Sunday, December 1, 2019

ভালপোৱাৰ এজাক বৰষুণ (১০)

শ্লোকৰ লগত তাই ..চিমলাৰ আপেল গাৰ্ডেন
ত । পাহৰি যাব মন গল তাইৰ সকলো । পখিলা এজনী হৈ পৰিল ।
আজি তাই নিজক সময় দিব , বহুত দিনৰ মূৰত ।
শ্লোকৰ লগত  তাই দৌৰিছে, জপিয়াই আপেল ছিঙিছে, বৰফৰ বল বনাই দলিয়াইছে....
প্ৰাণ খুলি হাঁহিছে....শ্লোকৰ জকচ বোৰত ।

আইচ স্কেটিং কৰিব দীয়া ? বৰফৰ পাহাৰ খনত থিয় দি সুধিলে শ্লোকে ।

পিচলি পৰাৰ ভয় মোৰ । পাৰিলে শুকান ঠাইতো পৰো মই ।
"মই আছোঁ নহয় ,কিহৰ ভয়? আহা..

"মই আছোঁ নহয়...কিহৰ ভয়?
প্ৰথম জীৱনত কোনোবাই তাইক কলে এইষাৰ কথা....
সৰুতে তাই বিচাৰিছিল তাইৰ ব্যস্ত দেউতাকে মূৰত হাত ফুৰাই কওক" মই আছোঁ নহয়"

দেৱে বুকুৰ মাজত লৈ কোৱাতো  বিচাৰিছিল "মই আছোঁ নহয়"

কৰবাত বিচাৰি বিচাৰি ভাগৰি গল ...আজি হঠাৎ এই কথাষাৰে তাইক জোকাৰি গল ।

তাই নিজৰ হাতখন শ্লোকক দিলে ।পিছপিনৰ পৰা সাৱটি ধৰিলে ককালত ।
একো কব নোৱাৰা হৈ পৰিলে তাই...জথৰ হৈ পৰিল ।
ৰেদি...1,2,3...  বৰফৰ বুকুত তাই আৰু শ্লোক ।
কপাহ ৰ দৰে তাই যেন উৰি থাকিব এনেকৈয়ে চকু দুটা মুদি ....
কিমান সময় তেনেকৈ বৰফত স্কেটিং কৰি থাকিলে গম নাপালে, এঠাইত আহি হুৰমূৰ কৈ বাগৰি পৰোঁতে হে গম পালে...
"দুখ পালে নে দীয়া"
"নাই নাই নাই পোৱা" শ্লোকৰ গাৰ পৰা উঠাৰ চেষ্টা কৰি আকৌ দুবাৰ পিচল খালে তাই ।
তাইৰ বাহুত ধৰি উঠাই দিলে শ্লোকে ।

লাজত কান মূৰ গৰম হৈ গল তাইৰ ।
"হেৰি মানে আজি ইয়াত পাহাৰৰ বৰফ খহাৰ সম্ভাৱনা আছে "
"অ মা, কেতিয়া ,কেনেকৈ গম পালা"

"অলপতে , দীয়া মেদাম পিচল খাই পৰাৰ পিছত " আকৌ সেই হাঁহি ।
ঠেলা মাৰি দিলে দীয়াই শ্লোকক ।

...
সৰু মেগী ষ্টৰখনত গৈ দুই প্লেট মেগীৰ অৰ্ডাৰ দিলে  শ্লোকে । মেদামৰ প্লেটত মেগী মছলা বেছিকৈ দিবা ...

সিদিনা খন  গ্ৰীণ ভেলীত দীয়াই মাত্ৰ কৈছিল ...মেগীত মছলা বেছি হলে ভাল পাওঁ মই ,আজি সেইখিনি মনত ৰাখি অৰ্ডাৰও দিলে ।

এই সৰু সৰু মৰম, কেয়াৰ বোৰ তাই  প্ৰায় পাহৰি পেলাইছিল । আচলতে পাহৰা নহয়...আশা কৰি কৰি শেষত নোহোৱা হৈ গৈছিল ।

তাই শ্লোকৰ পিনে চালে ...ফটো গ্ৰাফীত ব্যস্ত ।

কিয় তাইৰ তাৰ লগত সময় অতিবাহিত কৰি ভাল লগা হৈছে...তাই বিচৰা ধৰণে সময় দিয়াৰ বাবে নে....তাই বিচৰা ধৰণে চিমলাৰ বুকুত জীৱনতো জীয়াই উঠাত সহায় কৰাৰ বাবে ।

..ভাল লগা খিনি ..ভাল লগাত সীমাবদ্ধ ৰাখিব লাগিব তাই । তাই বিবাহিতা ....বুজি উঠিও তাই মুহূৰ্তৰ বাবে অবুজন হৈ কিয় পৰে ।

কিয় যোৱাকালি শ্লোকক নেদেখি অশান্তি পাইছিল,কিয় আজি শ্লোকৰ হাত খন ধৰোতে এক আচৰিত নিৰাপত্তা অনুভৱ কৰিছিল ।

"হেয়" মাজে মাজে কোনখন জগতলৈ গুচি যায় দীয়া জী "
মেগীৰ প্লেট খন আগবঢ়াই দিলে শ্লোকে ।

" চিমলাত আৰু কেইদিন থাকিব?"

"থাকিব নহয়,থাকিবা,তুমি বুলি কবা"
"নাজানো , এওঁ আহিব, তাৰ পিছত গুচি যাম"
"ৱাও...মোক ইনভাইট নকৰা তেওঁ আহিলে ,ফৰ ডিনাৰ?"

"কিয় নকৰিম"
"নাই মই নাযাওঁ"
"কিয়"
"চাৰে মোক ডবলা পিটনি দিব,মোৰ ধুনীয়া ৱাইফৰ লগত চেনী খাই থকা বুলি" সজোৰে হাঁহি উঠিল সি ।
"এক নাম্বাৰ পাগল হোৱা তুমি"
"ঠেংক ইউ ,মই জানো মানে"

"চোৱা, তোমাৰ ফটো বোৰ,ফেচবুকত আপলোড দিব পৰা কৈ তুলিছোঁ,কিন্ত পাৰ্মিছন নোলোৱাকৈ তুলিছোঁ,চৰি ফৰ দেট ।"কান এখনত ধৰি কলে সি ।

দীয়াই গম নোপোৱাকৈ তাইৰ ফটো তুলিছে শ্লোকে । তাইয়ে নে এইজনী...ইমান ধুনীয়া ফটো বোৰ  ।  যেন বহু বছৰৰ আগৰ দীয়া জনী ফটো বোৰত জীৱন্ত হৈ উঠিছে ।

"ফটো বোৰ বহুত ধুনীয়া হৈছে".
"ফটো বোৰ নহয়, ফটো বোৰত তুমি ধুনীয়া হৈছা "
....

লাহে লাহে আগবাঢ়িল গাড়ী । খুব ভাল ড্ৰাইভ কৰে শ্লোকে । মোবাইল নেটৱৰ্ক আহিল ।
দেৱৰ মেছেজ এটা ব্লিংক হল ।

" চৰি দীয়া,পৰহি মই আহিব নোৱাৰিম,তোমাৰ জন্মদিনত,আৰ্জেন্ট কাম এটা আছে ,চৰি ,তুমি নিজে আহি যাবা চিমলাৰ পৰা ,টকাৰ দৰকাৰ হৈছে যদি কবা । "

দিলিট কৰি দিলে মেছেজ তো দীয়াই । ভাল লাগি থকা মনতো বেয়া লাগি গল তাইৰ । কিহবাই উজাই ধৰিলে বুকুত । সদায় তুচ্ছতাৰ তুলাচনীত মোৰ ভালপোৱাক কিয় জোখা দেৱ ...

"দীয়া, যদি গাটো বেয়া লাগিছে মূৰ তো পেলাই দিয়া"

দীয়াই মূৰ তো  শ্লোকৰ কান্ধত পেলাই দিলে ,সজোৰে কান্দি উঠিল শ্লোকক ধৰি ।

শ্লোকে মাথোঁ তাইৰ মূৰত হাত ফুৰালে .."কান্দি লোৱা দীয়া, হেঁপাহ পলুৱাই কান্দি লোৱা ,সকলো সময়ত সুখী হোৱাৰ অভিনয়ে মানুহক দুখী বেছি কৈ কৰে" ।


গাড়ীত গান বাজি ৰল ...


मैंने दिल से कहा
ढून्ढ लाना खुशी
नासमझ लाया ग़म
तो यह ग़म ही सही......

***************

No comments:

Post a Comment