বহুত সময় বিচনাতে পৰি ৰল দীয়া । কিহে পাইছিল তাইক যাব , কি হে পাইছিল নো ....
ইমান দুৰ্বল হৈ কিয় ধৰা দিলে তাই ...কিয় ?
চকু পানী বোৰে মাত্ৰ নিজক দুৰ্বল নকৰে..সকলোৰে সমুখত দুৰ্বল
বুলি প্ৰমানিত কৰে আৰু এই দুৰ্বলতাৰ সুযোগ সকলোৱে লয় । সহজতে মন পঢ়ি লব পৰা শ্লোকে চাগে তাইৰ শূন্যতা খিনি বুজি গল ...
থাকক তাইৰ কান্দোন বোৰ তাইৰ নিজা হয়। ডাবুল বেড খনৰ গাৰু টোৱে অকল সাক্ষী হওক তাইৰ চকু পানীৰ । সেইবাবেই চাগেই কোৱা হয় ,চকু পানীৰ যদি ৰঙ থাকিল হেতেন প্ৰতিটো গাৰুৰ ৰঙ বোৰ সলনি হল হেতেন ।
ৰাস্তাত তাইক খুন্দা মাৰি যোৱা লৰাটোৰ কলাৰত ধৰি ঘুচিয়াই মুখ ভাঙি দিয়া দেৱক সেইদিনা তাই বুজাব লগা হৈছিল । তাইৰ ৎমুখত হাত দি কৈছিল "তোমাক মোৰ বাহিৰে কোনেও ঘূৰি চোৱাও পছন্দ নকৰো দীয়া"
সেই দেৱে চহৰৰ অভিজাত নিশাৰ পাৰ্টিত অইন নাৰীৰ নগ্ন কঁকালত হাত দি বল ডেন্স কৰা দেখি তাই কান্দিছিল ।
"আচৰিত দীয়া, আচৰিত ,ইমান ঠেক মানসিকতা তোমাৰ "
তাই মাত্ৰ কান্দিছিল ...দেৱ মইও নোৱাৰো তোমাক অইনৰ বাহুবন্ধনত চাব ।
"Stop It , তোমালোক মাইকী বোৰে চকু পানীৰ বেহা কৰিব জানা মাত্ৰ"
চকু পানীৰ বেহা????
চকু পানীৰ বেহা কৰিব পাৰি জানো ? গ্লিচাৰিন লগাই কন্দা আৰু অন্তৰত আঘাত পাই কন্দা চকু পানীৰ তফাৎ যদি যাৰ বাবে বোৱাইছা যদি তেওঁ বুজি নাপায় ..তেন্তে মূল্যহীন হৈ পৰে সেই চকুপানী ।
গতিকে শুকুৱাই পেলাইছিল তাই নিজৰ চকু পানীবোৰ ।
.মোবাইলত দেৱৰ ৰিং ,কিয় জানো উঠাব মন নগল তাইৰ ।
সম্পৰ্কবোৰত অভিযোগ ,আক্ষেপ বোৰ ক্ষন্তেকীয়া হয়....অভিমান বোৰো সময়ত ফুটুকাৰ ফেন হয় ...
কিন্ত আঘাত বোৰ চিৰ দিন ৰৈ যায়... কেতিয়াবা বিৰক্তিৰ ৰূপত !!!!!
.....
যাওঁ নাযাওঁ কৈ দীয়া বাহিৰ ওলালে । স্কোৰ্ফ খন মুখত বান্ধি ললে । কিহৰ পৰা পলাইছে তাই নিজেই নাজানে ।
দোকান বোৰ, ভীৰ বোৰ তাই সাৱধানে চাই গল ,কৰবাত শ্লোক যেন সমুখত নাহে । তাই সচাকৈ শ্লোকক লগ নোপোৱাতো বিচাৰিছে নে?
অলপ দূৰত বনফায়াৰ, কোনোবাৰ গান...তাই লাহে ধীৰে গল ওচৰলৈ । না....শ্লোক নহয় ।
অলপ মনতো বেয়া লাগি গল তাইৰ...
কি হৈছে তাইৰ..সেই দুদিনীয়া চিনাকীৰ লৰাটোক তাই নিবিচাৰোঁ ,নাচাও বুলিও বিচাৰি ফুৰিছে কিয় ? আকৌ নিজৰ ওপৰত খং উঠিল তাইৰ ।
ৰাস্তাৰ কাষৰ বেঞ্চ এখনত বহি পৰিল তাই । লাহে লাহে স্ন ফল হোৱা আৰম্ভ হৈছে । ঠাইখিনি নিৰ্জন ।
হঠাৎ তাই থিয় দিলে...
চকু দুটা মুদি হাত দুখন মেলি দিলে..
মুখত পৰা কোমল বৰফৰ টুকুৰা বোৰ ..
আঃহ...
"হেয় দীয়া মেম"
" শ্লোক তুমি?"
"বহু ৰাতি হৈছে মেম, আপোনাক আপোনাৰ হোটেল লৈ আগবঢ়াই দিওঁ ,মদ খাই ঘূৰি ফুৰা টুৰিষ্টৰো ইয়াত আকাল নাই "
"না না মই নিজে যাম"
"কিয়, মই খাই পেলাম নেকি আপোনাক" আকৌ হাঁহি ।
"কি মানুহ হে তুমি?"
"অসমীয়া মানুহ "
এইবাৰ দীয়াৰ হাঁহি উঠিল ।
"মই হোটেল নহয়, কটেজ এটাত আছোঁ ওচৰতে"
দুয়ো খোজ কাঢ়ি আহিল ,অনর্গল কথা শ্লোকৰ ...ৰাজমা ৰ পৰা পছন্দৰ ৱাইনৰ বটল লৈ..দীয়াই শুনি থাকিল ।
"its a beautiful cottage"
"উম, মোৰ হাবীৰ জন্মদিনৰ গিফ্ট"
"খুব ভাল পাই চাগে আপোনাক"
"শ্লোক ..কালি কৰবাত যাওঁ বলা ,ধুনীয়া ঠাই এখনলৈ ,ধুনীয়া ঠাই এখনত ধুনীয়া দিন এটা "
"অকে মেম ,চি ইউ"
"ৰবা, আজিৰ পৰা দীয়া বুলিবা মোক"
ধুনীয়া কৈ হাঁহি এটা মাৰিলে শ্লোক য়ে...বাই দীয়া ।
********************
No comments:
Post a Comment