোকক ভুকু এটা মাৰি কৈ উঠিল দীয়াই ।
"May I?"

শ্লোক ৰ হাত খন ধৰি বাৰাণ্ডাৰ পৰা নামি আহিল তাই ।

চোতালত এটা ৰঙা গাৰ্ডেন আমব্ৰেলা, দুখন চকী, সৰু টেবল খনত এটা ৱাইন বটল ,কেক আৰু তাইৰ প্রিয় হালধীয়া গোলাপৰ ফুল ,চকলেট...

এইবোৰ কেতিয়া কৰিলা..

জবাই হাঁহিলে "সৱ শ্লোক চাৰে কৰিছে ,মই যাওঁ মেম..কিবা দৰকাৰ হলে মাত দিব "

চকী খন আগবঢ়াই বহিব দিলে তাইক শ্লোকে ।

"Here you are Birthday Lady"
আঁঠু কাঢ়ি কেকতো হাতত লৈ বহি পৰিল শ্লোক । কেক তো কাটি লে ...তাই তাৰ হাততে ...
গ্লাছত ৱাইন ঢালিলে ...Cheers to a lovely lady ..
চিমলাৰ  স্ন ফলৰ মাজত তাই, শ্লোক ...চকলেট, ফুল,কেক,ৱাইন...কেণ্ডেল..আৰু কেতিয়াও যেন শেষ হৈ নাযাওক ..তেনে সময়বোৰ ।
জন্মদিন কি ইমান ধুনীয়াও হব পাৰে...সপোনৰ দিন দেখোন এইটো । সদায় দেখা এটা সপোন ,সপোনো সঁচা হব পাৰে নে.....তাইৰ জীৱনৰ বেয়া পোৱা দিনটো ইমান মোহনীয় হব পাৰেনে....

উঠি আহি ..দুহাত মেলি দিলে তাই ...তাইৰ চকুৰ পৰা পানী আজিও ওলাল ...বাধা দিব নোৱাৰিলে...ওচৰত শ্লোক থিয় হল ।
"আজি তো কম ছে কম নাকান্দিবা দীয়া" তাইৰ মুখখন দুহাতৰ মাজত লৈ কলে শ্লোকে ...

"সাৱটি ধৰিলে তাই শ্লোকক...কিয় আহিলা মোৰ জীৱনত শ্লোক,কিয় ? এইয়া ভুল সময়ত আহিলা"
বুকুৰ মাজত সোমাই কৈ উঠিল তাই...

"সীমাৰ বাহিৰত  যাতে মোৰ মনটো গুচি নাযায় সেই চেষ্টাত মই ভাগৰি পৰিছো ,প্ৰতি বাৰেই তুমি আহি  সীমাৰেখা ডাল দুর্বল কৰি গুচি যোৱা ,কিয় শ্লোক,কিয়?"

শ্লোকৰ সবল দুবাহুয়ে তাইক বান্ধি পেলালে বহুত সময় ।
তাইৰ মুখখন সি হাতত ললে । বহুত সময় চাই থাকিল ।
তাইৰ গালত চকুপানী দুটোপালত সি দুটা চুমা আঁকি দিলে ..চকু দুটাত ।
তাইৰ কপালত ...
তাইৰ নাকত...
তাইৰ ওঁঠত...
পাহৰি গল তাই...তাই যে কোনোবাৰ পত্নী ,বাধা দিবও শক্তি নোহোৱা হৈ গল তাইৰ ,কুৰুকি যেন সুমাই যাব শ্লোকৰ বুকুত ...
দেৱৰ বুকুৰ মাজত বিচাৰি নোপোৱা নিৰাপত্তা খিনি কিয় তাই শ্লোকৰ বুকুত বিচাৰি পাইছে....কিয় ।
অ অবুজ মন...আৰু নেখেলিবি মোৰ লগত ।
এই ভুলবোৰ কেতিয়াও ভাল হৈ নুঠে ।

"শ্লোক প্লিজ এৰা মোক..." শ্লোকৰ বাহুৰ পৰা ওলাই আহিল তাই ।
"আমি ভুল কৰি আছো, ভুল ...বহুত ডাঙৰ ভুল"
পিছপিনৰ পৰা সাৱটি ধৰিলে শ্লোকে...মোৰ ভুল কৰিব মন গৈছে দীয়া, নাজানো কিয়...তোমাৰ প্ৰেমত পৰি ভুল মোৰ হৈ গল দীয়া ।

"আই লাভ ইউ দীয়া,I need you because I love you  "
কি কৈছা দেৱ...আকৌ এবাৰ  কোৱানা...প্লিজ ..
"I need you because I love You"

আকৌ এবাৰ সাৱটি ধৰিলে দীয়াই  শ্লোকক....

ভালপোৱা বোৰ এনেকৈয়ে...অজানিতে, অলক্ষিতে ..ভুল ...শুদ্ধৰ বিচাৰ নকৰাকৈ মনত থিতাপি লয়....
মৰমবোৰ দুহাতেৰে সাৱটি লব ইচ্ছা যায় ....

"শ্লোক, আমি পাপ কৰিছোঁ "

"ভালপোৱা পাপ কেতিয়াও নহয় দীয়া,ভালপোৱা পাপ কেতিয়া হয় জানা,যেতিয়া এই ভালপোৱাই অইন  কাৰোবাক ধংশ কৰে...অইন কাৰোবাক কষ্ট দিয়ে..

তুমি যদি কালিৰ পৰা মোৰ লগত কথাও নপতা,লগ নধৰা মই এটা অভিযোগ নিদিওঁ । মই মাত্ৰ তোমাক ভাল পাওঁ ...

"কি নাম আমাৰ আত্মীয়তাৰ ?"

নাই .. নাম ,পৰিচয়  যিয়েই নহওক...কোনোবা বন্ধু বা প্ৰিয়জন বা কোনোবা..
এইয়া মাত্ৰ  এক সঁচা সম্পৰ্ক।
......

আকৌ এবাৰ বুকুত সুমাই গল তাই ।

******************

No comments:

Post a Comment